61
জালুকবাৰীঃ বাৰিষা নৌহওতেই কৃত্ৰিম বানত বুৰ গৈছে মহানগৰীৰ ভিন্ন অঞ্চল। ব্যতিক্ৰম নহ’ল জালুকবাৰীৰ সমীপৱৰ্তী গাড়ীগাঁও।
বিগত তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ ১নং ৱাৰ্ডৰ এই অঞ্চলটোৰ অধিকাংশ বাট-পথেই এতিয়া কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। বাট-পথৰ এনে দুৰৱস্থাই বাৰুকৈয়ে জীয়াতু ভোগাইছে অঞ্চলটোৰ ৰাইজক।