গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তক সমৰ্থন কৰিবলৈ গৈ নিজৰ সংগঠনৰে ৰোষত পৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে অসম সত্ৰ মহাসভাৰ নেতৃত্বৰ৷ সংগঠনৰ কাৰ্যনিৰ্বাহকৰ কোনো সিদ্ধান্ত নোলোৱাকৈ অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহা সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছে ৰাইজ৷
এই কাৰ্যকলৈ উজনি-নামনিৰ ৰাইজ, দল-সংগঠন ক্ষোভিত হৈ পৰাৰ লগতে অসম সত্ৰ মহা সভাৰ কেইবা খনো জিলা সমিতি আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে এই কাৰ্যক কেতিয়াও সমৰ্থন নকৰো বুলি সভাপতি আৰু সম্পাদকক বহিস্কাৰ কৰাৰ দাবী জনাইছে অন্যথাই যিকোনো ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰাৰ সপক্ষে মতপোষণ কৰিছে একাংশ জিলা সমিতি আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে৷