বিশেষ প্ৰতিবেদনঃ 'কভি কভি পাতাল লোক কে জো কীড়ে হ্যায় না, ৱহ ধৰতী লোগ কে আদমীয়ো কো কাট লেতে হ্যায়, আউৰ উনকে কাটনে ছে হোতা হ্যায় কাণ্ড!’ এয়া আছিল প্ৰাইম ভিডিঅ’ৰ জনপ্ৰিয় ৱেবছিৰিজ 'পাতাললোক’ৰ এটা সংলাপ। 'পাতাললোক’ৰ সংলাপটোত কোৱাৰ ধৰণেই যোৱা সোমবাৰে নিশা নগাঁও জিলাৰ জখলাবন্ধাৰ সৰুভগীয়াত সংঘটিত হয় এক কাণ্ড! এই কাণ্ডস্থলীৰ পৰা এখন ট্ৰাকে খুন্দিওৱা অৱস্থাত AS-01 EN 7273 নম্বৰৰ মাৰুটি এছপ্ৰেছো বাহনসহ মৃত অৱস্থাত উদ্ধাৰ হয় অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃতদেহ। 

সংবাদ মাধ্যমত প্ৰকাশিত প্ৰাথমিক বাতৰি অনুযায়ী নিশা জোনমণি ৰাভাই কৰ্তব্যৰত মৰিকলং থানাৰ চৰকাৰী কোৱাৰ্টাৰৰ পৰা নিজৰ মাৰুটি এছপ্ৰেছোখনেৰে উজনি অভিমুখে যাত্ৰা কৰিছিল। সেই সময়তে নিশা প্ৰায় ডেৰ বজাত কলিয়াবৰৰ জখলবন্ধাত বিপৰীত দিশৰ পৰা অহা UP-78 UT 4518 নম্বৰৰ ট্ৰাকখনৰ সৈতে মুখামুখি সংঘৰ্ষ ঘটে জোনমণিৰ বাহনখনৰ। এই দুৰ্ঘটনাত থিতাতে নিহয় হয় আৰক্ষী বিষয়া ৰাভাৰ। 

উক্ত বাতৰি প্ৰকাশৰ কিছু সময় পিছতে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু সন্দৰ্ভত বিভিন্ন ধৰণৰ ধাৰণা সম্বলিত বাতৰি পোহৰলৈ আহিবলৈ আৰম্ভ কৰে। একাংশ সংবাদ মাধ্যমত জোনমণি ৰাভাই আত্মহত্যা সংঘটিত কৰা বুলিও বাতৰি প্ৰকাশ পায়। কেবাটাও সংবাদ মাধ্যমে জোনমণি ৰাভাই নিশা হোৱাটছএপৰ ডিপি (ডিছপ্লে পিকচাৰ) ক’লা কৰা আৰু মোবাইল ফ্লাইট মোডত ৰখাৰ কথা উল্লেখ কৰি ঘটনাটো আত্মহত্যা হ’ব পাৰে বুলি বাতৰি প্ৰকাশ কৰা পৰিলক্ষিত হয়। আন একাংশ সংবাদ মাধ্যমত পৰিয়ালৰ লোকৰ উধৃতিৰে জোনমণি ৰাভাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলিও বাতৰি প্ৰকাশ পায়। 

এনেধৰণৰ একাধিক এংগলৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে নেটিজেনসকলৰ মাজত সমগ্ৰ ঘটনাটো অধিক ৰহস্যঘন হৈ পৰে। বিশেষকৈ জোনমণি ৰাভাৰ মাতৃ আৰু মাহীয়েকে সংবাদ মাধ্যমত দিয়া মন্তব্যৰ সমান্তৰালভাৱে এখন এজাহাৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত ঘটনাটোৱে কম সময়ৰ ভিতৰতে অন্যফালে ঢাল খায়। জোনমণিৰ মৃত্যু ঘটাৰ সময়তেই নিশাই তেওঁৰ চৰকাৰী কোৱাৰ্টাৰত আৰক্ষীয়ে তালাচী চলাই ১ লাখ টকা লৈ যোৱা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে জোনমণি ৰাভাৰ মাতৃ আৰু মাহীয়েকে। একেদৰে ভাইৰেল হৈ পৰা এজাহাৰখনত জোনমণিয়ে এজন লোকৰ পৰা প্ৰায় ৮০ হাজাৰ টকা লোৱাৰ লগতে লোকজনক এনকাউণ্টাৰৰ ভাবুকি দেখুওৱাৰ কথাও উল্লেখ আছিল।

কি আছিল ভাইৰেল এজাহাৰখনত? 

ভাইৰেল হৈ পৰা এজাহাৰখন দাখিল কৰা হৈছিল উত্তৰ লখিমপুৰ থানাত। এজাহাৰখনত উল্লেখ কৰা মতে, যোৱা ৬ মে’ৰ নিশা প্ৰায় ২ বজাত নগাঁৱৰ এছ আই জোনমণি ৰাভাই মুৰমহম্মদ কালিয়া, আজিমুদ্দিন, মুস্তাক আহমেদ, মুক্তাৰ হুছেইন, আটাবুৰ ৰহমান, নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলামৰ সৈতে উপস্থিত হৈছিল আমিনা খাতুন নামৰ এগৰাকী মহিলাৰ ঘৰত। 

এজাহাৰকাৰিণী মহিলাগৰাকীৰ ঘৰত উপস্থিত হৈ কোনো কাৰণ নোহোৱাকৈ তেওঁৰ পুত্ৰ আজগৰ আলিক প্ৰহাৰ কৰি জোনমণিয়ে নিজৰ লগত লৈ যোৱা বুলিও এজাহাৰত দাবী কৰা হৈছে৷ এজাহাৰত আৰু উল্লেখ কৰা অনুযায়ী আজগৰ আলীৰ লগতে জোনমণি ৰাভা আৰু অন্যান্যসকলে নগদ ৮০ হাজাৰ টকা, ভোটাৰ আই ডি, পান কাৰ্ড আৰু আজগৰৰ পত্নীৰ সোণৰ অলংকাৰো কাঢ়ি নিয়ে৷ আজগৰৰ ভাতৃ আবু তালেবৰ ব্ৰীজা গাড়ীখনো জোনমণি ৰাভাৰ দলটোৱে লৈ যোৱা বুলি এজাহাৰত উল্লেখ আছে।

৭ মে’ৰ পুৱা জোনমণি ৰাভাই আমিনা খাতুনক ৬ লাখ টকাসহ গহপুৰৰ অৰুণাচল বাইপাছলৈ মাতি পঠিওৱাৰ কথাও আছে এজাহাৰখনত। আমিনা খাতুনে এজাহাৰত দাবী কৰা মতে জোনমণি ৰাভাক ৬ লাখ টকা আদায় দিয়াৰ পাছত ব্ৰীজা গাড়ী আৰু আজগৰ আলীক মোকলাই দিয়ে৷ এই ৬ লাখ টকাৰ প্ৰায় ৮০ হাজাৰ টকা আন এজন অভিযুক্ত ৰিয়াজুলক 8638537520@ybl ইউপিআই আইডিযোগে আদায় দিয়াৰ কথাও এজাহাৰত উল্লেখ আছে৷ এজাহাৰত ধন আদায় লোৱাৰ পিছতে এই কথা আন কাৰোবাক জনালে ভৰিত গুলী কৰি আজগৰক জে’ললৈ প্ৰেৰণ কৰিব বুলি জোনমণিয়ে ভাবুকি দিয়াৰো অভিযোগ উত্থাপন কৰিছে খাতুনে।

৬ মে’ৰ মাজ নিশাৰ এই ঘটনা সন্দৰ্ভত আজগৰৰ মাতৃ আমিনা খাতুনে ১৫ মে’ত জোনমণি ৰাভা আৰু আন আন অভিযুক্তসকলৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিতেই ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ৩৯৫, ৩৯৭, ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ ৰুজু হয়। উক্ত গোচৰ ৰুজু হোৱাৰ পিছতেই সেইদিনাই নিশা জখলাবন্ধাত ৰহস্যজনকভাৱে দুৰ্ঘটনাগ্ৰস্ত বাহনসহ উদ্ধাৰ হয় আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃতদেহ।

NNO-ৰ আগত এটি সূত্ৰই সদৰী কৰা মতে উত্তৰ লখিমপুৰ থানাত ৰুজু হোৱা গোচৰৰ পিছতেই দুৰ্ঘটনা সংঘটিত হোৱাৰ দিনাই জোনমণিক ৰিজাৰ্ভ ক্ল’জ কৰাৰ যো-জা চলিছিল। লগতে পিছদিনা পুৱাই উক্ত গোচৰত জোনমণি গ্ৰেপ্তাৰ হোৱাৰো সম্ভাৱনা আছিল। এনে কাৰণতে সেইদিনা সন্ধিয়াৰে পৰা মানসিকভাৱে একপ্ৰকাৰ অস্থিৰ হৈ পৰা দেখা গৈছিল জোনমণিক।

এটা ফোনকলেৰে জনপ্ৰিয় হৈ পৰিছিল জোনমণি ৰাভা

সেয়া বিগত বৰ্ষৰ জানুৱাৰী মাহৰ কথা। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এটা ফোনকল। এই ফোনকলটো আছিল এজন বিধায়ক আৰু এগৰাকী মহিলা আৰক্ষী বিষয়াৰ। 'হেল্ল, গুড মৰ্ণিং, মই MLA ড০ অমিয় ভূঞা, বিহপুৰীয়া। মানুখিনি হাৰাশাস্তি নকৰিব। মোৰ এৰিয়াৰ মানুহ। মিচিং মানুহ, আপুনি নিশ্চয় জানে, সেইসকল মানুহ কেনেকৈ চলে। মানুহখিনি হাৰাশাস্তি নকৰিব। কাক কথা কৈছে ঐ, জানেনে নাই মই কোন?'-  ভাইৰেল ফোনকলটোত এইদৰে মহিলা আৰক্ষী বিষয়গৰাকীক বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাই ধমকি দিয়া শুনা গৈছিল। 

বিধায়কগৰাকীৰ এনে ধমকলৈ কেৰেপ নকৰি মহিলা বিষয়াগৰাকীয়ে কৈ উঠিছিল, 'আপুনি এনেকৈ এইটো সুৰত কথা কৈছে যে, আপুনি চৰকাৰক কি উত্তৰ দিব? মন্ত্ৰী বিধায়ক হৈ এনেকৈ কথা কৈছে যে? আপোনালোকেই নিয়ম নিৰ্ধাৰণ কৰি আমাক ভংগ কৰিবলৈ দিলে কেনেকৈ হ'ব? মিচ বিহেভ নকৰিব। মোৰ এছ পিৰ সৈতে আপুনি কথা পাতক।' 

ভাইৰেল হৈ পৰা ফোনকলটোত বিধায়কৰ ধমকলৈ কেৰেপ নকৰি এনেদৰে প্ৰত্যুত্তৰ দিয়া এইগৰাকী মহিলা আৰক্ষী বিষয়াই আছিল জোনমণি ৰাভা। উক্ত ফোনকলটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগতে সংবাদ মাধ্যমতো প্ৰকাশ পোৱাত সমগ্ৰ অসমতে সাহসী আৰক্ষী বিষয়া হিচাপে পৰিচিতি লাভ কৰিছিল জোনমণি ৰাভাই। 

এই নায়ক, এই খলনায়ক!

বিধায়কক ধমক দি সাহসী আৰক্ষী বিষয়া হিচাপে জনপ্ৰিয় হৈ পৰা জোনমণি ৰাভা পুনৰ চৰ্চালৈ আহে ২০২২ চনৰ মে’ মাহত। এইবাৰ নিজৰ প্ৰেমিক তথা হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৰাভাই। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী মাজুলী জিলাত কৰ্মৰত হৈ থকা সময়তে ৰাণা প'গাগ নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল ৰাভাৰ। নিজকে ভাৰতীয় তেল আৰু গেছ আয়োগৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে পৰিচয় দিয়া ৰাণাৰ সৈতে বিবাহৰ যো-জা পৰ্যন্ত চলিছিল জোনমণি ৰাভাৰ। দুয়োৰে আঙঠি পিন্ধোৱা পৰ্বও সম্পন্ন হৈ গৈছিল। 

কিন্তু পৰৱৰ্তী সময়ত হ’বলগীয়া স্বামী ৰাণা প'গাগ নামৰ লোকজন যে অইলৰ বিষয়াৰ পৰিৱৰ্তে এজন হাইপ্ৰফাইল প্ৰৱঞ্চকহে সেয়া জানিব পাৰে জোনমণিয়ে। বহু ব্যক্তিৰ পৰা চাকৰি দিয়াৰ নামত ধন সৰকোৱাৰ কথা জানিব পাৰি আৰক্ষী বিষয়া জোনমণিয়ে হ’বলগীয়া স্বামী ৰাণাক নিজেই আৰক্ষীৰ হাতত গতাই দিয়ে। এই ঘটনাৰ পিছতে জোনমণি ৰাভা এগৰাকী আপোচহীন সৎ আৰক্ষী বিষয়া হিচাপে পুনৰ জনমানসত অধিকভাৱে পৰিচিত হৈ পৰে।

দুটাকৈ ঘটনাৰে একপ্ৰকাৰ নায়িকা তথা লেডী সিংঘম হৈ পৰা জোনমণিয়ে হ’বলগীয়া স্বামীক আৰক্ষীক গতাই দিয়াৰ ঘণ্টাছেৰেক পিছতেই নিজেও গ্ৰেপ্তাৰ হ’বলগীয়াত পৰে। এইবাৰ জোনমণিৰ বিৰুদ্ধেও উত্থাপিত হয় প্ৰেমিকেৰে মিলি বহু লোকক প্ৰবঞ্চনা কৰাৰ অভিযোগ। ফলত মুহূৰ্ততে নায়িকাৰ পৰা খলনায়িকালৈ পৰ্যবসিত হৈ পৰে জোনমণি। মাজুলী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ লগে লগে চাকৰিৰ পৰাও নিলম্বিত হয় জোনমণি ৰাভা। 

প্ৰায় এমাহ ৪ দিন মাজুলীৰ কাৰাগাৰত থকাৰ অন্তত ২০২২ চনৰ ৮ জুলাইত জামিন লাভ কৰে জোনমণি ৰাভাই। জামিন লাভৰ প্ৰায় এমাহ পিছত পুনৰ কৰ্তব্যত যোগদান কৰে জোনমণি ৰাভাই। এইবাৰ জোনমণি ৰাভাই লাভ কৰে নগাঁৱৰ মৰিকলং টাউন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব। কৰ্তব্যত নকৈ যোগদানৰ পিছতে আকৌ আগৰ দৰেই সক্ৰিয় হৈ নগাঁও জিলাত এটাৰ পিছত আনটো অভিযান চলাবলৈ আৰম্ভ কৰে ৰাভাই।

মাজুলীৰ ঘটনাটোৰ গোচৰ চলি থকাৰ সময়তে গোচৰটোৰ কোনো মীমাংসা নোহোৱাৰ পূৰ্বেই এখন আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পদ লাভ কৰিছিল জোনমণি ৰাভাই। আদালতে দোষমুক্ত ঘোষণা নকৰা অৱস্থাতেই কেৱল জামিনত মুকলি হৈয়েই  কিদৰে জোনমণিয়ে এনে এটা গুৰুত্বপূৰ্ণ পদ লাভ কৰিছিল সেই বিষয়টো সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন লোকে। একাংশ লোকে আৰক্ষীৰ উৰ্ধতন কৰ্তৃপক্ষৰ আশীৰ্বাদপুষ্ট হৈ উক্ত দায়িত্ব লাভ কৰা বুলিও মন্তব্য কৰা পৰিলক্ষিত হৈছে।

দায়িত্ব আছিল মৰিকলঙৰ, দেখা গৈছিল সমগ্ৰ নগাঁৱত!

প্ৰেমিকৰ সৈতে মিলি প্ৰবঞ্চনা কৰাৰ গোচৰত জামিন লাভ কৰি নকৈ চাকৰিত যোগদানৰ পৰৱৰ্তী সময়ত পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত দেখা গৈছিল আৰক্ষী বিষয়া জোনমণি ৰাভাক। চৰকাৰীভাৱে মৰিকলং টাউন আৰক্ষী চকীৰ দায়িত্ব লাভ কৰিলেও আৰক্ষী চকীৰ সীমা অতিক্ৰমি নগাঁৱৰ ভিন্ন প্ৰান্তত অভিযান চলোৱা দেখা গৈছিল জোনমণিক।

'তেখেত মৰিকলং আউট পোষ্টৰ দায়িত্বত আছিল বুলি আমি জানো। কিন্তু তেখেতক নগাঁও টাউনৰ আন এৰিয়াৰ লগতে বটদ্ৰৱাতো ৰেইড মাৰিবলৈ যোৱা দেখিছিলো। নগাঁৱত একপ্ৰকাৰ কমপ্লিট এক্টিভ আছিল তেখেত। হয়তো তেখেতক ওপৰ মহলৰ পৰা পাৱাৰ দিয়া হৈছিল। সেয়ে নগাঁৱত চলা প্ৰায়বোৰ ৰেইডতে তেখেতক দেখা গৈছিল।’-NNOৰ প্ৰতিনিধিৰ আগত এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক এগৰাকী স্থানীয় সাংবাদিকে। 

উল্লেখ্য যে জোনমণি ৰাভাক লৈ জিলাখনৰ সাংবাদিকসকলো একপ্ৰকাৰ দুভাগত ভাগ হৈ পৰা দেখা গৈছে। বিশেষকৈ জোনমণি ৰাভাৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পূৰ্বেই এজন সাংবাদিকে এটা বিশেষ ফেচবুক পোষ্ট দিয়া পৰিলক্ষিত হৈছিল। নীলোৎপল জেড বৰা নামৰ সাংবাদিকজনে উক্ত পোষ্টটোত লিখিছিল, 'ভুলৰ পৰা তেওঁ শিক্ষা নল'লে। জে'লৰ পৰা ওলাই চাকৰিটো ঘূৰাই পায়েই আকৌ ঘোচ খোৱাত লাগিল। ঘোচ খাই আচামী এৰি আকৌ জে'ললৈ যোৱাৰ পথত। ভগৱানে দিয়া সুযোগৰ অপব্যৱহাৰ। সন্মুখত গোটেই জীৱনটো পৰি আছে। এটি সুন্দৰ কেৰিয়াৰ আছে। কিন্তু কেইটামান টকাৰ লোভত এইটো ভুল কৰিব নালাগিছিল। সামাজিক মাধ্যম,, সংবাদ মাধ্যমত সকলোতে সমালোচিত হোৱাৰ পিছতো, জে'ললৈ যোৱাৰ পিছতো পুনৰ চাকৰি ঘূৰাই দিয়াৰ লগতে ভাল স্থানত নিযুক্তি দি কেৰিয়াৰ গঢ়াৰ সুযোগ দিছিল উচ্চ পদস্থ বিষয়াগৰাকীয়ে। পিছে টকাৰ লোভত সকলো পাহৰি আকৌ দুৰ্নীতিত নিমৰ্জ্জিত হ'ল। এনেকুৱা বিষয়াক লৈ দুৰ্নীতিগ্ৰস্ত অসম আৰক্ষী গঢ়া জানো সম্ভৱ? অতি সোনকালে বাতৰি সম্প্ৰচাৰ কৰিম। আনুষ্ঠানিক ঘোষণাৰ অপেক্ষাত আমি।’

ইয়াৰ বিপৰীতে তীৰ্থ বৰা নামৰ আন এজন সাংবাদিকে ৰাভাৰ মৃত্যুৰ পিছত ফেচবুক পোষ্টত আন ধৰণে লিখা দেখা গৈছে। পোষ্টটোত সাংবাদিকগৰাকীয়ে লিখিছে, 'এগৰাকী দক্ষ আৰক্ষী বিষয়াৰ অকাল বিয়োগ। এয়া দুৰ্ঘটনা, হত্যা নে আত্মহত্যা! এওঁৰ বিৰুদ্ধে একাংশ ঘোচখোৰ সাংবাদিক, মাফিয়া বেয়াকৈ লাগি আছিল! উচিত তদন্ত হওঁক।’

ভাইৰেল এজাহাৰৰ আঁৰৰ অন্য কাহিনী!

এটাৰ পিছত আন এটা এংগলেৰে ক্ৰমাৎ অধিক ৰহস্যঘন হৈ পৰা এই কাণ্ডত ১৬ মে’ৰ নিশাৰ ভাগলৈ সংযোগ হয় আন এক দিশ। জোনমণি ৰাভাৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱা উত্তৰ লখিমপুৰ থানাৰ অন্তৰ্গত এগৰাকী মহিলাই সংবাদ মাধ্যমৰ সমুখত ভাইৰেল এজাহাৰখনত উল্লেখ থকা কথাবোৰ অসত্য বুলি দাবী কৰে। লখিমপুৰৰ পৰা গুৱাহাটীৰ কাহিলিপাৰাস্থিত জোনমণি ৰাভাৰ বাসগৃহত আহি উপস্থিত হোৱা হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে দাবী কৰা মতে ৰাভাৰ পিছত এতিয়া তেওঁৰ জীৱনলৈয়ো ভাবুকি আহি পৰিছে।

মহিলাগৰাকীয়ে নাওবৈচা থানাৰ IC সঞ্জীৱ বৰা আৰু ASP ৰুণা নেওগো জোনমণি ৰাভাৰ হত্যাৰ সৈতে জড়িত থকাৰো অভিযোগ উত্থাপন কৰে। 'জোনমণি বাইদেউক মই দুষ্ট চক্ৰক ধৰাত সহায় কৰি দিছিলো। সেয়ে মোকো ভাবুকি দিছে। জোনমণি বাইদেউৱে মৃত্যুৰ আগদিনাও ফোন কৰি তেওঁক কোনোবাই মাৰিব পাৰে বুলিও মোক কৈছিল। মোক বাইদেউৱে কৈছিল যে তোমাকো মাৰি পেলাব পাৰে, সেয়ে তুমি তাৰ পৰা গুচি আহা। আজি বুলিয়েই নহয়, মোক বহুদিন আগৰে পৰাই ভাবুকি দি আহিছে।’-নিজকে ইনফৰ্মাৰ বুলি উল্লেখ কৰি লখিমপুৰ জিলাৰ আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষও দুষ্ট চক্ৰৰ সৈতে মিলি আছে বুলি দাবী কৰিছে বেগমে।

'এজাহাৰখন সম্পূৰ্ণৰূপে ভুৱা। জোনমণি ৰাভাক ফচোৱা হৈছে। নকল সোণ ব্যৱসায়ী আজগৰ আলীক ধৰা পেলোৱা বাবেই তেখেতৰ বিৰুদ্ধে নাওবৈচাৰ IC-য়ে আজগৰৰ মাতৃৰ জৰিয়তে মিছাকৈ এজাহাৰ লিখোৱাই লৈছে। জোনমণি ৰাভাই ৬ লাখ টকা দাবী কৰা বুলি কোৱাতো সম্পূৰ্ণৰূপে মিছা। ওলোটাই বাইদেউৰ পৰাহে দুষ্ট চক্ৰক ধৰা পেলাই টকা লছ কৰা বাবে পইছা দাবী কৰিছিল।’- নিজৰ জীৱনলৈ ভাবুকি আহিছে বুলি উল্লেখ কৰি এইদৰে কয় ইনফৰ্মাৰ মহিলাগৰাকীয়ে।


ফটোঃ সংবাদ মাধ্যমৰ সমুখত নিজকে আৰক্ষীৰ ইনফৰ্মাৰ বুলি দাবী কৰা হাছিনা বেগম

জোনমণি ৰাভাৰ সন্দৰ্ভত হাছিনা বেগমে মন্তব্যত কয় যে, এটা দুষ্ট চক্ৰৰ পাৰ্টীক ধৰাইছিল হাছিনা বেগমে৷ আবুল চহীৰ জাকিৰ নামৰ ব্যক্তিক ধৰিছিল৷ আবজৰ আলিক ধৰিবলৈ যোৱাৰ বাবেই জোনমণিৰ ওপৰত নাওবৈচা থানাৰ সঞ্জীৱ বৰাই এই কাম কৰালে৷ দুষ্ট চক্ৰৰ সৈতে মিলি আছে নাওবৈচাৰ IC সঞ্জীৱ বৰা৷ জোনমণি ৰাভাক হত্যা কৰা হৈছে৷

‘মোৰ ঘৰতো অত্যাচাৰ চলাইছে দুষ্ট চক্ৰই৷ ২ তাৰিখে ৰাতি মোৰ ঘৰৰ গ্লাচ ভাঙি দিছে এই দুষ্ট চক্ৰই৷ জাকিৰহঁতৰ গেংটোৱে এনে কৰিছে৷ চোকা অস্ত্ৰৰে আমাৰ ঘৰৰ গ্লাচ ভাঙিছিল৷ নাওবৈচা পুলিচ মিলি আছে দুষ্ট চক্ৰটোৰ সৈতে৷ এইবিলাক কোটি কোটি টকাৰ বিজনেছ। সব নকল সোণ আৰু জালনোটৰ কাৰবাৰ। নাওবৈচা থানাৰ IC-য়ে ৬ লাখ টকা দিলে জোনমণি বাইদেউৰ বিৰুদ্ধে কেছটো ৰেজিষ্টাৰ নকৰে বুলিও কৈছিল। এই কথাও মই জানো।’- হাছিনাৰ বিস্ফোৰক অভিযোগ।

হাছিনা বেগমে জনোৱা মতে যিজন লোকৰ সৈতে তেওঁৰ বিয়া হৈছিল সেই লোকজন দুষ্ট চক্ৰৰ সৈতে জড়িত আছিল। পৰৱৰ্তী সময়ত তেওঁ সেই দুষ্ট চক্ৰক সহযোগ নকৰা বাবে বিভিন্ন সমস্যাৰো সন্মুখীন হ’বলগাত পৰে বুলিও জানিবলৈ দিছে। দুষ্ট চক্ৰৰ সৈতে জড়িত উক্ত লোকজনৰ সৈতে সংসাৰ আৰু আগনবঢ়াই সেই সময়ছোৱাত যিমান কথা জানিব পাৰিছিল তাৰ ওপৰত ভিত্তি কৰিয়েই সেই সম্পৰ্কে আৰক্ষীক তথ্য দি আহিছে বুলিও উল্লেখ কৰে ইনফৰ্মাৰ হাছিনাই। 

নাওবৈচাৰ ভিন্ন প্ৰান্তত কি চলে? 

জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে পুনৰ চৰ্চালৈ আহিছে লখিমপুৰ জিলাৰ নাওবৈচা, বঙালমৰা আদি অঞ্চলত চলি অহা নকল সোণ আৰু জাল নোটৰ বেহাৰ কথা। উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধৰা পৰা নকল সোণৰ অধিকাংশ ঘটনাৰেই সংযোগ নাওবৈচা, বঙালমৰা আদি অঞ্চলৰ সৈতে থকা পৰিলক্ষিত হৈ আহিছে। 

'নাওবৈচা, বঙালমৰাত এই বিজনেছটো পূৰা চলি আছে। বহুত মানুহ কোটি কোটি টকাৰ মালিক হৈছে এইবোৰ কৰি। পুলিচো মিলি আছে। সেয়ে কোনেও ধৰা নপৰে। জোনমণি বাইদেউৱে ধৰা বাবেই বাইদেউক এনেকৈ মাৰিয়েই পেলালে।’-সংবাদ মাধ্যমৰ আগত এইদৰে কয় নিজকে আৰক্ষীৰ ইনফৰ্মাৰ বুলি দাবী কৰা হাছিনাই। 

'আমাৰ জিলাখনক একদম বদনামী কৰি পেলাইছে। বঙালমৰা অঞ্চলটোত আপুনি দেখিব বহুত মানুহ ঘপাঘপ ধনী হৈ গৈছে। সংখ্যালঘু অধ্যুষিত এই অঞ্চলটোত ৰাতি যাবলৈ ভয় লাগে। কেতিয়া কোনে কি কৰি দিয়ে তাৰ একো ঠিক নাই। পুলিচক কমপ্লেইন দিয়ো একো লাভ নাই। ইয়াৰ পৰা পুলিচৰ ওপৰ মহললৈ পইছা যায়।’-NNO-ৰ আগত এইদৰে কয় নাওবৈচাৰ স্থানীয় এজন লোকে।

আত্মহত্যা, দুৰ্ঘটনা নে হত্যাকাণ্ড? কি কয় প্ৰত্যক্ষদৰ্শীয়ে?

গোলাঘাট জিলাৰ এজন যুৱকে সংবাদ মাধ্যমৰ আগত কৰা শেহতীয়া মন্তব্যই জোনমণিৰ মৃত্যুৰ ঘটনাক পাতাললোক ৱেব ছিৰিজৰ 'কাণ্ড’ৰ দৰেকৈ একপ্ৰকাৰ আৰু অধিক 'কাণ্ড’ সদৃশ কৰি তোলা পৰিলক্ষিত হৈছে। নিজকে জোনমণিৰ বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ সময়ৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰি যুৱক এজনে উক্ত ঘটনাটো স্বাভাৱিক দুৰ্ঘটনা নহয় বুলি দাবী কৰিছে।

লোকজনে জনোৱা মতে ঘটনাটো সংঘটিত হোৱাৰ সময়ত গাড়ী চলাই তেওঁৱো গোলাঘাট অভিমুখে গৈ আছিল। সেই সময়তে টোপনি টোপনি আৰু ভোক ভোক লগাত কিবা এটা খাবলৈ বুলি জখলাবন্ধাৰ উক্ত স্থানত গাড়ী ৰখোৱাৰ সময়তে দুৰ্ঘটনাতো প্ৰত্যক্ষ কৰে লোকজনে। 'মই গাড়ীখন ৰখাই কিবা এটা খাম ভাবিলো। তেনেতে দেখিলো এখন এল্ট’ ৰখাই থোৱা আছে। সেই এল্ট’খনত এখন ট্ৰাক আহি খুন্দা মাৰিছে। তাৰ পিছত দেখিলো এল্ট’খনৰ পৰা এজন ল’ৰা নামি গৈছে। ল’ৰাজন ক’লা লংপেণ্ট আৰু জোতা পিন্ধি থকা দেখিছো। ট্ৰাক ড্ৰাইভাৰজনো পলাইছে। মই গম পালো যে ডাঙৰ এক্সিডেণ্ট এটা হ’ল।’-লোকজনে কয়।

তেওঁ আৰু কয়, 'মই দৃশ্যটো চাই আছিলো। খাই লৈ মই ৰৈ আছো। ওচৰলৈ যোৱা নাই। ১৫ মিনিটমান পিছত জখলাবন্ধা থানাৰ আইচিজন আহিছে। মই তেতিয়া অলপ চাপি গ’লো। তেতিয়া আইচিজনে কি লাগে বুলি মোক সুধিলে। তেতিয়া মই কলো যে গুৱাহাটীৰ পৰা আহি আছিলো, টোপনি যেন লাগি ৰৈ কিবা এটা খালো, এক্সিডেণ্টটো দেখি কি হৈছে চাবলৈ আহিলো। মোক ক’লে যা যা।’


ফটোঃ দুৰ্ঘটনাটোৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজন, কাষৰ ছবিত দুৰ্ঘটনাৰ পিছৰ দৃশ্য

'মই যা যা কোৱাত গুচি আহিলো। তেতিয়া এক্সিডেণ্ট হোৱা কাৰখন ভালকৈ দেখিলো। দেখিলো যে ভিতৰত ফিমেলৰ ডেডবডী এটা আছে। মই চকুৰ সমুখতে দেখিছিলো এল্টখন হিলাই নাই। ট্ৰাকখনে পূৰা মাৰি দিছে আৰু ট্ৰাকে মৰাৰ আগতে এল্টৰ পৰা ল’ৰা এটা নামি গৈছিল। চাৰ্টটো কি ৰঙৰ ধৰিব নোৱাৰিলো। কিন্তু পেণ্টটো আৰু জোতাৰ ৰং ক’লা দেখিছিলো। ট্ৰাকৰ ড্ৰাইভাৰজন পলাই যোৱাও স্পষ্টকৈ দেখিছো।’-ট্ৰাকখনেহে জোনমণিৰ বাহনখনত খুন্দা মৰা স্পষ্টকৈ দেখা বুলি দাবী কৰি এইদৰে কয় নিজেও এজন চালক বুলি পৰিচয় দিয়া যুৱকজনে।

প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনৰ এই মন্তব্যই সমগ্ৰ ঘটনাটোক এতিয়া আৰু অধিক ৰহস্যঘন কৰি তোলা পৰিলক্ষিত হৈছে। যুৱকজনৰ এই মন্তব্যৰ পিছতে অধিকাংশ লোকে ছ’চিয়েল মিডিয়াত জোনমণি ৰাভাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলিও দাবী কৰা দেখা গৈছে।

ঘনে ঘনে সলনি হৈছে ভাষ্য!

জোনমণি ৰাভাৰ ৰৈ থকা গাড়ীখনত ট্ৰাকখনে খুন্দিওৱাতো নিশা প্ৰত্যক্ষ কৰা বুলি দাবী কৰা চালকজনৰ প্ৰতিটো চেনেলতে সলনি হৈছে ভাষ্য। কোনোটো চেনেলত গাড়ী 'ৰং ছাইড’ত থকা বুলি কোৱাৰ বিপৰীতে কোনোটো চেনেলত আকৌ সঠিক দিশত থকা বুলি কৈছে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা চালকজনে। একেদৰে জোনমণিৰ গাড়ীৰ পৰা ল’ৰা এজন নামি যোৱা সন্দৰ্ভতো সুকীয়া মন্তব্য কৰিছে যুৱকজনে।

এটা বিশেষ চেনেলত তেওঁ কৈছে যে লোকজন দুৰ্ঘটনাটো হোৱাৰ আগতে জোনমণিৰ গাড়ীৰ পৰা নামি গৈছিল। আন কেইটামান চেনেলত আকৌ দুৰ্ঘটনা হোৱাৰ পিছত লোকজন জোনমণিৰ গাড়ীখন পৰা নামি যোৱা দেখা বুলি তেওঁ মন্তব্য কৰিছে। এনেদৰে এতিয়া প্ৰতিটো চেনেলতে নিজকে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা যুৱকজনৰ ভাষ্য সলনি হোৱাতো এতিয়া বিবুধিত পৰিছে ঘটনাটোক লৈ সচেষ্ট হৈ থকা ৰাজ্যবাসী।

ইফালে, নিজকে প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা  যুৱকজনে এই মন্তব্য কৰাৰ পিছতে একাংশ লোকে কৈছে যে যদিহে ট্ৰাকখনে জোনমণিৰ গাড়ীখনক খুন্দিয়াইছিল তেন্তে গাড়ীখন ৰাস্তাতে ৰৈ থকাৰ পৰিৱৰ্তে ওফৰি বা ছিটিকি গ’লহেতেন। একেদৰে ট্ৰাকখনৰ ব্ৰেক মৰাৰ চিন আছে আৰু জোনমণিৰ গাড়ীখনে ব্ৰেক মৰাৰ বা ৰাস্তাত চুচৰি যোৱাৰ কোনো চিন নাই বুলিও মন্তব্য কৰিছিল ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে।

শৰীৰত আঘাত আছিল নেকি? কি কয় চিকিৎসকে?

দুৰ্ঘটনা সংঘটিত হোৱাৰ নিশা প্ৰায় আঢ়ৈ বজাত জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল জোনমণি ৰাভাক। পিন্ধনত সেই সময়ত আৰক্ষীৰ পোছাকৰ পৰিৱৰ্তে অসামৰিক পোছাকত আছিল জোনমণি। চিকিৎসকে জনোৱামতে জোনমণিৰ শৰীৰত তেনেধৰণৰ বাহ্যিক কোনো আঘাতৰ চিন দেখা পোৱা হোৱা নাছিল।

'তেনেক এক্সটাৰ্নেল ইনজুৰি মই দেখা নাই। কিন্তু ছাছপেক্ট কৰিছিলো এইটোত ইণ্টাৰনেল ইনজুৰি আছে। কিয়নো সোফালৰ কাণখনেৰে তেজ ওলাইছিল। গতিকে এইটো হেড ইনজুৰি হ’ব পাৰে।’-চিকিৎসালয় পোৱাৰ আগতেই জোনমণি ৰাভাৰ মৃত্যু হৈছিল বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত এইদৰে উল্লেখ কৰে জখলাবন্ধা অসামৰিক চিকিৎসালয়ত সেইদিনা নিশা কৰ্তব্যৰত চিকিৎসকগৰাকীয়ে।

বিজেপি নেতাৰ পোষ্টো ভাইৰেল!

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ সংবাদ মাধ্যম আৰু ছ'চিয়েল মিডিয়াত বিয়পি পৰাৰ সময়তে বিজেপিৰ এজন যুৱনেতাৰ পোষ্টো ব্যাপক ৰূপত ভাইৰেল হৈ পৰা দেখা গৈছে। দুৰ্লভ নাথ নামৰ বিজেপিৰ যুৱনেতাজনে ৰাভাই চলাই যোৱা গাড়ীখন যে যাত্ৰীৰ বাবে মুঠেই নিৰাপদ নহয় সেই কথা উল্লেখ কৰি পোষ্ট কৰিছিল। বাতৰি লিখা পৰলৈকে উক্ত পোষ্টটো অতিকমেও ৭ শতাধিক লোকে শ্বেয়াৰ কৰা দেখা গৈছে। লগতে বহু নেটিজেনে পোষ্টটো কপি কৰি নিজৰ টাইমলাইনটো আপলোড কৰিছে।

পোষ্টটোত নাথে লিখিছে, 'যোৱা নিশা SI জোনমণি ৰাভাৰ এটা শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ নিশ্চয় সকলোৱে লাভ কৰিছে, কিন্তু তেওঁ চলাই যোৱা Maruti Suzuki SPresso গাড়ীখনৰ কথা কোনেও আলোচনা কৰা দেখা নাই। আপোনালোক অৱগত কৰিব বিচাৰো যে, যাত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এইখন গাড়ীয়ে 0 (শূন্য) ৰেটিং লাভ কৰিছে, মানে এইখন গাড়ীত উঠি যাত্ৰা কৰা মানে নিজৰ প্ৰাণ হাতত লৈ যাত্ৰা কৰা।'

তেওঁ আৰু লিখিছে, 'কম পইচাত গাড়ী এখন লোৱা সপোন পূৰাবলৈ বহুতে নিৰাপত্তাৰ দিশটো পাহৰি এনে গাড়ী ক্ৰয় কৰা দেখা যায়, কিন্তু পিছত যে এনে গাড়ীৰ বাবে নিজৰ লগতে আপোন জনৰো জীৱন শেষ হৈ যায় সেইটো কোনেও বিচাৰ নকৰে। গতিকে এনে গাড়ী কিনোতে এশবাৰ চিন্তা কৰি লওঁক, আপোনাৰ জীৱন গুৰুত্বপূৰ্ণ নে আপোনাৰ চখ বেছি গুৰুত্বপূৰ্ণ!’ 

মই এইবোৰ খবৰ নাৰাখোঃ মুখ্যমন্ত্ৰী

ৰাজ্যত সংঘটিত যিকোনো ঘটনাৰ কথাই নখ দৰ্পণত থকা বুলি প্ৰায়ে দাবী কৰা অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত কৰা মন্তব্যক লৈয়ো ছ’চিয়েল মিডিয়াত বুধবাৰৰ দিনটোত যথেষ্ট চৰ্চা চলা দেখা গৈছে। জোনমণিৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ এই সম্পৰ্কে ভালদৰে অৱগত নহয়।

'এইবিলাক এছপি, ডিচিয়ে জানিব। মোৰ লগত ইমান খবৰ নাই। মই ইমান খবৰ লোৱা নাই। খালী শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জনাইছো।’-মুখ্যমন্ত্ৰীৰ মন্তব্য।

মানুহ হিচাপে কেনে আছিল জোনমণি ৰাভা?

১৯৯৩ চনৰ ১৩ জুলাইত জন্মগ্ৰহণ কৰা জোনমণি ৰাভাই অসম আৰক্ষীত যোগদান কৰিছিল ২০১৭ চনত। ২০২১ চনত জোনমণিয়ে নগাওঁ সদৰ আৰক্ষীত যোগদান  কৰিছিল। শেহতীয়াকৈ প্ৰায়ে চৰ্চাত থকা জোনমণি ৰাভাই অধ্যায়ন কৰিছিল সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত। ৰাভা কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ ডিপ্লমা পাঠ্যক্ৰমৰো ছাত্ৰী আছিল। 

সহপাঠীসকলৰ মতে হাঁহি-মাতি ভালপোৱা জোনমণি আছিল এগৰাকী স্ফূৰ্তিবাজ ছোৱালী। খাকী পোছাকত কঠোৰ হৈ পৰা জোনমণিয়ে কৰ্তব্যত নথকাৰ সময়ত সকলোৰে সৈতে মিলি চলিছিল বুলিও ভিন্নজনে মন্তব্য কৰিছে। একাধিক সামাজিক অনুষ্ঠানৰ সৈতেও সময় পালেই জড়িত হৈ আহিছিল জোনমণিয়ে। শেহতীয়াকৈ নগাঁৱত সাংবাদিকসকলে অনুষ্ঠিত কৰা ৰঙালী বিহুৰ অনুষ্ঠানত বিহু গাই থকা জোনমণিৰ ভিডিঅ’ এটিও ভাইৰেল হৈ পৰিছে।

সততে সকলোৰে লগত মিলি থকা জোনমণিৰ মৃত্যুত সেয়ে ভিন্নজন শোকত ভাগি পৰা দেখা গৈছে। মঙলবাৰে নগাঁও আৰক্ষী নিৱেশৰ খেলপথাৰত জোনমনি ৰাভাৰ প্ৰতি আৰক্ষী বিভাগ আৰু জিলা প্ৰশাসনে আনুষ্ঠানিক ভাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সময়তো তেওঁৰ সহকৰ্মীসকলৰ বহুতকে কান্দোনত ভাগি পৰা দেখা গৈছিল। গুৱাহাটীৰ দক্ষিণগাঁওস্থিত নিজা বাসগৃহত জোনমণিৰ মৃতদেহ আহি পোৱাৰ পিছত অসংখ্য গুণমুগ্ধই ভিৰ কৰাৰ লগতে এক শোকাকূল পৰিৱেশে বিৰাজ কৰে। একেদৰে ছ’চিয়েল মিডিয়াতো অসংখ্যজনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰা লগতে সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত দাবী কৰা দেখা গৈছে।

কোন দিশে কেনেকৈ আগবাঢ়িছে তদন্ত?

সমগ্ৰ ৰাজ্যতে চৰ্চাৰ বিষয় হৈ পৰা জোনমণি ৰাভাৰ মৃত্যুক লৈ নিতৌ ন ন তথ্য পোহৰলৈ অহাৰ সময়তে ঘটনাটোৰ তদন্তৰ দায়িত্ব মঙলবাৰেই চিআইডিক প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে। চি আই ডি মধ্য মণ্ডলৰ এছ পি ধ্ৰুব বৰাই জনোৱা মতে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে। ঘটনা সন্দৰ্ভত উৰ্দ্ধতম কৰ্তৃপক্ষই সংবাদ মাধ্যমক সদৰী কৰিব বুলি উল্লেখ কৰি আন মন্তব্য দিয়াৰ পৰা বিৰত থাকে বৰা। ১৭ মে’ৰ পুৱাই চিআইডিৰ এটা দলে লখিমপুৰলৈ যোৱা বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ দিনা মৃতদেহৰ সমুখত কান্দি কান্দি এছপিয়ে ফোন কৰা বাবেই নিশা জোনমণি অকলে ওলাই গৈছিল বুলি মন্তব্য কৰিছিল তেওঁৰ মাতৃয়ে। জোনমণিৰ কোৱাৰ্টাৰৰ পৰা নগাঁও আৰক্ষীৰ এছপি লীনা দলে নেতৃত্বাধীন এটা দলে অভিযান চলাই মৃত্যুৰ দিনাই নিশা ১ লাখ টকা লৈ যোৱা বুলিও অভিযোগ কৰিছিল তেওঁৰ মাতৃ আৰু পৰিয়ালৰ লোকে। 'ষ্টাফৰ মানুহ পেক আছে। মোৰ কলিজাটোক সিঁহতে মাৰিলে।’-কান্দি কান্দি কৈছিল মাতৃয়ে।

ইফালে, নগাঁও জিলাৰ এছপি লীনা দলেয়ে জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত বুধবাৰে এখন সংবাদ মেল সম্বোধন কৰে। এই সংবাদ মেলত সাংবাদিকে সোধা একাধিক প্ৰশ্নৰ উত্তৰত মাত্ৰ এটা শব্দহে কয়। লখিমপুৰত জোনমণি ৰাভাই অভিযান চলাবলৈ যোৱাৰ কথা সম্পৰ্কে দলে অৱগত আছিল নে নাই বুলি সোধাত দলেই কয়, 'মই একো নকও, মই একো নকও। তদন্ত চলি আছে। তদন্তত সকলো কথা পোহৰলৈ আহিব।’

এনেদৰে এতিয়া ক্ৰমান্বয়ে অধিক ৰহস্যৰ মাজত সোমাই পৰিছে চাকৰিত যোগ দিয়েই অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ পৰা জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা। এই ৰহস্যসমূহৰ মাজতে পাতাললোক ৱেবছিৰিজৰ দৰে সৎ আৰক্ষী বিষয়া হোৱাৰ সপোন লৈ চাকৰিত যোগ দিয়া জোনমণি ৰাভাই এক চক্ৰবেহুত সোমাই কোনো কাণ্ডৰ বলি হ’বলগীয়া হ’ল নেকি বুলিও এতিয়া ৰাজ্যবাসীৰ মনত চৰ্চা চলা দেখা গৈছে। জখলাবন্ধাত সোমবাৰৰ নিশা সংঘটিত হোৱা ঘটনা পোহৰলৈ আহে নে পূৰ্বৰ একাধিক ঘটনাৰ তদন্ত ভেকোভাওনাত পৰিণত হোৱাৰ দৰে এয়া কেৱল এক 'কাণ্ড’ হৈয়েই ৰ’ব সেয়া সময়েহে ক’ব।