গুৱাহাটীঃ আঠুৱা চাই ঠেং মেলিব নজনা বিভাগ আখ্যা পোৱাৰ বাবে পুনৰবাৰ সাজু হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগ। দূৰ্নীতি, অনিয়ম আৰু বিশৃংখলতা-এই তিনিটা বিশেষণৰে সততে বিভূষিত হৈ অহা শিক্ষা বিভাগটোৰ অদূৰদৰ্শিতাকে পুনৰবাৰ প্ৰকাশ্যে প্ৰমাণ কৰিবলৈ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
চমক দিয়াৰ বাবেই যেন উঠি-পৰি লাগিছে মন্ত্ৰী হিমন্ত। শিক্ষকৰ দৰমহা নিয়মীয়াকৈ দিব নোৱাৰা শিক্ষা বিভাগটোয়ে মঙলবাৰৰপৰা সংযোজিত কৰিছে ২ টাকৈ নতুন বিভাগ৷ এতিয়াৰ পৰা প্ৰত্যেক বিদ্যালয়ত বাধ্যতামুলক হ’ব সংস্কৃত ৷ তদুপৰি বিদ্যালয়সমুহত পৰিষ্কাৰ-পৰিচ্ছনতাৰ বাবে নিযুক্তি দিব শিক্ষক৷ ইতিমধ্যে বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষকসকলক দৰমহা দিব নোৱাৰা বিভাগটোৱে পুনৰাই কম্পিউটাৰ শিক্ষক নিযুক্তি দিয়াৰ বাবে কৰা ঘোষণা আশ্চৰ্য্যজনক।