186
গুৱাহাটীঃ অসম বিজ্ঞান সমিতিয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰ দুৰীকৰণ তথা বিজ্ঞান মনস্কতা গঢ়ি তোলাৰ বাবে এক বিশেষ আঁচনি হাতত লৈছে।
অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ সহযোগীতাত ৯ জুলাইৰ পৰা ৰাজ্যৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলক সামৰি বিজ্ঞান সমিতিৰ ৩০ টা শাখাৰ জড়িয়তে এই অভিযান আৰম্ভ কৰা হ’ব।