ডিজিটেল ডেস্কঃ ভাৰত-চীন সীমান্তত ভাৰতীয় তীৰ্থযাত্ৰীক চীনা কৰ্তৃপক্ষই হকা-বাধা কৰা ৰঙাচীনক ভাৰতে ভয় কৰে।

চীন সীমান্তত দুয়োপক্ষৰ সেনাৰ কাৰ্যকলাপ বৃদ্ধি পোৱাৰ সময়তে শুকুৰবাৰে উত্তৰ-পূৱ ভাৰতৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সন্মিলনত যোগ দিয়া অসমৰ ৰাজ্যপাল বানোৱাৰী লাল পুৰোহিতে কোনোধৰণৰ শংকাবোধ নকৰাকৈয়ে ক’লে- ভাৰতে চীনৰ সৈতে যুদ্ধ কৰিব নোৱাৰে। পৰিস্থিতি এনেকুৱা যে আজি আমি চীনক ভয় কৰিব লাগে। 

পুৰোহিতে কয় যে চীনে শক্তিত ভাৰততকৈ বহুত আগবঢ়া আৰু সেয়ে আমি যুদ্ধ নিবিচাৰো। ইয়াৰ মাজতে দুৰ্নীতিৰ প্ৰসংগ টানি পুৰোহিতে কয় যে দেশৰ উন্নতিত দুৰ্নীতিয়ে হেঙাৰ সৃষ্টি কৰি আহিছে। পুৰোহিতৰ এই মন্তব্যৰ পিছতে একপ্ৰকাৰে বিবাদৰ সৃষ্টি হয়। 

অসম প্ৰশাসনিক মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সন্মিলনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে উত্তৰ-পূৱ আৰক্ষী বল গঠনৰো চিন্তা কৰা হয়।