জালুকবাৰীঃ বাৰিষা নৌহওতেই কৃত্ৰিম বানত বুৰ গৈছে মহানগৰীৰ ভিন্ন অঞ্চল। ব্যতিক্ৰম নহ'ল জালুকবাৰীৰ সমীপৱৰ্তী গাড়ীগাঁও।

বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ ১নং ৱাৰ্ডৰ এই অঞ্চলটোৰ অধিকাংশ বাট-পথেই এতিয়া কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। বাট-পথৰ এনে দুৰৱস্থাই বাৰুকৈয়ে জীয়াতু ভোগাইছে অঞ্চলটোৰ ৰাইজক।

উল্লেখ্য যে বছৰৰ পিছত বছৰ ধৰি এনে সমস্যাৰে জৰ্জৰিত হৈ আহিছে গাড়ীগাঁৱৰ ৰাইজ। এজাক কিনকিনিয়া বৰষুণতে অঞ্চলটোত সৃষ্টি হয় কৃত্ৰিম বানৰ। কিয়নো বৰষুণৰ পানী ওলাই যাব পৰাকৈ নলা আছে যদিও সেই নলাসমূহ বিজ্ঞানসন্মত নহয়।

এনে আসোৱাহপূৰ্ণ নলা ব্যৱস্থাৰ বাবেই অঞ্চলটোৰ ৰাইজ পানীত ডুবিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈ আহিছে। উক্ত সমস্যাৰ কথা বহুবাৰ জনপ্ৰতিনিধি আৰু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও কোনো কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ।

স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতায়ো অঞ্চলটোলৈ মাহী আই দৃষ্টিৰে চোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।