গুৱাহাটীঃ দিল্লীৰ Constitution Clubত অনুষ্ঠিত বিতৰ্কিত NRCৰ সভাৰ তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ইতিমধ্যে অসম আৰক্ষীৰ এটা দল Constitution Clubত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ক্নাবৰ লোকক সোধ-পোছ কৰে৷ Delhi Action Committee for Assamৰ সভাপতি তথা বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ পুত্ৰ বনজিৎ হুছেইনক শনিবাৰে অসম আৰক্ষীয়ে সোধ-পোছ কৰিব৷ গুৱাহাটী মহানগৰ আৰক্ষীৰ এটা দল বৃহস্পতিবাৰে দিল্লীত উপস্থিত হয়।দলটোক দিল্লী আৰক্ষীয়ে সহায় কৰা বুলিও জানিব পৰা গৈছে৷
১৩ নৱেম্বৰৰ দিল্লীৰ বিতৰ্কিত NRCৰ সন্দৰ্ভত Constitution Clubত অনুষ্ঠিত সভাক অসম আৰক্ষীয়ে গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে৷ ইয়াৰ পূৰ্বে সভাত অংশ গ্ৰহণ কৰা অসমৰ বুদ্ধিজীৱীক আৰক্ষীয়ে সোধ-পোছ কৰে৷ বৃহস্পতিবাৰে নিশা ফটাশীল আৰক্ষীয়ে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ ঘৰত উপস্থিত হৈ সোধ-পোছ কৰে৷ বহু সময় ধৰি সোধ-পোছ কৰাৰ অন্তত আৰক্ষীয়ে হাইদৰ হুছেইনৰ ঘৰৰ পৰা ওলাই আহে৷ আনহাতে বিশিষ্ট সাংবাদিক মনজিৎ মহন্তই শুকুৰবাৰে ফটাশিল আৰক্ষী থানাত হাজিৰ হয়৷