গুৱাহাটীঃ কৰ ফাঁকিৰ গোচৰত চিবিআইৰ জালত পৰা ৪ বিষয়াক মঙলবাৰে চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰে চিবিআইয়ে৷ কৰ আয়ুক্ত শ্বেটাভ চুমন, কৰ বিষয়া প্ৰতাপ দাস, প্ৰাঞ্জল শৰ্মা, চিএ ৰমেশ গয়িংকাক মঙলবাৰে চিবিআইয়ে আদালতত হাজিৰ কৰি ৫ দিনৰ জিম্মাত বিচাৰিছিল যদিও চিবিআইক তিনিদিনৰ জিম্মাত দিয়ে আদালতে৷ কৰিলে আদালতত। চিবিআইয়ে ৫ জনক গ্ৰেপ্তাৰ কৰে যদিও ৪জনক হে আদালতত হাজিৰ কৰে৷ অহা ২০ এপ্ৰিলত পুনৰ শুনানি অনুষ্ঠিত হ’ব গোচৰৰ৷

 

যোৰহাটৰ ব্যৱসায়ী সুৰেশ আগৰৱালাই প্ৰায় তিনি কোটি টকা কৰ ফাঁকি দিয়াৰ ঘটনা পোহৰলৈ আহিছিল৷ তাৰ পিছতে গুৱাহাটীস্থ কৰ কাৰ্যালয়ৰ অডিত আয়ুক্ত শ্বেটাভ চুমনে ৫০ লাখ টকাৰ বিনিময়ত ব্যৱসায়ী সুৰেশ আগৰৱালাক ৰেহাই দিব বিচাৰিছিল৷ চিএ ৰমেশ গয়িংকা আৰু পুত্ৰ অমিত গয়িংকাৰ মধ্যস্থতাত তাৰ পাছতে ৪০ লাখ টকাত থিক কৰিছিল সমগ্ৰ খেল৷  

শ্বেটাভ চুমনে যোৰহাটৰ ব্যৱসায়ীৰ পৰা দিল্লীত লব লগা আছিল এই ধন৷ সকলো পৰিকল্পনা মতেই হৈছিল যদিও দিল্লীত হঠাৎ চিবিআইয়ে এখন গাড়ীৰ ভিতৰত জালত পেলাইছিল শ্বেটাভ চুমন সহ আন আন কেইজনক৷ ১২ এপ্ৰলিত শ্বিলং, যোৰহাট দিল্লী, গুৱাহাটীত চলিছিল চিবিআইৰ অভিযান৷

ৰাজ্যত একাংশ লোকে কৰ ফাঁকি দিয়াৰ ঘটনা নতুন কথা নহয়৷ দেশ তথা ৰাজ্যৰ প্ৰগতিৰ স্বাৰ্থত ৰাজকোষ টনকীয়াল কৰিবলৈ জনগণৰ পৰা ৰাজহ লোৱ হয় সৰ্বপ্ৰকাৰৰ লোকৰ পৰা৷ দেশৰ উন্নয়ন, সুৰক্ষা, দৰিদ্ৰতা নিবাৰণৰ বাবে এই টকা চৰকাৰে ব্যৱহাৰ কৰে৷ 

কিন্তু একাংশ লোকে নিজৰ উন্নয়ন কৰিবলৈহে কৰৰ ধন অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হয় সময়ে সময়ে৷ পুঁজিপতিৰ পৰা আৰম্ভ কৰি সকলো লোকে কম-বেছি পৰিমাণে কৰ দি আহিছে৷ দেশ তথা ৰাজ্যৰ বাবে প্ৰয়োজন জনসাধৰণে চৰকাৰক দিয়া কৰ৷ কিন্তু ফাঁকি যেতিয়া খোদ চৰকাৰৰ ভিতৰৰ লোকেই দিয়ে তিতিয়া ঘটনা আৰু চিন্তনীয় হৈ পৰে৷ 

ৰাজ্যত বৃহত্‍ কৰ ফাঁকি কেলেংকাৰীৰ সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ অহাত আৰু কেইবাজনো কৰ বিষয়া চিবিআইৰ জালত পৰাত ৰাজ্যত চাঞ্চল্য অব্যাহত আছে৷ ১২ এপ্ৰলিত চিবিআইয়ে অভিযান চলাই আয়কৰ আয়ুক্ত শ্বেটভ চুমন, বিষয়া প্ৰতাপ দাস, প্ৰাঞ্জল শৰ্মা চিএ ৰমেশ গয়িংকা পুত্ৰ অমিত গয়িংকাক গ্ৰেপ্তাৰ কৰে৷

কৰ ফাঁকিৰে দীৰ্ঘ সময়ৰ পৰা কেইবা কোটি  টকালুটিছিল বুলি আয়কৰ আয়ুক্ত শ্বেটভ চুমন, বিষয়া প্ৰতাপ দাস, চিএ ৰমেশ গয়িংকা, অমিত গয়িংকাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে৷

গুৱাহাটীৰ আয়কৰ ভৱনত কৰ্তব্যৰত আয়ুক্ত শ্বেটভ চুমন, বিষয়া প্ৰাঞ্জল শৰ্মা, প্ৰতাপ দাস, চিএ ৰমেশ গয়িংকা৷ ৰমেশ গয়িংকা, অমিত গয়িংকা পিতা-পুত্ৰ হোৱাৰ লগতে তেওলোকৰ মহানগৰীৰ বিষ্ণুপুৰৰ গৃহত চিবিআইয়ে অভিযান চলাই কৰ ফাঁকি দি বহু টকা ঘটাৰ তথ্য পোহৰলৈ আনিছিল বুলি খবৰ প্ৰকাশ পায়৷ সোমবাৰে তেওঁলোকক গুৱাহাটীলৈ আনিছিল চিবিআইয়ে আৰু মঙলবাৰে আদালতত হাজিৰ কৰে৷ ভাৰতীয় কৰ সেৱাৰ বিষয়া শ্বেটাভ চুমন৷