গুৱাহাটীঃ শিল্পী আৰু শিল্পৰ স্বাধীনতা শাসকীয় পক্ষৰ চক্ৰান্তৰ বিৰুদ্ধে জনসাধাৰণৰ পক্ষত থিয় হৈহে যে হাচিল কৰিব পাৰি সেই উদ্দেশ্য আগত ৰাখি কাইলৈ বিয়লি আৰ্ট এগেইনষ্ট হেটশীৰ্ষক এক সমাৱেশত দীঘলী পুখুৰী পাৰত সমবেত হ’ব ৰাজ্যৰ সচেতন শিল্পী, সাহিত্যিক, শিক্ষাৰ্থী আৰু নাগৰিক সমাজ। য়ুথ ফৰ ইউনিটি এণ্ড ভলণতাৰি এক্সন (য়ুভা), অঙ্গ আৰ্ট কালেক্টিভ ,আৱৰ্তন, গুৱাহাটী লিটাৰেৰী ফেক্টৰি আৰু উকিৰ উদ্যোগত কাইলৈ বিয়লি ৪ বজাত অনুষ্ঠিতব্য আৰ্ট এগেইনষ্ট হেট  কৰ্যসূচীলৈ প্ৰতিজন সচেতন নাগৰিককে আমন্ত্ৰণ জনাইছে সংগঠনকেইটাই।

এক যুটীয়া বিবৃতিত সংগঠন কেইটাই ৰাইজলৈ আহ্বান জনাই কয়- “জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমধানত আজি চৰকাৰী যন্ত্ৰৰ ব্যৰ্থতা চকুত পৰাকৈ শোচনীয় হৈ পৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত শাসকীয় পক্ষই এক সংখ্যাগৰিষ্ঠতাবাদী সাম্প্ৰদায়িক মতাদৰ্শক সামাজিক কামৰ নিয়ন্ত্ৰণৰ আহিলা কৰি তুলিছে। বিভিন্ন সাংস্কৃতিক প্ৰকল্প, গণমাধ্যম আদিৰ দ্বাৰা এনে মতাদৰ্শক এনেদৰে বৈধতা দিয়া হৈছে যে দেশৰ বিভিন্ন প্ৰান্তত গণনিগ্ৰহৰ দৰে ঘটনা সুলভ হৈ পৰিছে।”

বিবৃতিত উল্লেখ যে, “সংখ্যাগৰিষ্ঠতাবাদী, সাম্প্ৰদায়িক পৰিৱেশত ধৰ্মীয়, ভাষিক সংখ্যালঘু, দলিত, ট্ৰান্সজেণ্ডাৰ আদি পৰিচয়ৰ লোক যিকোনো অচিলাতে নিগ্ৰহৰ সন্মুখীন হৈছে। অথচ এনে ঘটনাৰ বিৰুদ্ধে সোচ্চাৰ হোৱাৰ বিপৰীতে সংবাদ মাধ্যম, গণতান্ত্ৰিক চৰকাৰৰ মন্ত্ৰী-নেতা ব্যস্ত হৈ পৰিছে দেশৰ, সমাজৰ, নিৰ্দিষ্ট সম্প্ৰদায়ৰ খাদ্য-বস্ত্ৰ আদিৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰাত। এয়াই সাম্প্ৰদায়িকতাৰ যৌক্তিক গাঁথনি। এনে এক প্ৰেক্ষাপটত শিল্পীৰ স্বাধীনতাও সাম্প্ৰদায়িকতাৰ চৰ্তাধীন। শিল্পীৰ মুক্তিও আজি উদযাপিত হ’বলৈ লৈছে শাসকৰ বন্দনাত। ইয়াৰ বিপৰীতে আমি দাবী কৰিব খোজো যে, শিল্পী আৰু শিল্পৰ স্বাধীনতা শাসকীয় পক্ষৰ চক্ৰান্তৰ বিৰুদ্ধে জনসাধাৰণৰ পক্ষত থিয় হৈহে হাচিল কৰিব পাৰি ।”

বিবৃতিটোত কেউটা সংগঠনে আহ্বান জনাই কয়- “তাৰেই এক ক্ষুদ্ৰ পদক্ষেপ হিচাপে আমি ২২ জুলাই ২০১৭ শনিবাৰে সন্ধিয়া ৪ বজাত দীঘলীপুখুৰীৰ পাৰত আয়োজন কৰিব খুজিছোঁ শিল্পী সমাজৰ এক সমাৱেশ -আৰ্ট এগেইনষ্ট হেট । সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এক আৱাজেই এই অনুষ্ঠানৰ লক্ষ্য। সেইবাবে উক্তদিনা যথা সময়ত আমাৰ মাজত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ আহ্বান জনালোঁ।”