গুৱাহাটীঃ ক্ৰমাৎ দ্ৰুত হাৰত অসমত বৃদ্ধি পাবলৈ লৈছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰে সন্ধিয়াৰ ভাগত আৰু ৪জনৰ দেহত পজিটিভ ধৰা পৰাত ৰাজ্যখনত এই পৰ্যন্ত কৰ’না আক্ৰান্তৰ সংখ্যা হৈ পৰে ২০ জন। ইয়াৰে আটাইকেইগৰাকীয়েই 'ছুপাৰস্প্ৰেডাৰ’ হিচাপে পৰিগণিত হোৱা দিল্লীৰ নিজমুদ্দিনৰ তবলীগ জামাতত অংশগ্ৰহণ কৰিছিল বুলি টুইটযোগে সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যখনত কৰ’না পজিটিভৰ প্ৰথমটো ঘটনা পোহৰলৈ আহে যোৱা ৩১ মাৰ্চত। সেইদিনা শিলচৰ মেডিকেল কলেজ হাস্পতালত কৰিমগঞ্জৰ এজন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰে। ইয়াৰ পিছতে ১ এপ্ৰিলৰ দিনটোত দিনৰ ভাগলৈ ৪জন আৰু নিশাৰ ভাগলৈ ১১ জন লোকৰ দেহত কৰ’না পজিটিভ পোৱাৰ কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

১ এপ্ৰিলত দুপৰীয়াৰ ভাগত আয়োজিত এখন সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪জনকৈ লোক কৰ’নাত আক্ৰান্ত হোৱাৰ কথা অৱগত কৰে। এই ৪জনৰ ৩জন জাগীৰোডৰ আৰু ১জন আছিল নলবাৰীৰ। সন্ধিয়াৰ ভাগত এক টুইটযোগে পুনৰ গোলাঘাটৰ আন ৮গৰাকী লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰাৰ কথা অৱগত কৰে মন্ত্ৰীগৰাকীয়ে। সেইদিনাই নিশাৰ ভাগত গোৱালপাৰাৰ ৩ জন লোকৰ দেহতো কৰ’না ধৰা পৰা বুলি আন এক টুইট কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

ইয়াৰ পিছত বৃহস্পতিবাৰে আয়োজন কৰা আন এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত কৰ’না পজিটিভ ধৰা পৰা আটাইকেইজন ব্যক্তিৰে নিজামুদ্দিনৰ তবলীগ জামাতৰ সৈতে সম্পৰ্ক আছে। অৱশ্যে বৃহস্পতিবাৰৰ দিনটোত এটাও নতুন পজিটিভৰ ঘটনা পোহৰলৈ অহা নাছিল।

মাজতে এটা দিন ভালদৰে পাৰ হয় যদিও আজি পুনৰ নিজামুদ্দিনৰ তবলীগৰ পৰা উভতি অহা আৰু ৪ জন লোকৰ দেহত কৰ’না ধৰা পৰাৰ কথা টুইটযোগে অৱগত কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা সংবাদ মাধ্যমক জনোৱা মতে আজি কৰ’না ধৰা পৰা লোককেইজনৰ ৩জনেই হৈছে নলবাৰীৰ। আনহাতে আন এজন হৈছে দক্ষিণ শালমাৰাৰ। নিশাৰ ভাগলৈ আৰু কেবাটাও পজিটিভৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলিও সদৰী কৰিছে স্বাস্থ্য বিভাগৰ সূত্ৰই।

ইফালে, গোলাঘাটৰ একাংশ কৰ’না আক্ৰান্ত লোকৰ বিৰুদ্ধে উত্থাপিত হৈছে চিকিৎসালয়ত স্বাস্থ্যকৰ্মীসকলক সহযোগ নকৰাৰ অভিযোগ। একাংশ ৰোগীয়ে য’তে-ত’তে থু পেলোৱাৰো বাতৰি পোৱা গৈছে। ইয়াৰ বিপৰীতে কেবাজনো ৰোগীয়ে চিকিৎসালয়ত খোৱা-বোৱা সময়মতে দিয়া হোৱা নাই বুলিও আত্মীয়সকললৈ ফোন কৰি অভিযোগ উত্থাপন কৰাৰ বাতৰি পোৱা গৈছে।

এই সন্দৰ্ভত সংবাদ মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে গোলাঘাটৰ দুই-এজন ৰোগীয়ে ফোনযোগে খোৱাবস্তু সময়মতে নোপোৱাৰ অভিযোগ কৰিছে যদিও সেয়া সত্য নহয়। চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীসকলৰ ভালদৰে যতন লৈছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

গোলাঘাটত ৰোগীসকলৰ পৰা সবিশেষ জানিবলৈ NNOৰ তৰফৰ পৰা চেষ্টা চলাই থকা হৈছে যদিও এইপৰ্যন্ত সেয়া সম্ভৱ হৈ উঠা নাই। অৱশ্যে গোৱালপাৰাত চিকিৎসাধীন হৈ থকা ৰোগীকেইজনে NNOক জনাইছে যে তেওঁলোকক গোৱালাপাৰা অসামৰিক চিকিৎসালয়ত অতি আদৰ-যত্নৰে ৰাখিছে আৰু সময়মতে খোৱা-লোৱা দি আছে। খবিৰ আহমেদ নামৰ ৰোগীগৰাকীয়ে কেৱল কয় যে সকলো ঠিকে আছে যদিও তেওঁলোকক এতিয়ালৈ কৰ’না পজিটিভ ধৰা পৰা ৰিপ’ৰ্ট দেখুওৱা হোৱা নাই। ৰোগীগৰাকীয়ে পুনৰ টেষ্ট কৰি ৰিপ’ৰ্ট দেখুৱালৈকো চৰকাৰক দাবী জনায়।