ডিজিটেল ডেস্কঃ  জাকাৰ্টাৰ এছিয়ান গেমছৰ আজি দ্বিতীয় দিন। আজি অনুষ্ঠিত হব লগীয়া খেল কেইখনত ভাৰতৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

বৰ্তমানলৈকে পদকৰ তালিকাত ভাৰতে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ ৫টা পদক লাভ কৰি ৮ নম্বৰ স্থানত আছে। ৩৬টা পদক দখলেৰে শীৰ্ষ স্থানত আছে চীন। চীনে ১৫টা সোণ,১২টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।

ভাৰতৰ সৌৰভ চৌধুৰীয়ে ১০মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ইতিমধ্যে ফাইনেলত প্ৰবেশ কৰিছে।অন্যহাতে কাবাদীত ভাৰতীয় মহিলা দলে তৃতীয়খন মেচত শ্ৰীলংকাক ৩৮-১২ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে।

উল্লেখ্য যে এছিয়ান গেমছৰ দ্বিতীয় দিনত ভাৰতীয় পুৰুষৰ কাবাদী দলে সুদীৰ্ঘ ২৮ বছৰৰ অন্তত প্ৰথমবাৰৰ বাবে পৰাজয়বৰণ কৰে। তৃতীয় দিনা জিম্নাষ্টিকত দীপা কৰ্মকাৰৰ ওপৰত বিশেষভাৱে দৃষ্টি ৰাখিছে সমগ্ৰ ভাৰতীয় দৰ্শকে। আজি দুপৰীয়া ১বজাত হেণ্ডবলত উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ভাৰতীয় দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

হকীত কাজাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰতীয় মহিলা হকী দলে। কাবাদীত আবেলি ৪বজাত থাইলেণ্ডৰ বিৰুদ্ধে পুৰুষ কাবাদী দল, ১১বজাত ইণ্ডোনেছিয়াৰ বিৰুদ্ধে মহিলা কাবাদী দল অৱতীৰ্ণ হ’ব।