ডিজিটেল ডেস্কঃ গ্ৰহদোষ-কালদোষ খণ্ডন কৰিহে ৰোগীক পথ্য প্ৰদান কৰিব পাৰিব চিকিৎসকে। যদিহে কোনো মুমুৰ্ষ ৰোগীক জীৱনদায়িনী দৰৱ দিব লগা হয়, তেতিয়াও এম বি বি এছ ডিগ্ৰীধাৰীয়ে ল'ব লাগিব জ্যোতিষীৰ পৰামৰ্শ।

গ্ৰহদোয খণ্ডনৰ উপায় নাথাকিলে অনাগত সময়ত চৰকাৰী হাস্পতালত ৰোগীৰ চিকিৎসা সম্ভৱ নহ'বও পাৰে।
এনে আজৱ নিৰ্দেশনাই জাৰি কৰিছে মধ্য প্ৰদেশ চৰকাৰে।

ৰাজ্যখনৰ বিজেপি চৰকাৰৰ শেহতীয়া নিৰ্দেশমৰ্মে প্ৰতিখন হাস্পতালত উপস্থিত থাকিব এজন জ্যোতিষী। মহৰ্ষি পতঞ্জলি দিব্য সংস্থা নামৰ সংগঠনটোৱে হাস্পতালত নিযুক্তি দিব জ্যোতিষী।

চৰকাৰী আদেশমতে প্ৰতিজন ডাক্তৰে গ্ৰহণ কৰিব লাগিব জ্যোতিৰ্বিদৰ উপদেশ। তেওঁলোকৰ পৰামৰ্শতহে সম্ভৱ হ'ব ৰোগীৰ চিকিৎসা।

বাতৰিটো প্ৰচাৰ হোৱাৰ লগে লগে বহুতে এয়া 'ফেক নিউজ' বুলি মন্তব্য কৰিছিল যদিও কেবাটাও আগশাৰীৰ ৰাষ্ট্ৰীয় টেলিভিশ্যন চেনেল বিশেষকৈ news18-এ বাতৰিটো মিছা নহয় বুলি স্পষ্ট কৰি দিছে।

ইয়াৰ পিছতে মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰখনৰ কৰ্ম-কাণ্ডক লৈ হতবাক হৈ পৰিছে দেশৰ সচেতন মহল। ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা দেশত এয়া কি চলিছে বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে।