বিশেষ প্ৰতিবেদনঃ ‘কভি কভি পাতাল লোক কে জো কীড়ে হ্যায় না, ৱহ ধৰতী লোগ কে আদমীয়ো কো কাট লেতে হ্যায়, আউৰ উনকে কাটনে ছে হোতা হ্যায় কাণ্ড!’ এয়া আছিল প্ৰাইম ভিডিঅ’ৰ জনপ্ৰিয় ৱেবছিৰিজ ‘পাতাললোক’ৰ এটা সংলাপ। ‘পাতাললোক’ৰ সংলাপটোত কোৱাৰ ধৰণেই যোৱা সোমবাৰে নিশা নগাঁও জিলাৰ জখলাবন্ধাৰ সৰুভগীয়াত সংঘটিত হয় এক কাণ্ড! এই কাণ্ডস্থলীৰ পৰা এখন ট্ৰাকে খুন্দিওৱা অৱস্থাত AS-01 EN 7273 নম্বৰৰ মাৰুটি এছপ্ৰেছো বাহনসহ মৃত অৱস্থাত উদ্ধাৰ হয় অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃতদেহ।
সংবাদ মাধ্যমত প্ৰকাশিত প্ৰাথমিক বাতৰি অনুযায়ী নিশা জোনমণি ৰাভাই কৰ্তব্যৰত মৰিকলং থানাৰ চৰকাৰী কোৱাৰ্টাৰৰ পৰা নিজৰ মাৰুটি এছপ্ৰেছোখনেৰে উজনি অভিমুখে যাত্ৰা কৰিছিল। সেই সময়তে নিশা প্ৰায় ডেৰ বজাত কলিয়াবৰৰ জখলবন্ধাত বিপৰীত দিশৰ পৰা অহা UP-78 UT 4518 নম্বৰৰ ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে জোনমণিৰ বাহনখনৰ। এই দুৰ্ঘটনাত থিতাতে নিহয় হয় আৰক্ষী বিষয়া ৰাভাৰ।