ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাঃ স্বৰ্ণকমল বঁটা অসমৰ ‘ভিলেজ ৰকষ্টাৰ’লৈ, ‘ইশ্বু’লৈ শ্ৰেষ্ঠ...

Home বিনোদনৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাঃ স্বৰ্ণকমল বঁটা অসমৰ ‘ভিলেজ ৰকষ্টাৰ’লৈ, ‘ইশ্বু’লৈ শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ সন্মান

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাঃ স্বৰ্ণকমল বঁটা অসমৰ ‘ভিলেজ ৰকষ্টাৰ’লৈ, ‘ইশ্বু’লৈ শ্ৰেষ্ঠ অসমীয়া কথাছবিৰ সন্মান

by News Desk
252 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ এবাৰ জিলিকি উঠিল অসম৷ শুকুৰবাৰে ঘোষণা কৰা ৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এইবাৰ শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰীমা দাস পৰিচালিত কথাছবি ‘ভিলেজ ৰকষ্টাৰ’য়ে৷ গাঁৱৰ এগৰাকী সপোনপিয়াসী কিশোৰীৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ এই বঁ‌টা লাভ কৰাঁ‌ এইখন হ’ল দ্বিতীয়খন অসমীয়া ছবি। ইয়াৰ পূৰ্বে ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱাৰ “হালধীয়া চৰায়ে বাওঁ‌ধান খাই” ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণ কমল বঁ‌টা।

শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা শিশু শিল্পী ভণিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷ তদুপৰি ৰীমা দাসে ‘ভিলেজ ৰকষ্টাৰ’ৰ বাবে বেষ্ট এডিটিং আৰু মল্লিকা দাসে বেষ্ট অডিঅ’গ্ৰাফীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ ইফালে আন এখন অসমীয়া ছবি ‘ইশ্বু’য়ে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান লাভ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0