newsnextone.com | তেজপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া আতংকই বিৰাজ কৰিছে আন এক ৰূপেৰে। ৰাজ্যৰ বাহিৰৰ পৰা অহা চোৰ-ডকাইটি, ঠগ-প্ৰৱঞ্চকৰ ইৰাণী নামৰ এটা গ্ৰুপে এতিয়া দিন দুপৰতে সাধাৰণ নাগৰিকৰ হাতৰ পৰা ধনৰ বেগ কাঢ়ি নি আতংক চলোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ কেইবাটাও অঞ্চলত এতিয়া সক্ৰিয় হৈ পৰিছে ইৰাণী গ্ৰুপৰ সু-প্ৰশিক্ষিত সদস্য।
শেহতীয়াকৈ এইবাৰ ইৰাণী গ্ৰুপৰ আতংক নামিছে শোণিতপুৰ জিলাতো। শোনিতপুৰ জিলাৰ বালিপৰাত শুকুৰবাৰে নাগৰিকৰ হাতৰ পৰা টকাৰ বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰি আটক হয় এজন ইৰাণেী গ্ৰুপৰ সদস্য। টকা লুট কৰিব লওতেই অাটক ইৰাণী গ্ৰুপৰ এজন সদস্য।