নগাঁওঃ নগাঁও জিলাৰ পশ্চিমাঞ্চলত সম্প্ৰতি বৃদ্ধি পোৱা মাটি কঢ়িওৱা ডাম্পাৰৰ চূড়ান্ত অতপালিয়ে গঞাৰাইজক অতিষ্ঠ কৰি তুলিছে ৷ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ চৰম গাফিলতি আৰু অমনোযোগিতাৰ বাবেই উক্ত গ্ৰামাঞ্চলত মাটি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ইমানেই বৃদ্ধি পাইছে যে গঞাই প্ৰতিক্ষণতে অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰিছে৷
প্ৰাপ্ত খবৰ মতে,জিলাখনৰ কলাঘাট, কাছমাৰী, ব্ৰাহ্মনগাঁও,নমাটি, জামুগুৰি, চমুৱাগাঁও, শেতালী, কুৰুৱাবাহী, কাকমাৰী, ৰাইদঙীয়া, সোণাইপাৰ, ভোগবাৰী, কৰচুং, জাজৰি, বেবেজীয়া, গেদাৰবড়ি, হাতীচোং, কুজিঁদাহ আদি গ্ৰামাঞ্চলত বিগত এমাহ মানৰ পৰা নিতৌ পুৱাৰে পৰা বহু নিশালৈকে এই মাটি কঢ়িওৱা অতি গধুৰ ডাম্পাৰবোৰ চলাচল কৰি আহিছে৷