53
ডিজিটেল ডেস্কঃ জাকাৰ্টাৰ এছিয়ান গেমছৰ আজি দ্বিতীয় দিন। আজি অনুষ্ঠিত হব লগীয়া খেল কেইখনত ভাৰতৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
বৰ্তমানলৈকে পদকৰ তালিকাত ভাৰতে দুটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে মুঠ ৫টা পদক লাভ কৰি ৮ নম্বৰ স্থানত আছে। ৩৬টা পদক দখলেৰে শীৰ্ষ স্থানত আছে চীন। চীনে ১৫টা সোণ,১২টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে ।