গুৱাহাটীঃ ৰাজ্যৰ সুৰাপায়ী সকলৰ বাব বেয়া খবৰটো আহিল বুধবাৰে৷ ৰাজ্য চৰকাৰে বিধান সভাত আবকাৰী আইন সংশোধন কৰি ৰাজহুৱা স্থানত মদ্যপান কৰা নিষেধ কৰে৷ এতিয়াৰ পৰা মুকলি স্থান তথা ৰাজহুৱা ঠাইত মদ্যপান কৰিলে বিপদত পৰিব৷
ৰাজ্য চৰকাৰে অসম বিধান সভাত আইন সংশোধন কৰি ৰাজহুৱা স্থানত সুৰাপান কৰিব নোৱাৰাৰ ব্যৱস্থা কৰে৷ এতিয়াৰ পৰা মুকলিত সুৰা পান কৰিলে অপৰাধ ৰূপে বিবেচিত হ’ব৷ অসম আবকাৰী আইন মতে তেনে কৰিলে ৫০০০ টকা জৰিমনা বিহাই নহয় তিনি মাহৰ জেল পৰ্যন্ত হ’ব৷