77
নগাঁওঃ শীঘ্ৰে অসমৰ চোৰ যাব মেলবৰ্ণলৈ৷ মেলবৰ্ণলৈ গৈ চোৰে বদনাম নহয় সদনাম বুটলি আনিব৷ গাঁৱৰ বোকা-পানী গচকা চোৰ অসমীয়া জাতিৰ অভিমান হৈ পৰিব মেলবৰ্ণলৈ গৈ৷
অসমৰ চোৰক অসমৰ আৰক্ষীয়ে শাস্তি দিয়াটো দূৰৰ কথা মেলবৰ্ণৰ আৰক্ষীয়ে চ্যেলুট হে কৰিব৷ অসমীয়া নব্য ধাৰাৰ চুটি চলচ্চিত্ৰ ’চোৰ’ৰ কথা হে কৈছো৷ সন্মানীয় মেলবৰ্ণ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে চলচ্চিত্ৰখন৷