ডিফু: প্ৰাগ নিউজে ২০১৬ চনৰ পৰা সমাজলৈ বিশেষ অৱদান আগবাঢ়োৱা মহিলা সকলক প্ৰাগ প্ৰেৰণা সন্মান আগবঢ়াই আহিছে ৷ ২০১৬ আৰু ২০১৭ চনত দেশৰ ২১গৰাকী মহিলাক নিউজ চেনেলটোৱে এই সন্মান আগবঢ়াইছিল ৷ তাৰ মাজত আছিল দেশৰ খ্যাতনামা শিল্পী ঊষা মংগেশকাৰ ৷ ২০১৮ চনত এই সন্মান দেশৰ ১৪ গৰাকী মহিলাক অৰ্পণ কৰা হৈছিল ৷
দেশৰ খ্যাতনামা শিল্পী ঊষা উথুপক ২০১৮ বৰ্ষত প্ৰদান কৰা হৈছিল বিশেষ সন্মান ৷ আজি প্ৰাগ নিউজ কতৃপক্ষই ঘোষণা কৰিছে ২০১৯ চনৰ প্ৰাগ প্ৰেৰণা সন্মান প্ৰাপক সকলৰ নাম ৷ প্ৰাগ নিউজৰ এই সৎ প্ৰচেষ্টাৰ বাবে দেশৰ কুকিলকন্ঠি গায়ীকা লতা মংগেশকাৰে চেনেলটোক ধন্যবাদ জ্ঞাপন কৰি এনে প্ৰচেষ্টাৰ বাবে প্ৰশংসা কৰে ৷