গুৱাহাটীঃ শিল্পী আৰু শিল্পৰ স্বাধীনতা শাসকীয় পক্ষৰ চক্ৰান্তৰ বিৰুদ্ধে জনসাধাৰণৰ পক্ষত থিয় হৈহে যে হাচিল কৰিব পাৰি সেই উদ্দেশ্য আগত ৰাখি কাইলৈ বিয়লি আৰ্ট এগেইনষ্ট হেটশীৰ্ষক এক সমাৱেশত দীঘলী পুখুৰী পাৰত সমবেত হ’ব ৰাজ্যৰ সচেতন শিল্পী, সাহিত্যিক, শিক্ষাৰ্থী আৰু নাগৰিক সমাজ। য়ুথ ফৰ ইউনিটি এণ্ড ভলণতাৰি এক্সন (য়ুভা), অঙ্গ আৰ্ট কালেক্টিভ ,আৱৰ্তন, গুৱাহাটী লিটাৰেৰী ফেক্টৰি আৰু উকিৰ উদ্যোগত কাইলৈ বিয়লি ৪ বজাত অনুষ্ঠিতব্য আৰ্ট এগেইনষ্ট হেট কৰ্যসূচীলৈ প্ৰতিজন সচেতন নাগৰিককে আমন্ত্ৰণ জনাইছে সংগঠনকেইটাই।
এক যুটীয়া বিবৃতিত সংগঠন কেইটাই ৰাইজলৈ আহ্বান জনাই কয়- “জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমধানত আজি চৰকাৰী যন্ত্ৰৰ ব্যৰ্থতা চকুত পৰাকৈ শোচনীয় হৈ পৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত শাসকীয় পক্ষই এক সংখ্যাগৰিষ্ঠতাবাদী সাম্প্ৰদায়িক মতাদৰ্শক সামাজিক কামৰ নিয়ন্ত্ৰণৰ আহিলা কৰি তুলিছে। বিভিন্ন সাংস্কৃতিক প্ৰকল্প, গণমাধ্যম আদিৰ দ্বাৰা এনে মতাদৰ্শক এনেদৰে বৈধতা দিয়া হৈছে যে দেশৰ বিভিন্ন প্ৰান্তত গণনিগ্ৰহৰ দৰে ঘটনা সুলভ হৈ পৰিছে।”