বিশেষ প্ৰতিবেদনঃ কৰ’না কালত ভিন্ন ক্ষেত্ৰৰ লগতে অসমৰ সংবাদ ক্ষেত্ৰখনতো দেখা গৈছে একাধিক পৰিৱৰ্তন। সাধাৰণতে এটা সংবাদ প্ৰতিষ্ঠানৰ পৰা আন এটা সংবাদ প্ৰতিষ্ঠানলৈ সাংবাদিকসকলৰ অহা-যোৱা তেনেই এক সাধাৰণ ঘটনা। কিন্তু কৰ’নাৰ এই সংকট কালত এই সাধাৰণ অহা-যোৱাই হৈ পৰিছে সম্পূৰ্ণৰূপে ব্যতিক্ৰম।

কৰ’নাৰ এই সংকটৰ সময়ত এটা প্ৰতিষ্ঠানৰ পৰা আনটো প্ৰতিষ্ঠানলৈ সাংবাদিকৰ অহা-যোৱাৰ লগতে সংঘটিত হৈছে আন কেবাটাও উল্লেখনীয় ঘটনা। বাতৰিৰ জৰিয়তে অহৰহ অইনৰ দুখ-দুৰ্দশা তথা সমস্যাৰ কথা লিখি আৰু কৈ অহা সাংবাদিকসকলো যোৱা দুমাহত সন্মুখীন হ’বলগীয়া হৈছে বৃহৎ সংকটৰ। একেদৰে আধুনিক অনলাইন ব্যৱস্থাক সম্পূৰ্ণৰূপে পিঠি দি অহা কেবাটাও সংবাদ প্ৰতিষ্ঠানে কৰ’না সৃষ্ট দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত অনলাইন ব্যৱস্থাৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ বাধ্য হৈ পৰিছে।

'পাতাল লোক'ত সংবাদ মাধ্যম!

সকলো কাহিনীতে থাকে আঁৰৰ অনেক কাহিনী। কিন্তু কিছুমান কাহিনীৰ আঁৰৰ কাহিনী সাধাৰণ লোকসকলৰ পৰা সদায়েই আঁৰতেই ৰৈ যায়। সাধাৰণ লোকসকলৰ পৰা আঁৰত ৰৈ যোৱা এনে কাহিনীসমূহৰ অধিকাংশই চাৰিটা বিশেষ ক্ষেত্ৰৰ সৈতে জড়িত। সেয়া হৈছে, ৰাজনীতি, আৰক্ষী-প্ৰশাসন, ক’লা ব্যৱসায় আৰু সংবাদ মাধ্যম। 

সংবাদ মাধ্যমৰ ভিতৰত এনে অনেক কাহিনী থাকে যিবোৰ কোনো কালেই বাহিৰলৈ ওলাই নাহে। অহাতো সম্ভৱো নহয়। কিয়নো ইয়াৰ সৈতে জড়িতসকলৰ অধিকাংশই বাকী তিনিটা ক্ষেত্ৰৰ সৈতে এনেদৰে বান্ধ খাই পৰে যে সেই বান্ধ ছিঙি ওলাই আহিবলৈ চেষ্টা কৰিলেই বিপদ অনিবাৰ্য। ঠিক 'পাতাল লোক’ৰ দৰেই।  

প্ৰাইম ভিডিঅ’ৰ জনপ্ৰিয় ৱেব ছিৰিজ 'পাতাল লোক’ত স্পষ্টকৈ দেখুওৱা হৈছে কিদৰে মুষ্টিমেয় সংবাদ মাধ্যম ৰাজনীতি, ক’লা ব্যৱসায় আৰু আৰক্ষী-প্ৰশাসনৰ সৈতে ওতপ্ৰোতভাৱে সংপৃক্ত হৈ থাকে। সাংবাদিকতাৰ প্ৰকৃত স্বৰূপ উদঙাই দিবলৈ ৱেব ছিৰিজখনৰ দুটা সংলাপেই যথেষ্ট। ইয়াৰে এটা সংলাপ হৈছে এজন তেনেই সাধাৰণ অটো চালকৰ।

'অচ্ছে পত্ৰকাৰো কো সস্তে হোটেলো কী জৰুৰত পড়তি হ্যায়।’-ছিৰিজখনৰ অন্যতম মুখ্য চৰিত্ৰ হাতীৰাম চৌধুৰীক উদ্দেশ্যি এইদৰে কয় অটো চালকজনে। অৰ্থ এয়াই যে অফিচৰ পৰা দূৰৰ চহৰলৈ গৈ নিউজ কভাৰ কৰা ভাল সাংবাদিকসকলক কমদামী হোটেলৰ প্ৰয়োজন।

ছিৰিজখনত আছে মফচলীয় চহৰৰ এটি সাংবাদিকৰ চৰিত্ৰ। সেই চৰিত্ৰটোৰ মুখত দিয়া সংলাপসমূহেও সাংবাদিকতাৰ ক্ষেত্ৰখনৰ ভিতৰুৱা জগতৰ উমান দিয়ে। প্ৰভাৱশালী নেতাৰ প্ৰকৃত স্বৰূপ উদঙাই দিবলৈ গৈ ভয়-ভাবুকিৰ সন্মুখীন হোৱা সাংবাদিকজনে জনাসকলে সকলো জানে, কিন্তু মুখ খুলি একো নকয় বুলি উল্লেখ কৰি কৈ উঠে, 'ছাৰ, পুলিচৰ পৰা কেৱল চোৰেই নপলায়, সময়ত সঁচা কথা কোৱা মানুহেও পুলিচৰ পৰা পলাই ফুৰিবলগীয়া হয়।’ সঁচাকৈয়ে সাংবাদিকতাৰ ক্ষেত্ৰখন এনেকুৱাই, 'জনাসকলে সকলো জানে, কিন্তু মুখ খুলি একো নকয়!’ ক’বলৈ মন গ’লেও ক’ব নোৱাৰে!

প্ৰত্যাৱৰ্তন!

সেয়া ১৯৯৭ চনৰ কথা। অসমৰ সংবাদ জগতত ভূমুকি মাৰি জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিছিল এখন নতুন দৈনিক কাকতে। নাম 'আমাৰ অসম’। কাকতখনত কাৰ্যবাহী সম্পাদকৰ দায়িত্ব লৈছিল ১৯৮৭ চনত স্বনামধন্য সাংবাদিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ নেতৃত্বত প্ৰকাশিত 'নতুন দৈনিক’ কাকতখনৰ জৰিয়তে সাংবাদিকতাৰ ক্ষেত্ৰখনত ভৰি থোৱা মনোজ কুমাৰ গোস্বামীয়ে। কেবাবছৰ ধৰি 'আমাৰ অসম’ৰ সৈতে জড়িত হৈ থকাৰ অন্তত নিজেই জন্ম দিছিল 'দৈনিক জনসাধাৰণ’ নামৰ আন এখন দৈনিক কাকতৰ।

অৱশেষত আজিৰ পৰা প্ৰায় কেইবছৰমান পূৰ্বে তেওঁ ভৰি থৈছিল বৈদ্যুতিন সংবাদ মাধ্যমত। ডি ৱাই ৩৬৫ নামৰ ছেটেলাইট নিউজ চেনেলটোত গ্ৰহণ কৰিছিল 'এডিটৰ ইন চীফ’ৰ দায়িত্ব। সুদীৰ্ঘ দিন ধৰি বৈদ্যুতিন মাধ্যমৰ সৈতে জড়িত হৈ থাকি অসমৰ বৈদ্যুতিন সংবাদ মাধ্যমক এক নতুন মাত্ৰা প্ৰদান কৰিলেও কেমেৰাৰ পৰা নিজকেই প্ৰায়েই আঁৰত ৰাখিছিল গল্পকাৰ হিচাপেও পাঠকৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হোৱা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে।

প্ৰায় এটা যুগৰ অন্তত এই কৰ’না কালতে তেওঁ পুনৰ প্ৰত্যাৱৰ্তন ঘটাইছে ছপা মাধ্যমলৈ। যোৱা ১ জুনত তেওঁ আনুষ্ঠানিকভাৱে 'আমাৰ অসম’ কাকতখনত মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁৰ এই আগমনে এতিয়া সুখী কৰি তুলিছে কাকতখনৰ সৈতে জড়িত সাংবাদিক তথা সংবাদ কৰ্মীসকলৰ লগতে পঢুৱৈসকলকো।

'এনে এগৰাকী লোকে মুখ্য সম্পাদকৰ ভূমিকাৰে আমাৰ অসমৰ গুৰিবঠা ধৰিবলৈ আগবাঢ়ি অহাটো কেৱল এটা সংবাদ প্ৰতিষ্ঠানৰেই নহয়, অসমৰ ছপা মাধ্যমৰ বাবে সবাতোকৈ উজ্জ্বল খবৰ।’-গোস্বামীৰ বৰ্ণময় সাংবাদিকতাৰ জীৱনৰ বিষয়ে বৰ্ণনা কৰি ছপা মাধ্যমলৈ তেওঁৰ প্ৰত্যৱৰ্তনৰ কথা প্ৰকাশ কৰা 'আমাৰ অসম’ৰ এটা বাতৰিত এইদৰে উল্লেখ কৰা হৈছে।

বিষয়টোক লৈ ছ’চিয়েল মিডিয়াতো দেখা গৈছে ব্যাপক চৰ্চা। বিশেষকৈ ছপা মাধ্যমৰ প্ৰতি মানুহৰ অনীহা বাঢ়ি আহিছে বুলি একাংশ লোকে দাবী কৰি অহাৰ সময়তে ভিন্নজনে জ্যেষ্ঠ সাংবাদিক গোস্বামীৰ এই প্ৰত্যাৱৰ্তনক একপ্ৰকাৰ অসমৰ সংবাদজগতৰ বাবে ঐতিহাসিক আখ্যা দিয়া দেখা গৈছে। গোস্বামীৰ প্ৰত্যাৱৰ্তনে ছপা মাধ্যমক নতুন জীৱন প্ৰদান কৰিবলৈ সমৰ্থ হ’ব বুলিও অসংখ্যাজনে আশা প্ৰকাশ কৰিছে। 

আন একাংশ লোকে আকৌ যি সময়ত বৈদ্যুতিন সংবাদ মাধ্যমৰ জয়জয় ময়ময় অৱস্থা হৈ পৰিছে সেই সময়ত ডি ৱাই ৩৬৫ৰ দৰে আগশাৰীৰ চেনেল এটাৰ পৰা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কিয় হঠাৎ ছপা মাধ্যমলৈ প্ৰত্যৱৰ্তন কৰাৰ সিদ্ধান্ত ল’লে সেয়া জানিবলৈকো উদগ্ৰীৱ হৈ পৰিছে। কিন্তু এই পৰ্যন্ত তেনেধৰণৰ কোনো কথা ৰাজহুৱা কৰা নাই জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। অৱশ্যে ভিন্নজনে এই লৈ নিজাববীয়াকৈ ভিন্ন মন্তব্য দিয়া পৰিলক্ষিত হৈছে। 

গমন!

বৈদ্যুতিন সংবাদ মাধ্যমত এগৰাকী বিশিষ্ট সাংবাদিকে এটা যুগ পাৰ কৰি পুনৰ ছপা মাধ্যমলৈ প্ৰত্যৱৰ্তন কৰাৰ সময়তে আন এজন বিশিষ্ট সাংবাদিকে আকৌ ছপা মাধ্যমত সুদীৰ্ঘ বছৰ পাৰ কৰি এই কৰ’না কালত গমন কৰিছে বৈদ্যুতিন মাধ্যমলৈ। ছপা মাধ্যম এৰি কৰ’না কালত বৈদ্যুতিন সংবাদ মাধ্যমলৈ যোৱা বিশিষ্ট সাংবাদিকগৰাকী হৈছে প্ৰশান্ত ৰাজগুৰু।

'আমাৰ অসম’ কাকতত সুদীৰ্ঘ কাল ধৰি সংবাদ আগবঢ়াই কাৰ্যবাহী সম্পাদকৰ পৰা সম্পাদকৰ পদত অধিষ্ঠিত হোৱা বিশিষ্ট সাংবাদিকগৰাকীয়ে অসমৰ এটি আগশাৰীৰ ছেটেলাইট নিউজ চেনেল 'প্ৰাগ নিউজ’ত যোৱা ১ জুনত আনুষ্ঠানিকভাৱে 'এডিটৰ ইন চীফ’ হিচাপে যোগদান কৰে। নিউজ চেনেলটোৱে সম্প্ৰচাৰ কৰা এটা বাতৰি মতে পূৰ্বৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছত খালী হৈ থকা উক্ত পদত আসন গ্ৰহণ কৰিছে বিশিষ্ট সাংবাদিক, নিৱন্ধকাৰ তথা ৰাজনৈতিক বিশ্লেষক প্ৰশান্ত ৰাজগুৰুৱে।

অৱশ্যে চেনেলটোৱে উক্ত বাতৰিটোত পূৰ্বৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞা ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হোৱা বাবে আসনখন খালী হৈ আছিল বুলি প্ৰকাশ কৰিলেও সাংসদৰূপে নিৰ্বাচিত হোৱাৰ কেইমাহমান পূৰ্বেই পদত্যাগ কৰিছিল বুলি চৰ্চা চলিছিল। ছ’চিয়েল মিডিয়াত এই লৈ একাধিক বিতৰ্কও হোৱা দেখা গৈছিল। একাংশ লোকে চৰকাৰৰ হেঁচাত পৰি কা বিৰোধী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বাবে ভূঞাক পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল বুলিও ভিন্নজনে দাবী কৰিছিল। আওপকীয়াকৈ তেতিয়াৰ সাংবাদিক তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে সেই কথা স্বীকাৰ কৰিছিল যদিও বিষয়টো ধুৱলী-কুঁৱলী হৈয়ে ৰ’ল।

আন এক গমন!

কৰ’না কালত দুজনকৈ বিশিষ্ট সাংবাদিকৰ ওলট-পালটৰ সময়তে আন এজন বিশিষ্ট সাংবাদিকে কৰ’না কালত দীৰ্ঘদিন ধৰি কৰ্মৰত হৈ থকা সংবাদ প্ৰতিষ্ঠানৰ পৰা হঠাৎ অব্যাহতি লোৱা বিষয়টোৱেও এইকেইদিনত ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। এইগৰাকী বিশিষ্ট সাংবাদিক হৈছে প্ৰণয় বৰদলৈ। 

ছেটেলাইট নিউজ চেনেল 'প্ৰাগ নিউজ’ৰ পৰিচালন সম্পাদকৰ দায়িত্বত থকা জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে যোৱা ২৯ মে’ত ফেচবুক পোষ্ট এটাৰ জৰিয়তে উক্ত দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ লগতে চেনেলটোৰ পৰাও অব্যাহতি লোৱা বুলি জানিবলৈ দিয়ে। যথেষ্ট আৱেগিক অনুভৱৰে পূৰ্ণ পোষ্টটোত তেওঁ লিখিছে, 'মই ভাবিছিলো মোৰ কেৰিয়াৰৰ সমগ্ৰ সময়ছোৱা ইয়াতে পাৰ কৰিম। কিন্তু ভাগ্যই মোৰ বাবে আন পৰিকল্পনা কৰি ৰাখিছে আৰু সেয়ে কিছুমান এৰাব নোৱৰা কাৰণত পুনৰ মই প্ৰাগ নিউজ এৰাৰ সিদ্ধান্ত লৈছো।’

প্ৰাগ নিউজৰ পৰা পদত্যাগ কৰাৰ পিছত নতুনকৈ ক’ত যোগদান কৰিব বা কি নতুন পৰিকল্পনা কৰিছে সেই বিষয়ে অৱশ্যে পোষ্টটোত কোনোধৰণৰ কথা উল্লেখ কৰা নাই জ্যেষ্ঠ সাংবাদিক বৰদলৈয়ে। এনেদৰে কৰ’না কালত কেবাগৰাকী জ্যেষ্ঠ সাংবাদিকৰ প্ৰত্যাৱৰ্তন আৰু গমনৰ জৰিয়তে অসমৰ সংবাদ ক্ষেত্ৰখনত সংঘটিত হৈছে একাধিক ওলট-পালট। 

মৃত্যুঘণ্টা

কৰ’না কালতে বন্ধ হৈ পৰিছে দুখনকৈ কাকত। ইয়াৰে এখন হৈছে এটা সময়ত অসমৰ সংবাদ ক্ষেত্ৰখনত দপদপাই থকা সাপ্তাহিক কাকত 'সাদিন’। আনখন হৈছে ৰাষ্ট্ৰীয় ইংৰাজী দৈনিক টেলিগ্ৰাফৰ গুৱাহাটী সংস্কৰণ। ছ’চিয়েল মিডিয়াৰ জৰিয়তে 'সাদিন’ বন্ধ হ’ব বুলি প্ৰকাশ পোৱাৰ পিছতে কাকতখনৰ প্ৰকাশক সাদিন-প্ৰতিদিন গোষ্ঠীয়ে সেয়া উৰাবাতৰি বুলি দাবী কৰিছিল যদিও বৰ্তমান কাকতখন যে একপ্ৰকাৰ বন্ধ হৈ পৰিছে সেয়া নিশ্চিত হৈছে।

কাকতখনত কৰ্মৰত অধিকাংশ সাংবাদিক তথা অন্যান্য কৰ্মচাৰীক ইতিমধ্যে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে বুলিও জানিব পৰা গৈছে। আনহাতে, টেলিগ্ৰাফ কাকতখনৰ গুৱাহাটী সংস্কৰণ ১ জুনৰ পৰা আনুষ্ঠানিকভাৱে বন্ধ কৰি দিয়াৰ ফলতো সংস্থাপন হেৰুৱাবলৈ বাধ্য হৈ পৰিছে যথেষ্টসংখ্যক সাংবাদিক আৰু সংবাদকৰ্মী। 

নতুন যাত্ৰা
 
অসমৰ সংবাদ আৰু সাহিত্যৰ ক্ষেত্ৰখনত গুৰু-গম্ভীৰ আলোচনী হিচাপে পৰিচিত পষেকীয়া আলোচনী 'প্ৰান্তিক’। কেইদিনমান আগলৈকে এই আলোচনীখনলৈ ই-মেইলৰ জৰিয়তে লেখা প্ৰেৰণ কৰাতো সম্ভৱ নাছিল। ডাকত লেখা পঠিওৱাৰ যি মাদকতা সেয়া মেইল বা হোৱাটছএপ আদিৰে প্ৰেৰণ কৰাত নাথাকে বুলি ধাৰণা কৰিয়েই ই-মেইলৰ ব্যৱস্থা কৰাৰ পৰা বিৰত আছিল আলোচনীখন।

কিন্তু সময়ৰ সৈতে খাপ খাই চলিবলৈ বাধ্য হৈ কিছুদিন পূৰ্বে ই-মেইল মুকলি কৰিছিল আলোচনীখনে। অৱশেষত এই কৰ’না কালত কাকত-আলোচনী জীয়াই ৰাখিবলৈ হ’লে বৰ্তমান যুগত ছপা সংস্কৰণৰ লগতে অনলাইন সংস্কৰণৰো প্ৰয়োজনীয়তা উপলব্ধি কৰি প্ৰান্তিকে আৰম্ভ কৰিছে অনলাইন সংস্কৰণ। গুৰু-গম্ভীৰ আলোচনীখনৰ অনলাইন সংস্কৰণ আৰম্ভ হোৱাৰ লগে লগে পঢ়ুৱৈসকলো যথেষ্ট উৎফুল্লিত হৈ পৰা দেখা গৈছে।

'প্ৰান্তিক’ৰ দৰে মানসম্পন্ন আলোচনীখনে অনলাইন সংস্কৰণ আৰম্ভ কৰাত এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল বুলিও বহুতে মন্তব্য কৰিছে। উল্লেখ্য যে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰায়বোৰ মানসম্পন্ন আলোচনীয়ে বহু পূৰ্বৰে পৰা ছপা সংস্কৰণৰ লগতে অনলাইন সংস্কৰণো প্ৰকাশ কৰি আহিছে। কিন্তু এইক্ষেত্ৰত পিছপৰি ৰৈছিল অসমৰ আলোচনীসমূহ। অৱশেষত কৰ’না কালে প্ৰকাশকসকলক ইয়াৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উপলব্ধি কৰিবলৈ বাধ্য কৰি তোলে।

হাজাৰ-বিজাৰ 

কৰ’না কালত সমগ্ৰ বিশ্বতে অনলাইনত বাতৰি পঢ়া আৰু চোৱা লোকৰ সংখ্যা কেবাগুণ বৃদ্ধি হৈছে। আমেৰিকা আৰু ইউৰোপৰ দেশসমূহত পূৰ্বৰ ৬০ শতাংশৰ পৰা অনলাইনত বাতৰি পঢ়া আৰু চোৱা লোকৰ সংখ্যা ৯০ শতাংশ হোৱা বুলি একাধিক সমীক্ষাত প্ৰকাশ পাইছে। ভাৰততো এই সময়ছোৱাত বৃদ্ধি পাইছে অনলাইন মাধ্যমৰ চাহিদা। 

কৰ’নাৰ এই সংকট কালত ইতিমধ্যে ভাৰতৰ কেবাখনো ৰাষ্ট্ৰীয় সংবাদ পত্ৰই বিভিন্ন মহানগৰৰ ছপা সংস্কৰণসমূহৰ প্ৰকাশ বন্ধ কৰি অনলাইন সংস্কৰণত অধিক গুৰুত্ব প্ৰদান কৰিছে। একেদৰে লকডাউনত কাকতৰ হকাৰসকলে নিজৰ সুৰক্ষাৰ কথা ভাবি কাকত বিতৰণ কৰিবলৈ অনীহা প্ৰকাশ কৰাৰ ফলতো কাকতৰ প্ৰচলন সংখ্যা হ্ৰাস পোৱা দেখা গৈছে। কৰ’না সম্পৰ্কীয় একাধিক উৰাবাতৰিৰ বাবেও বহু নিয়মীয়া কাকতৰ গ্ৰাহকে কাকত ল’বলৈ এৰি দিছে।

অসমতো এনেধৰণৰ অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হৈছে। লকডাউনৰ সময়ছোৱাত অসমতো কাকতক লৈ একাধিক উৰাবাতৰি বিয়পি পৰাত বহু কাকতৰ প্ৰচলন সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পোৱা বুলি চৰ্চা চলিছে। এনে পৰিপ্ৰেক্ষিতত অসমৰ কাকতসমূহেও অনলাইন সংস্কৰণত গুৰুত্ব আৰোপ কৰিবলৈ বাধ্য হৈ পৰিছে। যিসমূহ কাকতে কেৱল ই-পেপাৰতে নিজকে সীমাৱদ্ধ ৰাখিছিল সেই কাকতসমূহেও ৰাষ্ট্ৰীয় কাকতসমূহৰ আৰ্হিত নিজৰ ৱেবছাইটত বাতৰি প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। 

সমান্তৰালভাৱে এই সময়ছোৱাত গঢ় লৈ উঠিছে একাধিক নিউজ পৰ্টেল। গুৱাহাটী মহানগৰীৰ লগতে মফচলীয় চহৰসমূহতো ভিন্নজনে নিজাববীয়াকৈ নিউজ পৰ্টেল খোলা দেখা গৈছে। নিউজ পৰ্টেল খুলিবলৈ খৰছ কম হোৱাৰ পৰিপ্ৰেক্ষিতত বহু ব্যৱসায়ী তথা ৰাজনীতিবিদেই ইয়াৰ প্ৰতি আগ্ৰহী হৈ পৰিছে। এনেদৰে কৰ’না কালত অসমত পয়োভৰ ঘটিছে অসংখ্যা সৰু-বৰ নিউজ পৰ্টেলৰ। ইয়াৰে অধিকাংশই নিউজ চেনেলৰ আৰ্হিৰে বাতৰি প্ৰকাশ কৰাত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে।