57
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ চপিয়ান জিলাৰ মীৰ ইদ্ৰীছ নামৰ জোৱান এজনে উগ্ৰবাদী সংগঠন হিজবুল মুজাহিদ্দীনত যোগদান কৰাৰ খবৰ পোৱা গৈছে। জম্মু-কাশ্মীৰ লাইট ইনফেণ্ট্ৰীৰ ১২ নং বেটেলিয়নৰ চিপাহীজন চাফনগৰী গাঁওস্থিত বাসগৃহৰ পৰা শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল।
সোমবাৰে হাতত ৰাইফল লৈ থকা ইদ্ৰীছৰ ফটো এখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ফটোখনৰ লগত থকা বৰ্ণনা মতে তেওঁ ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠনটোত যোগদান কৰিছে।