newsnextone.com।ডিফুঃ দেওবাৰে পুৱতি নিশা ডিফুত পাহাৰ ভূমিস্খলন হৈ এগৰাকী আৰক্ষী কনিষ্টবলৰ কৰুণ মৃত্যুয়ে সমগ্ৰ অঞ্চলটোতে এতিয়া গভীৰ শোকৰ ছাঁ পেলাইছে৷ প্ৰাপ্ত বাতৰি আৰু প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি দেওবাৰে পুৱতি নিশা প্ৰায় ২-১৫ মান বজাত ডিফু থানা অন্তৰ্গত দেৱান বস্তিৰ ৰজব আলী নামৰ লোক এজনৰ পাহাৰৰ ওখ টিলাৰ কাষতে লাগি থকা ভাড়াঘৰ এটাৰ ওপৰত পাহাৰৰ পৰা হোৱা ভূমিস্খলনে ভাড়াঘৰটোৰ দেৱাল ভাঙি পেলায়। ফলত ভাড়া ঘৰটোৰ ভিতৰত নিদ্ৰাৰত অৱস্থাত থকা নজৰুল ইছলাম নামৰ অসম আৰক্ষীৰ ইউবি কনিষ্টবল জনৰ কৰুণ মৃত্যু হয়৷
