কোকৰাঝাৰঃ ভয়াৱহ নিবনুৱা সমস্যাই কোঙা কৰা যুৱক যুৱতীসকলে বিজ্ঞানসন্মতভাৱে পোহনীয়া জীৱ জন্তুৰ পালন কৰি স্বাৱলম্বনৰ বাট মোকলাব পাৰে।বৈজ্ঞানিকভাৱে গাহৰি, হাঁহ, কুকুৰা, ছাগলী পালন কৰি নিবনুৱা সমস্যা সমাধান হোৱাৰ লগতে আৰ্থিক স্বাৱলম্বীতাও লাভ কৰিব পাৰি। এই মন্তব্য মাইনাউ এগ্ৰো প্ৰডিউচাৰৰ্চ কো-অপাৰেটিভ ছচাইটি লিমিটেডৰ অধ্যক্ষ টেঙাৰু বসুমতাৰীৰ।
নিবনুৱাসকলক স্বাৱলম্বীতাৰ পথ দেখুওৱাৰ উদ্দেশ্যে “মাইনাউ এগ্ৰো প্ৰডিউচাৰৰ্চ কো-অপাৰেটিভ ছচাইটি লিমিটেড”ৰ উদ্যোগত কোকৰাঝাৰত আয়োজিত পোহনীয়া জীৱ জন্তু পালন প্ৰশিক্ষণ শিবিৰৰ শনিবাৰে সামৰণি পৰে৷