বিশেষ প্ৰতিবেদনঃ 'সৌ খিনিতে মোৰ ঘৰটো, এতিয়া কোনোফালেই যাবলৈ উপায় নাই। ইমান পানীৰ মাজত আমি কেনেকৈ জীয়াই থাকিম! বান আহিল, কোনোমতে জীৱনটো হাতৰ মুঠিত লৈ দৌৰ মাৰি ওলাই আহিলো। এতিয়া পিন্ধিবলৈ কাপোৰ নাই, খাবলৈ চাউল নাই, থাকিবলৈ জেগা নাই। আমিও মানুহ হে! এনেদৰে জানো জীয়াই থাকিব পাৰি?’

সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত এনেদৰে নিজৰ পৰিস্থিতিৰ কথা কৈ থাকোতে দুচকু লোতকেৰে ভৰি পৰিছিল দেৰগাঁৱৰ এগৰাকী বন্যাৰ্তৰ। গোটেই অসমৰ লগতে তেওঁৰ গাঁও আৰু ঘৰখনো বানপানীত বুৰ গৈছিল, একেদৰে চকুপানীত বুৰ গৈছিল তেওঁৰ সমস্ত সপোন।

ৰাজ্যৰ ৩০ খন জিলা এতিয়া বানৰ কবলত। বানৰ দ্বিতীয়টো লহৰে সংহাৰী ৰূপ ধাৰণ কৰিছে উজনি-নামনি সৰ্বত্ৰে। চৰকাৰী তথ্য অনুসৰি এই বানত ইতিমধ্যে ২৪ লাখ লোক আক্ৰান্ত হৈছে। বানৰ দুটা লহৰত এতিয়ালৈকে ৫২ জন লোকৰ প্ৰাণহানি হৈছে। খবৰ নাই আন তিনিজনৰো। ধুবুৰী, গোৱালপাৰা, শোণিতপুৰ, লখিমপুৰ, ধেমাজি, মাজুলী, নগাঁও, নলবাৰী সকলো ফালে এতিয়া কেৱল পানী আৰু পানী।

প্ৰতি বছৰেই বানে ধুই নিয়ে অসমখনক, ঢাহি-মুহি নিয়ে ঘৰ-দুৱাৰ, পথাৰ, পশুধন, জীৱন। ৰাজ্যত প্ৰত্যেক বছৰে বিভীষিকাৰ সৃষ্টি কৰা এই বানে অলেখ বন্যাৰ্তৰ এক স্বচন্দ জীৱনত হেঙাৰ হৈ থিয় দিয়ে। সপোনৰ ঘৰখন আটোম টোকাৰিকৈ সজাবলৈ লওতেই অনাকাংক্ষিত অতিথি হৈ চোতালত ভৰি দিয়া বাৰিষাই কাঢ়ি লৈ যায সকলো।

মৰিগাঁও জিলাৰ বাখৰবড়িত ঘৰ মিলন দাসৰ। ব্ৰহ্মপুত্ৰৰ পানীয়ে সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰা বানত বুৰ গৈছে মিলন দাসৰো আধা পকী ঘৰটো। এইকেইদিন তেওঁ আৰু তেওঁৰ পৰিয়ালে আশ্ৰয় ল’বলগীয়া হৈছে কাষৰ ওলপমান ওখ গড়কাপ্তানী পথটোৰ ওপৰতে। তেওঁলোকৰ গাঁওখনৰ প্ৰায় এশটা পৰিয়ালেও একেদৰেই তিৰ্পাল টানি পথৰ দাঁতিতে ৰাতিটো পাৰ কৰিছে। খাবলৈ চাউল নাই, পিন্ধিবলৈ কাপোৰ নাই।

মিলন দাসে কয়, ''ঘৰটো প্ৰত্যেক বছৰেই ভাল কৰিব লাগে। বছৰটোত যি কেইটা টকা সাঁচো, বানৰ পিছত ঘৰটো মেৰামতি কৰোতে সকলো শেষ হয়। এই কেইটা দিনত খাবলৈ অভাৱ ঘটে, থাকিবলৈ ঠাই নোহোৱা হয়। কোনোবা বছৰত কোনো সংস্থা বা চৰকাৰে অলপ ৰেচন দি থৈ যায় যদিও এইবাৰ সেইখিনিও পোৱা নাই।’’

একেখন গাঁৱৰে আশা কৰ্মী বিউটি বণিয়াই কয়, ''এই কেইটা দিনত মহিলা আৰু যুৱতী সকলৰ অধিক কষ্ট হয়। তেওঁলোকৰ বাবে গা-ধোৱা, প্ৰাতঃকৰ্ম কৰাৰ কোনো ব্যৱস্থা নাথাকে। লাজ-মান কাটি কৰি মুকলিকৈয়ে তেওঁলোকে এইবোৰ কাম কৰিবলগীয়া হয়। তেওঁলোকৰ অনাময় বা স্বাস্থ্যৰ কোনো যত্ন লোৱা নহয় বাবেই বানৰ পিছত প্ৰায়ে মহিলা আৰু যুৱতীসকল অসুস্থ হৈ পৰে।’’

ভয়াৱহ বানত ত্ৰাহি ত্ৰাহি জনতাৰ

বছৰৰ পিছত বছৰ ধৰি বিভীষিকাৰ সৃষ্টি হোৱা বান অসমৰ এতিয়া প্ৰধান সমস্যা হৈ পৰিছে। যিখন অসমত নদীয়েই জীৱন, সেইখন ৰাজ্যত নদীয়েই কালৰূপ ধাৰণ কৰি প্ৰত্যেক বছৰে আতংকিত কৰি আহিছে নৈপৰীয়া জনতাক। চৰকাৰী তথ্য অনুসৰি, বিগত ১০ বছৰত অসমত বানে ৫৮১ জন লোকৰ প্ৰাণ কাঢ়িছে, বহু লোক আজিও সন্ধানহীন হৈ সময়ৰ বুকুত হেৰাই গৈছে। 

অসমৰ ৰাইজৰ বাবে বান মানে যে কেৱল জীৱনৰ ক্ষতিসাধন তেনে নহয়, প্ৰতি বছৰে অহা বানে নিঃশেষ কৰি থৈ যায় সেউজীয়া পথাৰখন, উটুৱাই নিয়ে দুটকা পাম বুলি প্ৰতিপাল কৰা পশুধন কেইটা। অসম চৰকাৰে বানৰ পিছত কৰা ক্ষয়-ক্ষতিৰ পৰ্যবেক্ষণ অনুসৰি এই বানে বছৰি হাজাৰ হাজাৰ কোটি টকাৰ ক্ষতি কৰি আহিছে অসমৰ। ২০২২ চনত অসমত প্ৰলয়ংকাৰী বানৰ তিনিটা লহৰত হোৱা ক্ষতিৰ পৰিমাণ প্ৰায় ৮০০০ কোটি টকা বুলি অনুমান কৰা হৈছিল। অসম এছডিএমএৰ তথ্য অনুসৰি যোৱা বছৰ বানে ৭৮০ খন বুৰাইছিল। এই বানত ৰাজ্যজুৰি প্ৰায় ১০,৭৪৭৯ হেক্টৰ শস্য এলেকা ক্ষতিগ্ৰস্ত হৈছিল। সমান্তৰালভাৱে ক্ষতিসাধন হৈছিল একাধিক জিলাৰ মথাউৰি, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনিৰো।

এইবছৰ ৰাজত দুটাকৈ বানৰ ভয়াৱহ ৰূপে ধন-জন-সম্পত্তিৰ ব্যাপক ক্ষতিসাধন কৰাৰ পিছত ৩ জুন অৰ্থাৎ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি বানত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ প্ৰকাশ কৰা মতে, এইবাৰ দুটাকৈ বানৰ লহৰত ২৮ খন জিলাৰ ৮৪ টা ৰাজহ চক্ৰৰ ২২০৮ খন প্ৰভাৱিত হৈছে। এইবাৰ বানত ১১ লাখ ৩৪ হাজাৰ ৪৪৬ জন লোক আক্ৰান্ত হৈছে। ইফালে ৰাজ্যখনত বানত হোৱা ক্ষয় ক্ষতিৰ বিষয়ে অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ ৪০ টা মথাউৰি ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি ৯২২ টা পথ, ৫২ খন দলং এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হৈছে। 

ইফালে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ভয়াবহ বানত পুনৰ ৮ জন লোকৰ মৃত্যু ঘটে। প্ৰতিবেদন অনুসৰি, শোণিতপুৰ জিলাৰ তেজপুৰ ৰাজহ এলেকাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মৰিগাঁৱৰ মায়ং, ডিব্ৰুগড়ৰ নাহৰকটীয়া, দৰঙৰ পূব মঙলদৈ, দেৰগাঁও, গোলাঘাট, বিশ্বনাথৰ হালেম আৰু তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত এজনকৈ লোকৰ মৃত্যু ঘটে। ইয়াৰ লগে লগে এইবাৰ বানপানী, ভূমিস্খলন আৰু ধুমুহাত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও শোণিতপুৰ, শিৱসাগৰ আৰু গোলাঘাট জিলাত আৰু তিনিজন লোক সন্ধানহীন হৈ আছে আৰু বানত উটি যোৱাৰ আশংকা কৰা হৈছে। 

এ এছ ডি এম এৰ দৈনিক প্ৰতিবেদন অনুসৰি বৰপেটা, বিশ্বনাথ, কাছাৰ, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কামৰূপ মহানগৰ, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাৰ বানৰ ফলত ১৬,২৫,০০০ লোক ক্ষতিগ্ৰস্ত হৈছে।

আনহাতে এইবাৰৰ বানত সৰ্বাধিক লোক প্ৰভাৱিত হৈছে ধুবুৰী জিলাত। জিলাখনত ২.২৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে, তাৰ পিছতে দৰঙৰ প্ৰায় ১.৮৪ লাখ লোক আৰু লখিমপুৰৰ ১.৬৬ লাখৰো অধিক লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে।প্ৰশাসনে ২৪ খন জিলাত ৫১৫ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে, য’ত বৰ্তমান ৩,৮৬,৯৫০ জন লোকে আশ্ৰয় লৈ আছে।

এ এছ ডি এম এয়ে জনোৱা মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অসামৰিক প্ৰশাসন, এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু জৰুৰীকালীন সেৱাৰ কৰ্মীয়ে প্ৰায় ৮৪০০ লোকক উদ্ধাৰ কৰিছে। ইফালে বিগত ২৪ ঘন্টাত ৰাজ্যৰ বানাক্ৰান্তৰ মাজত ৬,৩৭২.৪২ কুইণ্টল চাউল, ১,২৩০.৯৬ কুইণ্টল দালি, ৩৬৫.৬১ কুইণ্টল নিমখ আৰু ২৭,৩০৩.১৩ লিটাৰ সৰিয়হ তেল বিতৰণ কৰা হৈছে।

এ এছ ডি এম এযে জনোৱা মতে, বৰ্তমান অসমত ২৮০০ খন গাঁৱৰ ৪২,৪৭৬.১৮ হেক্টৰ শস্যৰ ক্ষতিসাধন হৈছে। ইয়াৰোপৰি ব্যাপক বানপানীৰ ফলত ৰাজ্যজুৰি ১১,২০,১০০ৰো অধিক পোহনীয়া জন্তু আৰু হাঁহ-কুকুৰা ক্ষতিগ্ৰস্ত হৈছে।

কিয় চৰকাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে অসমৰ বান?

সাত বছৰ আগৰ কথা। অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াক লগত লৈ অসম আৰু উত্তৰ-পূবৰ বান আৰু গৰাখহনীয়া সন্দৰ্ভত গুৱাহাটীতে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল। ধুম-ধামেৰে ৰাইজৰ সন্মুখত প্ৰচাৰ কৰা সেই বৈঠকত অসম আৰু উত্তৰ-পূবৰ বান সমস্যাক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তও লোৱা হৈছিল। 

২০১৭ চনৰ ১ আগষ্টত অনুষ্ঠিত হোৱা সেই প্ৰধানমন্ত্ৰী পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত ব্ৰহ্মপুত্ৰৰ অৱবাহিকাৰ গৱেষণাৰ বাবে ১০০ কোটি টকা, ব্ৰহ্মপুত্ৰৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বৃদ্ধিৰ ব্যৱস্থাৰ বাবে ৪০০ কোটি টকা আৱণ্টন দিছিল। সমান্তৰালভাৱে উত্তৰ-পূবৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ২০০০ কোটি টকা আৰু বানৰ ফলত ক্ষতিগ্ৰস্ত অসমৰ পথ, দলং আদিৰ মেৰামতিৰ বাবে ১২০০ কোটি টকাও আৱণ্টন দিছিল। 

সাত বছৰ পাৰ হৈ গ’ল প্ৰধানমন্ত্ৰী মোদীৰ সেই বান-খহনীয়া সম্পৰ্কীয় পৰ্যালোচনা বৈঠকৰ, মুখ্যমন্ত্ৰীও সলনি হ’ল অসমৰ, কিন্তু আজিও সমাধান নোলাল অসমৰ বান সমস্যাৰ। বাৰিষা অহাৰ লগে লগে দুই এটা মথাউৰি কিছু পৰিমাণে মেৰামতি কৰিয়েই দায়িত্ব সামৰা দেখা গ’ল ৰাজ্য চৰকাৰখনক।

একেদৰে ২০১৭ চনতে তেতিয়াৰ মুখ্যমন্ত্ৰী আৰু আজিৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে দিল্লীত বৈঠকত মিলিত হৈছিল কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। এই বৈঠকতে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ বাবে অসমক ২০০ কোটি আৱণ্টন দিয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ খননৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৪০০ কোটি টকা মুকলি কৰি দিয়াৰ ঘোষণা কৰিছিল। ৰাজ্য চৰকাৰে ঢাক-ঢোল বজাই প্ৰচাৰ কৰা এই খবৰে আশাৰ বতৰা কঢ়িয়াই আনিছিল ৰাজ্যবাসীৰ মাজত। আশা কৰা হৈছিল- ব্ৰহ্মপুত্ৰৰ খননে বান সমস্যা বহু পৰিমাণে প্ৰতিহত কৰিব পাৰিব। সেই বছৰৰ ছেপ্টেম্বৰ মাহৰ পৰাই আৰম্ভ হোৱাৰ কথা আছিল ব্ৰহ্মপুত্ৰ নদীৰ খনন।

সোণোৱাল আৰু গাদকাৰীৰ সেই বৈঠকৰ পিছতে ঘোষণা কৰা হৈছিল যে ৬০০ কিলোমিটাৰ পৰ্যন্ত খননৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৪০০ কোটি টকা মুকলি কৰি দিব। ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা ওলোৱা বালিৰে নৈৰ কাষে কাষে নিৰ্মাণ কৰা হ’ব এক্সপ্ৰেছ হাইৱে’, নদীৰ গভীৰতা ৪৫ মিটাৰ ৰখা হ’ব। কিন্তু আজিও সেয়া নহ’ল, কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি আৰু ঘোষণা কেৱল ভেকোভাওনা হৈ ৰ’ল।

অসমে বিচাৰে বহুত, পায় শূন্য

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। অসমলৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অহা নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ আন আন নেতাসকলেও বাৰে বাৰে অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু যেতিয়া মোদী প্ৰধানমন্ত্ৰী হ’ল, তেতিয়া কোৱা হ’ল যে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাত অসুবিধা আছে।

বৰ্তমান সময়ত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা দূৰৈৰ কথা, এই বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ মাহীআইৰ দৃষ্টিক লৈও বহুতে আক্ষেপ ব্যক্ত কৰি আহিছে। এইবাৰ বানৰ সংহাৰী ৰূপ ধাৰণৰ পিছত অসমৰ বানপানী সমস্যাক লৈ কেন্দ্ৰীয় মোদী চৰকাৰৰ দৃষ্টিভংগীক সেয়ে ক্ষুৰধাৰ সমালোচনা কৰিছে ৰাইজৰ দলে।

অসমৰ বান সমস্যাক লৈ সম্বোধন কৰা এক সংবাদ মেলত ৰাইজৰ দলে কয় যে এই বান সমস্যা সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণৰূপে গা এৰা দিছে। বিগত কেই বছৰমানত অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে অসমে কিমান বিচাৰিছিল আৰু কেন্দ্ৰীয় চৰকাৰে কিমান ধন প্ৰদান কৰিছে তাৰো এক তালিকা প্ৰকাশ কৰে দলটোৱে।

ৰাইজৰ দলে কয় যে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০১৮-১৯ বৰ্ষত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা ২৫০৯.৭ কোটি টকা বিচাৰিছিল। ইয়াৰ পৰিৱৰ্তে উচ্চস্তৰীয় সমিতিয়ে আৱণ্টন দিছিল ১৩৮.৩৮ কোটি টকা। কিন্তু অৱশেষত সেই বছৰ অসমক এটকাও প্ৰদান নকৰিলে কেন্দ্ৰীয় চৰকাৰে। একেদৰে ২০১৯-২০ বৰ্ষত অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰিছিল ৩২৩৭.৭৬ কোটি টকা, উচ্চস্তৰীয় সমিতিয়ে অনুমোদন দিছিল ৬১৬.৬৩ কোটি টকা। কিন্তু অৱশেষত সেইবছৰো অসমক বুঢ়া আঙুলি দেখুৱায় মোদী চৰকাৰে। 

২০২০-২১ বৰ্ষত অসমে বান পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ২৬৪০.৮৭ কোটি টকা বিচাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় সমিতিয়ে ৪৩৭.১৫ কোটি টকাৰ অনুমোদন জনায়। সেই বছৰ ৪৪.৩৭ কোটি টকা আৱণ্টন দিয়েই দায়িত্ব সামৰে কেন্দ্ৰীয় চৰকাৰে। ২০২১-২২ বৰ্ষতো ১০৮৮.১৮ কোটি টকা বিচাৰি এটকাও লাভ কৰিবলৈ সক্ষম নহ’ল অসমে। অৱশ্যে ২০২১-২২ বৰ্ষত মোদী চৰকাৰৰ পৰা বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেইটামান টকা বেছিকৈ লাভ কৰিবলৈ সক্ষম হয় অসমে। এই বিত্তীয় বৰ্ষত অসমে ১৩০৯.৫০ কোটি টকা বিচাৰিছিল, পৰিৱৰ্তে উচ্চস্তৰীয় সমিতিয়ে অনুমোদন জনাইছিল ৫২০.৪৭ কোটি টকা আৰু কেন্দ্ৰীয় চৰকাৰে আৱণ্টন দিয়ে ১৬০.৯৪ কোটি টকা।

ৰাইজৰ দলে এই সমীক্ষা দাঙি ধৰি কয় যে অসমে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যোৱা ৫টা বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সৰ্বমুঠ ১০,৭৮৫.৩৮ কোটি টকা বিচাৰি কেৱল ২৫০.৩১ কোটি টকাহে লাভ কৰিবলৈ সক্ষম হয়। বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা ৫০ হাজাৰ কোটি টকাৰ দাবী কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, ''অসমৰ বান আৰু গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক ৫০ হাজাৰ কোটি টকাৰ এটা পেকেজ প্ৰদানৰ ব্যৱস্থা কৰিব লাগে।’’

অসমৰ বন্যাৰ্তক ভিক্ষাৰীৰ দৰে আচৰণ কৰা হৈছে বুলি মন্তব্য কৰি অখিল গগৈয়ে কয়, ''আমি যে ভিক্ষাৰীক ৫০ পইচা এটা দলিয়াও দিও, তেনেকৈয়ে আমাৰ বন্যাৰ্তসকলক দিয়া হৈছে। কাষৰ হোটেলত ৫ হাজাৰ টকীয়া কফি খাই ভিক্ষাৰীক ৫০ পইচা দলিয়াই দিয়াৰ দিয়াকৈ সাহায্য দিছে।’’ তেওঁ লগতে কয়, ''এটা পকীঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হ’লে চৰকাৰে ১২০০০০ টকাৰ ক্ষতিপূৰণ দিয়ে। কিন্তু এইখিনি টকাৰে ঘৰ এটা নিৰ্মাণ কৰাটো সম্ভৱ নে? আমাৰ যেতিয়া কাপোৰ-কানি সকলো উটি যায়, তেতিয়া চৰকাৰে আমাক ৫ হাজাৰ টকা এটা দলিয়াই দিয়ে।’’

ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়, ''অসমৰ বান আৰু গৰাখহনীয়া ৰোধত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আমি দীৰ্ঘদিনৰ পৰাই অসমৰ অৰ্থনৈতিক ভেটি ভাঙি চূৰমাৰ কৰা বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী জনাই আহিছো, কিন্তু আজিলৈকে সেয়া হৈ উঠা নাই। একমাত্ৰ অসমৰ প্ৰতি চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবেই আজি অসমৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে।’’

আনহাতে সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সংসদৰ মজিয়াত প্ৰদান কৰা প্ৰথমটো ভাষণত অসমৰ বান সমস্যাৰ কথা উল্লেখ কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। তেওঁ ভাষণৰ আৰম্ভণিতে কয়, ''অধ্যক্ষ মহোদয়, যদিও আজি মই সদনত উপস্থিত আছো, কিন্তু মোৰ মনোযোগ আৰু মন অসমৰ বানপানীৰ ওপৰত আছে। তাত পৰিস্থিতি অতি বিপদজনক। আপুনি নিশ্চয় বানপানীৰ সময়ত বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰিস্থিতি দেখিছে যে মানুহে কিমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়।" মই বিচাৰো চৰকাৰে নিজৰ উদ্বেগ প্ৰকাশ কৰি আজি নিজেই এন ডি আৰ এফৰ এটা দল প্ৰেৰণ কৰক আৰু জল শক্তি মন্ত্ৰীক তৎক্ষণাত অসমলৈ প্ৰেৰণ কৰক।"

৫০টা পুখুৰী খান্দি অসমৰ বান নিয়ন্ত্ৰণ কৰিব অমিত শ্বাহে!

বছৰ বছৰ ধৰি সমাধান নোহোৱা অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে এটা নতুন বাট বিচাৰি পাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৫০টা ডাঙৰ ডাঙৰ পুখুৰী খান্দি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বান প্ৰতিৰোধৰ এক অনন্য কৌশলৰ সন্ধান উলিয়াই এতিয়া চৰ্চিত হৈ পৰিছে অমিত শ্বাহ। শেহতীয়াকৈ সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ বান পৰিস্থিতিৰ মূল্যায়নৰ বাবে অনুষ্ঠিত হোৱা বৈঠকত শ্বাহে কয় যে ব্ৰহ্মপুত্ৰৰ পানী অন্য দিশলৈ বোৱাই নিবলৈ ৫০ টা ডাঙৰ পুখুৰী খন্দা হ’ব। তেওঁৰ যুক্তি অনুসৰি, এই পুখুৰীসমূহে অতিৰিক্ত বানপানী জমা কৰাৰ বাবে জলাশয় হিচাপে কাম কৰিব, আৰু এই পানী পৰৱৰ্তী সময়ত কৃষিৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব।

গৃহমন্ত্ৰী মন্ত্ৰী শ্বাহে ছিকিম আৰু মণিপুৰৰ বান পৰিস্থিতি সন্দৰ্ভতো বিতং প্ৰতিবেদন বিচাৰিছে। এই বৈঠকত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ) আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ (আই এম ডি) সঞ্চালক প্ৰধানকে ধৰি গুৰুত্বপূৰ্ণ বিভাগসমূহৰ লোকৰ লগতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। প্ৰস্তুতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্বাহে সমগ্ৰ দেশৰ সকলো বৃহৎ মথাউৰিৰ বানপানীৰ গেট যাতে অনুকূল অৱস্থাত থাকে তাৰ বাবে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। তেওঁ আলোকপাত কৰে যে অ-বাৰ্ষিক নদীসমূহ মাটিৰ খহনীয়াৰ বাবে বিশেষভাৱে দুৰ্বল, যাৰ ফলত বানপানীৰ সৃষ্টি হয়, আৰু বান ব্যৱস্থাপনা উন্নত কৰাৰ বাবে নদীৰ পানীৰ স্তৰৰ পূৰ্বাভাস ব্যৱস্থা উন্নীত কৰাৰ আহ্বান জনায়। 

বানপানীৰ সময়ত সম্ভাৱ্য পথৰ ডুব যোৱাৰ সৈতে মোকাবিলা কৰিবলৈ পথ নিৰ্মাণৰ ডিজাইনত প্ৰাকৃতিক নিষ্কাশন ব্যৱস্থা অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো শ্বাহে গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও তেওঁ আই এম ডিক এছ এম এছ, টিভি, এফএম ৰেডিঅ’ আৰু অন্যান্য মিডিয়া চেনেলৰ জৰিয়তে তৎক্ষণাত বিজুলীৰ সতৰ্কবাণী প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্ৰদান কৰা কৌশল হাস্যকৰ বুলি মন্তব্য কৰিছে বিভিন্নজনে। ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয়, ''গৃহমন্ত্ৰী অমিত শ্বাহৰ মতে ৫০ টা পুখুৰী খান্দি অসমৰ বান সমস্যাৰ সমাধান কৰিব পৰা যাব। কিন্তু ব্ৰহ্মপুত্ৰৰ উপ নৈসমূহে কিমান টন পানী কঢ়িয়াই নিয়ে তেওঁৰ অনুমান আছেনে? গৃহমন্ত্ৰীৰ এনে টুলুঙা পৰামৰ্শ আচলতে কেন্দ্ৰীয় চৰকাৰ যে অসমৰ বান সমস্যাক লৈ সচেতন নহয় তাৰেই প্ৰমাণ।’’

ভাতৃপ্ৰীতি, ৰাইজৰ পহুখেদা মন্ত্ৰী মহন্তক

অসমৰ অৱনতি ঘটা বান পৰিস্থিতিৰ মাজতে ভাতৃপ্ৰীতিৰ বাবে ৰাইজৰ পৰা পহুখেদা খাবলগীয়া হ’ল ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই। নিজ সমষ্টিৰ বন্যাৰ্তৰ মাজতে মন্ত্ৰীগৰাকীৰ এনে দুৰ্দশাই এতিয়া সামাজিক মাধ্যমত লাভ কৰিছে ব্যাপক চৰ্চা। দৰাচলতে এইবাৰ দ্বিতীয়বাৰৰ বাবে ছিগিল কলিয়াবৰৰ গুৰুত্বপূৰ্ণ হাতীমূৰা মথাউৰি। তাৰ পিছতে বন্যাৰ্তৰ বুজ ল’বলৈ যোৱা মন্ত্ৰী কেশৱ মহন্তৰ সৈতে ৰাইজৰ লাগে খকা-খুন্দা।

উল্লেখ্য যে, এই হাতীমূৰা মথাউৰিটো মেৰামতিৰ ঠিকা লাভ কৰিছিল মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তৰ মাধৱ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৱে। ৰাইজৰ দলে অভিযোগ কৰা মতে, কেশৱ মহন্তৰ ভাতৃপ্ৰীতিৰ বাবেই শইকীয়া উপাধিৰ আন এজনৰ সৈতে মথাউৰিটোৰ মেৰামতিৰ ঠিকা পাইছিল মাধৱ এণ্টাৰপ্ৰাইজে। ইয়াৰ পূৰ্বে ২০১৭ চনতো এই মথাউৰিটোৰ নিৰ্মাণৰ ঠিকা পাইছিল মাধৱ এণ্টাৰপ্ৰাইজে। এইবাৰ মথাউৰিটোৰ নিৰ্মাণৰ বাবে আবণ্টন দিয়া হৈছিল ৭ কোটি ৬০ লাখ টকা।

২০১৭ চনত কৃষ্ণ মহন্তৰ মাধৱ এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰাৰ পিছতে ভাঙি বান প্ৰলয়ৰ সৃষ্টি কৰিছিল হাতীমূৰা মথাউৰিটোৱে। কিন্তু তাৰ পিছতো ২০২২-২৩ বৰ্ষত দুখন মাত্ৰ নিবিদাৰে পুনৰ এবাৰ কেনেকৈ একেটা প্ৰতিষ্ঠানে মথাউৰিটোৰ নিৰ্মাণৰ ঠিকা লাভ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলে।

ইফালে দ্বিতীয়বাৰৰ বাবে একেটা মথাউৰি ছিগি পুনৰ এবাৰ বিভীষিকা নমাই অনাৰ পিছত বুধবাৰে বন্যাৰ্তৰ বুজ ল’বলৈ যায মন্ত্ৰী কেশৱ মহন্তই। সেই সময়ত বন্যাৰ্তই তেওঁক মথাউৰিটোৰ নিৰ্মাণক লৈ প্ৰশ্ন কৰাত বন্যাৰ্তকে আক্ৰমণৰ বাবে খেদি যায় ৰাজ্য চৰকাৰৰ বাহুবলী মন্ত্ৰীগৰাকীয়ে। কিন্তু বানত ক্ষতিগ্ৰস্ত অঞ্চলবাসীৰ ক্ষোভৰ সন্মুখত তিষ্ঠিব নোৱাৰি অৱশেষত পলায়ন কৰিবলগীয়া হয় মহন্তই।

লক্ষণীয় যে, বৰ্তমান সময়ত সামাজিক মাধ্যমত চৰ্চিত হৈ থকা আন এজন শাসকীয় দলৰ বিধায়ক হৈছে বৰ্তমান সময়ত বানত সম্পূৰ্ণৰূপে বুৰ গৈ থকা বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী। বৰ্তমান থাইলেণ্ডত পাৰিবাৰিক উদযাপনত ব্যস্ত আছে গোস্বামী। সমষ্টিবাসীক দুৰ্যোগৰ মাজত আলাই আথানিকৈ এৰি জ্যেষ্ঠ পুত্ৰৰ উপনয়ৰ বাবে ৬০ জন মিতিৰ-কুটুম্বক লগত লৈ থাইলেণ্ড ভ্ৰমণৰত জিতু গোস্বামীক লৈও সমষ্টিবাসী আৰু সামাজিক মাধ্যমত ঘটিছে ক্ষোভৰ উদগীৰণ।

একেদৰে এতিয়া সামাজিক মাধ্যমত ক্ষোভৰ বলি হৈছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। মন কৰিবলগীয়া যে, জলসম্পদ মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ ঠিক পিছতে অসমৰ চুকে-কোণে গৈ মথাউৰি নিৰ্মাণৰ পৰিদৰ্শন কৰিছিল পীযুষ হাজৰিকাই। বহুবাৰ অন কেমেৰা তেওঁ ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষক ধমক দি চৰ্চাও লাভ কৰিছিল। কিন্তু তেওঁৰ সেই তৎপৰতা কেৱল যে দুদিনীয়াহে আছিল, সেয়া বৰ্তমানৰ বান পৰিস্থিতিয়ে প্ৰমাণ কৰিছে বুলি সামাজিক মাধ্যমত ক্ষোভ উজৰা পৰিলক্ষিত হৈছে বিভিন্নজনে।