গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক সমৰ্থন কৰিবলৈ গৈ নিজৰ সংগঠনৰে ৰোষত পৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে অসম সত্ৰ মহাসভাৰ নেতৃত্বৰ৷ সংগঠনৰ কাৰ্যনিৰ্বাহকৰ কোনো সিদ্ধান্ত নোলোৱাকৈ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহা সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছে ৰাইজ৷

এই কাৰ্যকলৈ উজনি-নামনিৰ ৰাইজ, দল-সংগঠন ক্ষোভিত হৈ পৰাৰ লগতে অসম সত্ৰ মহা সভাৰ কেইবা খনো জিলা সমিতি আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে এই কাৰ্যক কেতিয়াও সমৰ্থন নকৰো বুলি সভাপতি আৰু সম্পাদকক বহিস্কাৰ কৰাৰ দাবী জনাইছে অন্যথাই যিকোনো ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰাৰ সপক্ষে মতপোষণ কৰিছে একাংশ জিলা সমিতি আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে৷

ৰাইজৰ ওচৰত জবাবদিহী হ’ব লাগিব অসম সত্ৰ সভাৰ দুয়োজন নেতাই এই কথাকো একাংশ নেতৃত্বই প্ৰকাশ কৰিছে৷ ক্ষোভৰ জুইকুৰা যেন লাহে লাহে জ্বলিব ধৰিছে৷ অসমীয়া জাতিৰ অস্তিত্বক লৈ খেলা কৰা এই কাণ্ডই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে পশ্চিম নগাঁও জিলা সমিতি, গুৱাহাটী সমিতি, শোণিতপুৰ সমিতি আদিয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে৷ ইতিমধ্যে নেতৃত্ব সলনি কৰি নতুন সমিতি গঠনৰ আহ্বান জনাইছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকক৷ অন্যথাই নতুন সংগঠনৰ জন্মৰ হুংকাৰ দিছে একাংশ জিলা সমিতি আৰু কাৰ্যনিৰ্বাহকে।

অসম সত্ৰ সমহা সভাৰ সভাপতি আৰু প্ৰধান সম্পাদক বহিস্কাৰ নকৰিলে একাংশ জিলা সমিতি লগলাগি অন্য সমিতি গঠনৰো ভাবুকি প্ৰদান কৰে৷ ইতিমধ্যে অসম ,সত্ৰ মহাসভাৰ জ্যেষ্ঠ নেতা অপূৰ্ব অধিকাৰীয়ে সংগঠন এৰিছে৷ কেইবাখনো জিলা সমিতিয়ে এই কাণ্ডৰ বিৰুদ্ধে বিদ্ৰোহী হৈ পৰিছে৷ কোনো কাৰণতে অসম ধ্বংস কৰা কাণ্ডক মানি লোৱা নহ’ব বুলি কয়৷

সত্ৰ মহাসভা প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তক সংগঠনৰ পৰা বহিষ্কাৰ কৰাৰো দাবী উদ্ধাপন কৰে৷ তাৰ মাজতে সংগঠনৰ সকলো কথা স্পষ্ট কৰিবলৈ শনিবাৰে গুৱাহাটীত অনুষ্ঠিত কৰিছে বিশেষ কাৰ্যনিৰ্বাহক৷ গুৱাহাটী জিলা সমিতিৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত কেইবা খনো জিলা সমিতিয়ে কুসুম কুমাৰ মহন্তক সত্ৰ মহাসভাৰ পৰা বহিস্কাৰ কৰাৰ দাবী উত্থাপন কৰা বুলি জানিব পৰা গৈছে৷ 

কাৰ্যনিৰ্বাহকৰ আৰম্ভ হোৱাৰ পূৰ্বে কুসুম কুমাৰ মহন্তক তীব্ৰ সমালোচনা কৰি কলংক আখ্যা দিয়ে গুৱাহাটী সমিতিয়ে। আনহাতে নিষিদ্ধ ঘোষিত আলফা(স্বাঃ)ৰ সেনা প্ৰধান পৰেশ বৰুৱাই সংবাদ মাধ্যমৰ সৈতে কথা পাতি অসম সত্ৰ মহাসভাৰ এই কাণ্ডক তীব্ৰ গৰিহণা দিয়ে৷ সত্ৰ মহাসভাক অসমীয়াক ক্ষমা খোজাৰ লগতে সত্ৰ মহাসভা ধৰ্মৰ প্ৰচাৰক নহয় বুলি কৈ সত্ৰ মহাসভাই ৰাজনীতিত কিয় নামিছে বুলি প্ৰশ্ন উত্থাপন কৰে৷

উল্লেখ্য যে, অসমৰ অন্যতম জাতীয় সংগঠন অসম সত্ৰ মহাসভাৰ একাংশ নেতৃত্বই সৰ্বপ্ৰথম মুকলিকৈ অসমত বাংলাদেশী সংস্থাপনৰ হৈ ওকালতি কৰি বিতৰ্কত সোমাই পৰিছে৷ দিল্লীত অনুষ্ঠিত সংসদীয় যুটীয়া সমিতিৰ বৈঠকত অংশ লৈ সত্ৰ মহা সভাই অসমত হিন্দু বাংলাদেশী সংস্থাপনৰ সমৰ্থন কৰে৷ ইতিমধ্যে একাংশ বিতৰ্কিত সত্ৰাধিকাৰে এনে কাৰ্যক সমৰ্থন কৰা বুলি পূৰ্বৰ পৰাই ছচিয়েল মিডিয়াত প্ৰচাৰ হৈ আহিছিল৷ বিজেপি আৰু আৰএছএছক তোষামোদ কৰিব পাৰিলে নিজৰ সমস্ত হ’ব বুলি ধৰি জাতিৰ কথা পাহৰি গৈছে একাংশ লোকে৷

অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে যোৱা দুটা বছৰে গণ আন্দোলন অব্যাহত থকাৰ মাজতে অসমৰ সত্ৰ মহাসভাৰ এনে কাণ্ডই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ৰাজ পথত প্ৰতিকৃতি দাহ কৰে৷ আছু, টাই আহোম যুৱ পৰিষদ, অনুসূচীত জাতি যুৱ পৰিষদ, নাগৰিকত্ব আইন সংশোধনী মঞ্চ, চিপিআই, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আদি সংগঠনে সত্ৰ মহাসভাৰ একাংশ বিষয়-ববীয়াক ধিক্কাৰ দি এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷