সোমবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। দিছপুৰৰ নৱনিৰ্মিত বিধানসভা ভৱনত ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ’ব বুলি ইতিমধ্যে স্পষ্ট কৰিছে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে সদনত আলোচনা চলিল ৰাজ্যত বিগত কিছুদিন ধৰি হৈ থকা প্ৰচণ্ড লোডশ্বেডিঙৰ বিষয়ে।
অধিৱেশনৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ কৰাটো ঐতিহাসিক ঘটনা হিচাপেও ৰাজনৈতিক বিশ্লেষকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। একেদৰে বাঘবৰ সমষ্টিৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে চৰকাৰে কৰ্তন কৰা তেওঁৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী ঘূৰাই বিচৰা বিষয়টোৱেও সংবাদ শিৰোনাম দখল কৰা দেখা গৈছে।
কিন্তু বিধানসভা বুলিলেই যেন এক ৰণাংগন বুলি অনুভৱ কৰে সাধাৰণ জনতাই। মন্ত্ৰী-বিধায়কৰ ডিঙি ফলা মাত, বিৰোধীৰ ৱাক-আউট আৰু অধ্যক্ষৰ সদন স্থগিতকৰণ প্ৰতিখন বিধানসভা অধিৱেশনৰ বাবে এক নৈমিত্তিক বিষয়। কিন্তু ইয়াৰ মাজতে সদনত উত্থাপিত হয় বহু বিধেয়ক। সাধাৰণ জনতাৰ বাবে কেতিয়াবা চৰকাৰে ভাল খবৰ আনে আৰু কেতিয়াবা দিয়ে বেয়া খবৰ। সমষ্টিৰ বিকাশৰ বাবে আলোচনাৰ এক কেন্দ্ৰস্বৰূপ এই বিধানসভাৰ মজিয়াত বহু বিষয়েই আলোচনা হয়, বহু বিষয় আলোচনা নোহোৱাকৈয়ে ৰৈ যায়। কিন্তু সাধাৰণ জনতাৰ ভাগ্য নিৰ্ণয় কৰা কি এই বিধানসভা?
বিধানসভাৰ অধিৱেশন হৈছে এনে এটা সময় য'ত ৰাজ্যৰ বিধানসভাই আইন প্ৰণয়ন, বাজেট আৰু তদাৰকীৰ আলোচনা কৰিবলৈ বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে ৰাজ্যৰ ৰাজ্যপালৰ আহ্বানত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হয়। বিধানসভাৰ অধিৱেশনৰ সভাপতিত্ব কৰে অধ্যক্ষই, যাক বিধানসভাৰ সদস্যসকলে নিজৰ মাজৰ পৰা নিৰ্বাচন কৰে। বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী।
বিধানসভাৰ অধিৱেশনৰ নিয়ম কি?
বিধানসভাৰ অধিৱেশনৰ নিয়মসমূহ ভাৰতৰ সংবিধান, ৰাজ্যৰ সংবিধান, আৰু বিধানসভাৰ কাৰ্য্যবিধি আৰু আলোচনা পৰিচালনাৰ নিয়মত নিৰ্ধাৰণ কৰা হয়। বিধানসভা অধিৱেশনৰ কেইটামান বিশেষ নিয়ম হৈছে- বিধানসভাৰ দুখন অধিৱেশনৰ মাজৰ ব্যৱধান ছমাহতকৈ বেছি হ’ব নোৱাৰে, অৰ্থাৎ বছৰত কমেও দুবাৰকৈ বিধানসভাৰ বৈঠক হ’ব লাগিব। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ অনুমোদনৰ ভিত্তিত অধ্যক্ষই বিধানসভাৰ কাৰ্যসূচী আৰু আলোচনা ক্ৰম নিৰ্ধাৰণ কৰে।
ইয়াৰোপৰি সদনত শৃংখলা আৰু অনুশাসন বজাই ৰখাৰ দায়িত্ব থাকে অধ্যক্ষৰ হাতত। কোনো সদস্যই অনুশাসন ভংগ কৰিলে বা অশান্ত আচৰণ কৰিছে বিশেষাধিকাৰ ভংগৰ বাবে তেওঁক সদনৰ পৰা বহিষ্কাৰ বা নিলম্বন কৰাৰ অধিকাৰ থাকে অধ্যক্ষৰ হাতত। বিধানসভাত যিকোনো বিষয়ত ভোটদানৰ ক্ষেত্ৰত টাই হ’লে অধ্যক্ষৰ কাষ্টিং ভোট কৰাৰ অধিকাৰো থাকে।
অধ্যক্ষই বিল এখন ধনৰ বিল হয় নে নহয় সেইটো সিদ্ধান্ত লয়, আৰু সেই অনুসৰি প্ৰমাণ কৰে। অধ্যক্ষই সংসদীয় কাৰ্য্যবিধিৰ বিভিন্ন কাৰ্যকলাপ- যেনে প্ৰশ্ন ঘন্টা, শূন্য ঘন্টা, স্থগিত ৰখা প্ৰস্তাৱ, মনোযোগ আহ্বান কৰা প্ৰস্তাৱ, বিশেষাধিকাৰ প্ৰস্তাৱ, অনাস্থা প্ৰস্তাৱ ইত্যাদিৰ বাবে অনুমতি দিব পাৰে। ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি বিধানসভা স্থগিত বা বাতিল কৰাৰো অধিকাৰ থাকে অধ্যক্ষৰ হাতত।
বিধানসভাৰ অধিৱেশন কেনেকৈ পিছুৱাব পাৰি? সদন স্থগিত ৰখাৰ কাৰণ কি?
যদি বিধানসভাৰ অধিৱেশন পিছুৱাবলৈ কোনো বৈধ কাৰণ থাকে, তেন্তে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে সেয়া কৰিব পাৰে অধ্যক্ষই। বিশেষকৈ ৰাজ্যত সংঘটিত প্ৰাকৃতিক দুৰ্যোগ বা জৰুৰীকালীন অৱস্থা, সাংবিধানিক সংকট বা ৰাজনৈতিক অস্থিৰতা, অধিৱেশনৰ তাৰিখৰ সৈতে একেলগে পৰা ৰাষ্ট্ৰীয় অনুষ্ঠান বা উৎসৱ, বিধানসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ পৰা স্থগিত ৰখাৰ অনুৰোধ আদি কাৰণত স্থগিত ৰখা হ’ব পাৰে বিধানসভাৰ অধিৱেশন। অৱশ্যে বিধানসভাৰ অধিৱেশন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিব নোৱাৰি। কিয়নো ইয়াৰ ফলত বছৰত কমেও দুবাৰকৈ বৈঠক হোৱাৰ সাংবিধানিক প্ৰয়োজনীয়তা উলংঘা হ’ব।
অসম বিধানসভাত আন বিধানসভাৰ দৰে অধ্যক্ষই কৰ্তৃত্বৰ পদত অধিষ্ঠিত হয় আৰু সদনৰ কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাও তেওঁৰ হাতত থাকে। অধ্যক্ষৰ অন্যতম বিশেষাধিকাৰ হ’ল সদন স্থগিত ৰখাৰ ক্ষমতা। বিভিন্ন পৰিস্থিতিত অধ্যক্ষই সদন স্থগিত ৰাখিব পাৰে। উদাহৰণস্বৰূপে, যেতিয়া দিনটোৰ নিৰ্ধাৰিত কাৰ্যসূচী সম্পূৰ্ণ হ’ব, তেতিয়া অধ্যক্ষই সদন পৰৱৰ্তী বৈঠকলৈকে স্থগিত ৰাখিব পাৰে। ইয়াৰ উপৰিও যিবোৰ ক্ষেত্ৰত কোৰামৰ অভাৱ হয় (যিটো বিধানসভাৰ সভা অনুষ্ঠিত কৰিবলৈ প্ৰয়োজনীয় নূন্যতম সদস্যৰ সংখ্যা), বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো অধ্যক্ষৰ সদন দিনটোৰ বাবে স্থগিত ৰখাৰ কৰ্তৃত্ব থাকে।
নিয়মীয়া স্থগিতাদেশৰ বাহিৰেও অধ্যক্ষই ব্যতিক্ৰমী পৰিস্থিতিতো এই ক্ষমতা ব্যৱহাৰ কৰি সদনৰ সুচাৰুৰূপে কাম-কাজ নিশ্চিত কৰিব পাৰে। যি পৰিস্থিতিত বিধানসভাত ভয়াৱহ বিশৃংখলতাৰ সৃষ্টি হয় আৰু স্বাভাৱিক কাম-কাজ ব্যাহত হয়, তেনে পৰিস্থিতিত অধ্যক্ষই নিৰ্দিষ্ট সময়ৰ বাবে বা আনকি দিনটোৰ বাবেও সদন স্থগিত ৰাখিব পাৰে। শৃংখলা পুনৰুদ্ধাৰ কৰিবলৈ, সদস্যসকলক শান্ত হ’বলৈ সময় দিবলৈ, আৰু আলোচনা যাতে শান্ত আৰু গঠনমূলক পৰিৱেশত হয় তাৰ বাবে এনেদৰে সদন স্থগিত ৰাখিব পাৰে অধ্যক্ষই। এনে বিষয়ত অধ্যক্ষৰ বিবেচনাধীনতা বিধানসভাৰ মৰ্যাদা আৰু শিষ্টাচাৰ বজাই ৰখাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।
প্ৰথম দিনটোতে সভা স্থগিতৰ প্ৰস্তাৱ গ্ৰহণ
নতুন বিধানসভা ভৱনত অনুষ্ঠিত হোৱা প্ৰথমখন অধিৱেশন একপ্ৰকাৰ ঐতিহাসিক অধিৱেশন হৈ পৰাৰ দিশে অগ্ৰসৰ হৈছে। কিয়নো আজি অধিৱেশনৰ প্ৰথম দিনটোতেই চৰকাৰে বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ কৰে।
অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলীৰ নিয়ম ৫৬ নং বিধি অনুসৰি 'ব্যাপক হাৰত বিদ্যুৎ কর্তন, লোড শ্বেডিং আৰু অত্যাধিক বিদ্যুৎ মাচুলে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্রা ব্যাহত কৰিছে’ সেই সন্দৰ্ভত সোমবাৰে সদনৰ সকলো কাৰ্যসূচী স্থগিত ৰাখি আলোচনাৰ দিহা কৰিবলৈ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, বিৰোধী বিধায়ক অখিল গগৈয়ে আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰে সভা স্থগিতৰ প্ৰস্তাৱ আগবঢ়ায়।
লগতে বিধায়ক আমিনুল ইছলামে মঙলদৈৰ ঘটনা আৰু বিধায়ক শ্বেৰমান আলীয়ে বহৰিৰ ঘটনা সন্দৰ্ভত সভা স্থগিত ৰখাৰ প্ৰস্তাৱ আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিবলৈ সাজু বুলি কোৱাৰ পিছতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সভা স্থগিতৰ প্ৰস্তাৱত অনুমোদন জনায়।
সভা স্থগিত প্ৰস্তাৱ গ্ৰহণৰ আঁৰৰ কাৰণ কি?
সদন স্থগিত আৰু সদস্যৰ দ্বাৰা সভা স্থগিতৰ প্ৰস্তাৱ বহুতে একে বুলি ভাৱে। কিন্তু লক্ষণীয় কথাটো হ’ল সভা স্থগিত প্ৰস্তাৱ হৈছে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাৰ এক মাধ্যম, যাৰ জৰিয়তে কোনো এক হঠাতে উৎপত্তি হোৱা আৰু ৰাজহুৱা স্বাৰ্থ জড়িত বিষয়ৰ ওপৰত বিধানসভাত আলোচনা কৰিবলৈ অধ্যক্ষৰ সন্মুখত প্ৰস্তাৱ দাঙি ধৰা হয়। অৰ্থাৎ যাৰ যোগেদি পূৰ্ব নিৰ্ধাৰিত নোহোৱা বিষয় এটাও ৰাজহুৱা গুৰুত্বলৈ চাই আলোচনা কৰিবলৈ বিচৰা হয়। বহুতে ভৱাৰ দৰে সভা স্থগিত প্ৰস্তাৱ মানে বিধান মণ্ডলৰ অধিবেশন স্থগিত কৰিবলৈ বিচৰা নহয়।
সভা স্থগিত প্ৰস্তাৱ সন্দৰ্ভত পূৰ্বতে বিধানসভাৰ অধ্যক্ষলৈ এখন জাননী জাৰি কৰা হয় আৰু অধ্যক্ষৰ অনুমতি লাভ কৰিলে বিধায়কজনে এইবুলি প্ৰস্তাৱ উত্থাপন কৰে যে বৰ্তমান সময়ত ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ৰাজহুৱা স্বাৰ্থজনিত বিষয় হৈছে মই উত্থাপন কৰিব খোজা বিষয়টো। যিটো বিষয়ৰ লগত মানুহৰ সাংবিধানিক আৰু মৌলিক অধিকাৰ জড়িত হৈ আছে। মানৱতাৰ দৃষ্টিভংগীৰে চাবলৈ গ’লেও মই উত্থাপন কৰা বিষয়টোহে আজিৰ তাৰিখত সৰ্বাধিক গুৰুত্বপূৰ্ণ। সেয়েহে অধ্যক্ষক মই অনুৰোধ জনাও যে পূৰ্ব নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰি আজিৰ সভা স্থগিত কৰা হওক আৰু মই উত্থাপন কৰা ৰাজহুৱা স্বাৰ্থজড়িত বিষয়টোৰ ওপৰত আলোচনা কৰা হওক।
অধ্যক্ষজনে বিষয়টো পোনছাটেই নাকচ নকৰি বিধানসভাৰ কাৰ্যপৰিচালনাৰ বিধি অনুযায়ী সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক বক্তব্য ৰাখিবৰ কাৰণে সুবিধা দিয়ে আৰু এইক্ষেত্ৰত সদনৰ নেতা তথা মুখ্যমন্ত্ৰীৰ মতামতো গ্ৰহণ কৰে। প্ৰায়ক্ষেত্ৰতে দেখা যায় যে শাসকীয় পক্ষই সভা স্থগিত প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ সন্মত নহয়। তেওঁলোকে এইবুলি যুক্তি আগবঢ়াই যে বিজনেছ এডভাইছৰি কমিটি চমুকৈ বিএচিত বিৰোধী পক্ষৰ লোকসকলৰ লগতো আলোচনা কৰি সদনৰ কাৰ্যসূচী নিৰ্ধাৰণ কৰা হয়। সেয়েহে হঠাৎ এটা প্ৰস্তাৱ উত্থাপন কৰিলে সদনৰ কাম-কাজ পৰিচালনা কৰাত অসুবিধা হয়। বিৰোধী পক্ষই যি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে সেয়া নস্যাৎ কৰিবলৈ অধ্যক্ষজন পূৰ্বৰে পৰা সাজু থাকে আৰু শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কৰ জৰিয়তে সভা স্থগিত প্ৰস্তাৱ নাকচ কৰায়। কেতিয়াবা শাসকীয় আৰু বিৰোধী পক্ষৰ যুক্তি আৰু বাক-বিতণ্ডাত কাৰো মাত কোনেও নুশুনা হয়। তেনে এক পৰিস্থিতিত বিৰোধীয়ে সদন ত্যাগ কৰি ওলাই যায়।
'বিৰোধী পক্ষই সদনৰ বাহিৰত থকা সংবাদ মাধ্যমৰ আগত তেতিয়া ৰাজহুৱা স্বাৰ্থজড়িত বিষয় আলোচনা কৰিবলৈ নিদিয়া বাবে সদন ত্যাগ কৰি চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰাৰ সুবিধা লাভ কৰে। কিন্তু সেই সুবিধা আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নিদিলে। তাৰ কাৰণ দুটা। এক নম্বৰ কথা হ’ল সভা স্থগিত প্ৰস্তাৱৰ ওপৰত আলোচনা কৰি বিৰোধী পক্ষই চৰকাৰক গালি-গালাজ কৰি আত্মসন্তুষ্টি লাভ কৰি থাকিলে মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত হোৱা ভূমি কেলেংকাৰীৰ কথা বিৰোধী পক্ষই উত্থাপন কৰিবলৈ সুযোগ লাভ নকৰিব অথবা মানসিকভাৱে প্ৰস্তুত নহ’ব।’-NNOৰ আগত এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক এগৰাকী ৰাজনৈতিক বিশ্লেষকে।
বিশ্লেষকগৰাকীয়ে আৰু কয়, 'দ্বিতীয় বিষয়টো হ’ল বিদ্যুৎ সংকট আৰু লোডশ্বেডিঙৰ দৰে এটা ৰাইজৰ জ্বলন্ত সমস্যাৰ কথা সদনত আলোচনা নহ’লে চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভৰ মাত্ৰা বৃদ্ধি পাব আৰু বিৰোধী পক্ষই সংবাদ মাধ্যমত বেছি গুৰুত্ব লাভ কৰিব। আজিৰ তাৰিখত বিৰোধীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰি আলোচনা কৰিবলৈ চৰকাৰক বাধ্য কৰিবলৈ আত্মসন্তুষ্টি লাভ কৰিছে যদিও মুখ্যমন্ত্ৰীয়ো সমানেই সুখী হৈছে। তেওঁ এই কথা নিজেই স্বীকাৰ কৰিছে যে সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ নকৰিলে বিৰোধীয়ে সদন ত্যাগ কৰি মাইলেজ ল’ব আৰু নতুন বিধানসভা ভৱনত আজিৰ দিনটোত তেনে ঘটনা ঘটিলে মোৰ পৰাজয় হ’ব। অৰ্থাৎ চতুৰ সদনৰ নেতা তথা মুখ্যমন্ত্ৰীয়েহে এনেধৰণেৰে বিৰোধীৰ মুখ বন্ধ কৰিবলৈ সভা স্থগিত প্ৰস্তাৱ গ্ৰহণ কৰি নিজৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ বিষয়ে সদনত পইণ্ট অব অৰ্ডাৰ অনাৰ পৰা বিৰত ৰাখিব পাৰে। ইয়াকে কয় সাপো মৰিল, লাঠিও নাভাগিল।’
সদনৰ পৰা কেতিয়া কোনো সদস্যক বহিস্কাৰ কৰিব পাৰে অধ্যক্ষই?
বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ কাৰ্য্যবিধি আৰু কাম-কাজ চলোৱাৰ নিয়ম উলংঘা কৰাৰ বাবে, বা সদনৰ অৱজ্ঞা বা বিশেষাধিকাৰ ভংগৰ সমান যিকোনো কাম কৰাৰ বাবে কোনো সদস্যক সদনৰ পৰা বহিষ্কাৰ কৰিব পাৰে। যদি কোনো সদস্যই সদনৰ কাম-কাজত ব্যাঘাত জন্মোৱা বা বাধা দিয়ে, অন্য সদস্য বা বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধে অসংসদীয় বা গালি-গালাজ কৰা ভাষা ব্যৱহাৰ কৰে তেতিয়া তেনে সদস্যক বহিস্কাৰ কৰিব পাৰে।
অধ্যক্ষৰ আদেশ বা নিৰ্দেশনা অৱজ্ঞা কৰা বা অমান্য কৰে, সদনত মিছা বা বিভ্ৰান্তিকৰ বক্তব্য বা অভিযোগ দিয়ে, সদনৰ লগত জড়িত গোপনীয় বা স্পৰ্শকাতৰ তথ্য ফাদিল কৰে, সদনৰ আন সদস্য বা কৰ্মচাৰীক বেয়া আচৰণ বা আক্ৰমণ কৰে, সদনৰ ভিতৰলৈ যিকোনো অস্ত্ৰ বা বিস্ফোৰক সামগ্ৰী আনে, তেনে পৰিস্থিতিত সদস্যজনক বহিস্কাৰ কৰিব পাৰে অধ্যক্ষই। সদস্যৰ অপৰাধ কিমান গুৰুতৰ তাৰ ওপৰত নিৰ্ভৰ কৰি অধ্যক্ষই কোনো সদস্যক নিৰ্দিষ্ট সময়ৰ বাবে বা অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে বহিষ্কাৰ কৰিব পাৰে।
চৰকাৰ আৰু জনসাধাৰণৰ বাবে কোনখন অধিবেশন আটাইতকৈ গুৰুত্বপূৰ্ণ?
চৰকাৰ আৰু জনসাধাৰণ উভয়ৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ অধিবেশন সাধাৰণতে বাজেট অধিবেশন, যিটো প্ৰতি বছৰে বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ আগতে অনুষ্ঠিত হয়। এই অধিবেশনত চৰকাৰে বাৰ্ষিক বাজেট দাঙি ধৰে, য’ত বিভিন্ন খণ্ড আৰু আঁচনিৰ বাবে ৰাজহ আৰু ব্যয়ৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰা হয়। বাজেটত আৰ্থ-সামাজিক উন্নয়নৰ বাবে চৰকাৰৰ অগ্ৰাধিকাৰ আৰু নীতিসমূহো প্ৰতিফলিত কৰা হয়।
বাজেটৰ পিছতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ অনুদানৰ দাবী সন্দৰ্ভত সাধাৰণ আলোচনা আৰু ভোটদান কৰা হয়। বাজেট অধিৱেশনত সদস্যসকলে জনকল্যাণ আৰু শাসন ব্যৱস্থাৰ সৈতে জড়িত বিষয় আৰু উদ্বেগসমূহ উত্থাপন কৰাৰ সুযোগো প্ৰদান কৰে। ৰাজহুৱা বিত্তৰ জবাবদিহিতা আৰু স্বচ্ছতা দুয়োটাৰে বাবে বাজেট অধিৱেশন অতি গুৰুত্বপূৰ্ণ।
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটো
আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোত সদনৰ মজিয়াত হোৱা সুচাৰু আলোচনাই অধিৱেশনখনৰ বাকী দিন কেইটাৰ বাবে এক যোগাত্মক বাৰ্তা প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰে ৰাজনৈতিক মহলে। সদনৰ প্ৰথম দিনটোত ৰাজ্যত অব্যহাত থকা বিদ্যুৎ সংকট সম্পৰ্কে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
যোৱা কেইসপ্তাহমানৰ পৰা ৰাজ্যখনক জুৰুলা কৰা এটা ডাঙৰ সমস্যা হৈছে বিদ্যুৎ সংকট। ৰাজ্যত বিদ্যুৎ যোগানৰ নাটনিৰ বাবে সঘনাই বিদ্যুৎ কৰ্তন আৰু ভল্টেজৰ উঠা-নমাৰ সন্মুখীন হৈ আহিছে। অন্যহাতে বিগত কেইদিনত ৰ’দৰ ৰুদ্ৰ্ৰৰূপ আৰু প্ৰচণ্ড গৰমৰ মাজত সঘনাই হোৱা লোডশ্বেডিঙে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতিৰ। বিদ্যুতৰ এনে লুকাভাকুক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে সাধাৰণ জনতা আৰু সৰৱ হৈ পৰিছে বিৰোধী।
অধিৱেশনৰ প্ৰথম দিনাই শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বিধানসভা ভৱনৰ বাহিৰত হাতত বিচনী আৰু লেম্প লৈ লোডশ্বেডিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। অখিল গগৈয়ে অল ইণ্ডিয়া বিদ্যুৎ পৰিসংখ্যা (জেনেৰেল ৰিভিউ) ২০২৩ৰ পৰিসংখ্যা উল্লেখ কৰি কয় যে অসমত ব্যক্তিগত আৰু কেন্দ্ৰীয় উৎসৰে গঠিত মাত্ৰ ৫৫৮.৪ মেগাৱাট বিদ্যুৎ উৎপাদনৰ ক্ষমতা আছে, আনহাতে আন ৰাজ্যসমূহে ১০০০ কিলোৱাট ঘণ্টাৰো অধিক শক্তি ব্যৱহাৰ কৰি আছে। শক্তি সংকটৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰৰ কোনো প্ৰকৃত পৰিকল্পনা নাই বুলি তেওঁ অভিযোগ কৰে।
সদনৰ ভিতৰত বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰে যে এইবাৰ বিদ্যুতৰ চাহিদা হঠাৎ বৃদ্ধি পোৱাৰ বাবে অসম বিদ্যুৎ সংকটৰ সন্মুখীন হৈছে। অসমে নিজা উৎপাদন ক্ষমতা অতিক্রম কৰি মুকলি বজাৰৰ পৰা অধিক হাৰত বিদ্যুৎ কৰিবলৈ এতিয়া বাধ্য হৈছে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বিদ্যুৎ উৎপাদন কোম্পানীৰ সৈতে চুক্তি কৰি নতুন প্ৰকল্প আৰম্ভ কৰি বিদ্যুতৰ পৰিস্থিতি উন্নত কৰাৰ বাবে দীৰ্ঘম্যাদী সমাধানৰ ওপৰত কাম কৰি আছে।
বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যৰ বিদ্যুৎ পৰিস্থিতি সন্দৰ্ভত সভা স্থগিত ৰখাৰ প্ৰস্তাৱ দিছিল বিধায়ক অখিল গগৈয়ে। এই প্ৰস্তাৱৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত চলিত বৰ্ষৰ এইখিনিত বিদ্যুতৰ চাহিদা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। বিগত বছৰত অসমক প্ৰয়োজন হৈছিল ১৮০০ মেগাৱাট বিদ্যুৎ, কিন্তু এইবছৰ ২৫০০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰাজ্যত বৰ্তমান প্ৰায় ৪০০ মেগাৱাট নিজাকৈ উৎপাদন ক্ষমতা স্থাপন কৰা হৈছে, যিটো অহা বছৰৰ পৰা দুটামান প্ৰকল্প আৰম্ভ হোৱাৰ লগে লগে কিছু পৰিমাণে বৃদ্ধি পাব। পৰিবেশৰ সমস্যাত জড়িত মাৰ্ঘেৰিটাত কয়লা ভিত্তিক প্লাণ্টৰ বাবে নগ’লে ৰাজ্যখনৰ নিজাববীয়াকৈ আৰু বিদ্যুৎ উৎপাদন ক্ষমতা নাই বুলিও তেওঁ কয়।
তেওঁ কয় যে ৰাজ্য চৰকাৰে নিয়মীয়া হাৰত চাহিদা পূৰণৰ বাবে অধিক বিদ্যুৎ ক্ৰয়ৰ ব্যৱস্থা কৰিছে, আনহাতে বিভিন্ন বিদ্যুৎ উৎপাদন কোম্পানীৰ সৈতে চুক্তি কৰি দীৰ্ঘম্যাদী ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে ৰাজ্য চৰকাৰে অহা বছৰৰ পৰা ঘটামপুৰ তাপ বিদ্যুৎ প্ৰকল্পৰ পৰা ২৬০ মেগাৱাট শক্তি যোগান ধৰা নেইৱেলী উত্তৰ প্ৰদেশ পাৱাৰ লিমিটেড (এন ইউ পি পি এল)ৰ সৈতে আৰু কাৰ্যকৰী হোৱাৰ পিছত ৫০০ মেগাৱাট শক্তি যোগান ধৰিব পৰা সুৱনশিৰি নামনি জল বিদ্যুৎ প্ৰকল্পৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে যে ৰাজ্য চৰকাৰে ৮ ছেপ্টেম্বৰত কেবিনেট বৈঠকৰ সময়ত বিদ্যুতৰ পৰিস্থিতি পুনৰীক্ষণ কৰাৰ সিদ্ধান্ত লৈছে আৰু বিভিন্ন বিকল্প যেনে লোড শ্বেডিং, শুল্ক বৃদ্ধি, বা গ্ৰাহকৰ বাবে বিদ্যুৎ ৰাজসাহায্য প্ৰদানৰ জৰিয়তে পিক আৱাৰ লোড ২০০০ মেগাৱাটলৈ সীমিত কৰা আদি অন্বেষণ কৰাৰ সিদ্ধান্ত লৈছে।
কেন্দ্রীয় চৰকাৰৰ পৰাও ৰাজ্য চৰকাৰে সহায় লাভ কৰিছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এতিয়া আৰু নিৰ্ধাৰিত বিদ্যুৎ কৰ্তন নহয়। কংগ্ৰেছ শাসিত ৰাজ্যতকৈ অসমৰ বিদ্যুৎ পৰিস্থিতি ভাল বুলি দাবী কৰি ৰাজ্যখনত বিদ্যুৎ উৎপাদনত বিনিয়োগ নকৰাৰ বাবে পূৰ্বৰ চৰকাৰসমূহক দোষাৰোপ কৰে।
লগতে তেওঁ সদনক আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে সমাজৰ সকলো শ্ৰেণীকে নিৰৱচ্ছিন্ন আৰু মানসম্পন্ন বিদ্যুৎ যোগানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু অদূৰ ভৱিষ্যতে অসমক শক্তি উদ্বৃত্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
অধিৱেশনত উত্থাপন হ’ব কেইবাখনো বিধেয়ক
অধিৱেশনৰ প্ৰথম দিনাই চৰকাৰে উত্থাপন কৰে কেইবাখনো বিধেয়ক। ৰাজ্যৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে পাঁচদিনীয়া অধিৱেশনত ২৩ৰ পৰা ২৪খন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।
চৰকাৰে উত্থাপন কৰিবলগীয়া অন্যতম গুৰুত্বপূৰ্ণ বিধেয়ক হৈছে পঞ্চায়ত আইন সংশোধনী বিধেয়ক, যাৰ লক্ষ্য হৈছে গাঁও পঞ্চায়তক অৰাজনৈতিক সত্তা হিচাপে গঢ়ি তোলা। বিধেয়কখনত প্ৰস্তাৱ দিয়া হৈছে যে গাঁও পঞ্চায়তৰ সদস্যসকলক কোনো দলীয় প্ৰতীক নোহোৱাকৈ অৰাজনৈতিক ভিত্তিত নিৰ্বাচিত কৰা হ’ব। আনকি গাঁও পঞ্চায়তৰ সভাপতিৰ নিৰ্বাচন অৰাজনৈতিক ভিত্তিত অনুষ্ঠিত হ’ব। অৱশ্যে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ নিৰ্বাচনত দলীয় প্ৰতীক থাকিব।
ৰাজ্যৰ একাংশ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবেও বিধেয়ক অনাৰ পৰিকল্পনা কৰিছে চৰকাৰে। বাতৰি অনুসৰি, অসম চৰকাৰে যোৰহাটৰ জে বি মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয়, শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়, বঙাইগাঁও মহাবিদ্যালয় আৰু গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়- এই সাতখন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে বিধেয়ক অনাৰ পৰিকল্পনা কৰিছে।
ইয়াৰোপৰিও পাঁচদিনীয়া শৰৎকালীন বিধেয়কত অসম চৰকাৰে অসম কৰ (নিৰ্দিষ্ট ভূমিৰ ওপৰত) (সংশোধনী) বিধেয়ক, অসম সামগ্ৰী আৰু সেৱা কৰ (সংশোধনী) বিধেয়ক, অসম পৌৰসভা (সংশোধনী) বিধেয়ক, অসম পৌৰ নিগম (সংশোধনী) বিধেয়ক, অসম আকাশী ৰ'পৱে বিধেয়ক, অসম ঐক্যবদ্ধ মহানগৰ পৰিবহণ প্ৰাধিকৰণ বিধেয়ক, গুৱাহাটী পৌৰ নিগম (সংশোধনী) বিধেয়ক, জিএমডিএ (সংশোধনী) বিধেয়ক, গুৱাহাটী বিল্ডিং নিৰ্মাণ (সংশোধনী) বিধেয়ক, অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ (সংশোধনী) বিধেয়ক আদি কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে।