গুৱাহাটীঃ অসম বিজ্ঞান সমিতিয়ে অন্ধবিশ্বাস আৰু কুসংস্কাৰ দুৰীকৰণ তথা বিজ্ঞান মনস্কতা গঢ়ি তোলাৰ বাবে এক বিশেষ আঁচনি হাতত লৈছে।

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ সহযোগীতাত ৯ জুলাইৰ পৰা ৰাজ্যৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলক সামৰি বিজ্ঞান সমিতিৰ ৩০ টা শাখাৰ জড়িয়তে এই অভিযান আৰম্ভ কৰা হ’ব।

অভিযানত সৰ্পদংশন, ডাইনী, কৃষি, বেমাৰ-আজাৰ, আদি বিষয়ত থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰতিৰোধৰ প্ৰয়াস কৰা হ’ব।

আনহাতে ৰাজ্যৰ দহটা স্থানত গ্ৰাম্য বিজ্ঞান মেলা আয়োজন কৰা হ’ব বুলি অভিযানৰ আহ্বায়ক বীৰব্ৰত দাস চৌধুৰীয়ে জানিবলৈ দিয়ে।