newsnextone.com | ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ গুহাত আৱদ্ধ ফুটবল দলক উদ্ধাৰৰ দ্বিতীয়টো অভিযানত পুনৰ সফলতা লাভ কৰিছে উদ্ধাৰকাৰী দলে৷ সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা মৰ্মান্তিক ঘটনাই ১৬ দিনত ভৰি দিলে৷ খেল পথাৰত প্ৰশিক্ষণৰ অন্তত ১১-১৬ বছৰৰ ১২গৰাকী কিশোৰ আৰু প্ৰশিক্ষকে গুহাৰ ভিতৰত সোমাই গুহা পৰিদৰ্শন কৰি থকাৰ সময়তে তীব্ৰ বৰষুণৰ বাবে গুহাত পানীৰে ভৰি পৰাত মধ্যম অংশত আৱদ্ধ হৈ পৰে৷
যোৱা ১৫ দিন ধৰি গুহাত ডুবাৰুৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷ সোমবাৰে পুৱাৰ প্ৰথম অভিযানত সোমাবাৰে পুৱাই ৫ কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পিছতে দ্বিতীয় অভিযান আৰম্ভ হয়৷ দ্বিতীয় অভিযানত পুনৰ তিনিজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷