বিশেষ প্ৰতিবেদনঃ বিগত কিছুদিনত হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে এক নতুন সমস্যাই দেখা দিছে। বিভিন্ন বিদেশী নম্বৰৰ পৰা হোৱাটছএপত অহা ফোনকলে ইতিমধ্যে উদং কৰিছে বহুতৰ বেংক একাউণ্ট, গোপনে সংগ্ৰহ কৰিছে ব্যৱহাৰকাৰীৰ গোপন তথ্য।
আপোনালৈও বিগত কোনোবা এটা দিনত এনে বিদেশী নম্বৰৰ পৰা হোৱাটছএপত ফোন আহিছে নেকি? যদি আহিছে, তেন্তে নিশ্চিতভাৱে জানি থওক যে আপোনাৰ বাহিৰেও প্ৰতিদিনে ভাৰতৰ কোটি কোটি লোকলৈ এনে ফোন কল আহিছে আৰু বহুজন প্ৰৱঞ্চনাৰ স্বীকাৰো হৈছে।