105
ফিল’বাৰীঃ ফিল’বাৰী অঞ্চলৰ যুৱ উদ্যোগী, সাংবাদিক, চিত্ৰ শিল্পী, কবি কিৰণজ্যোতি হাজৰিকা (৩২)ৰ মৃতদেহ আজি নামনিমুৱা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছত উদ্ধাৰ হোৱাৰ খবৰ বিয়পি পৰাৰ পাছতে সমগ্ৰ ফিল’বাৰী অঞ্চলৰতে শোকৰ ছাঁ পৰিছে।
বৰ্তমান নগাঁও জিলাৰ চাপৰমুখ থানাত থকা কিৰণজ্যোতিৰ মৃতদেহটো ছমজি লবলৈ তেওঁৰ পৰিয়ালবৰ্গৰ লগতে ফিল’বাৰী অঞ্চলটোৰ বহুটো দল-সংগঠনৰ নেতৃবৃন্দ চাপৰমুখলৈ ৰাওনা হৈছে।