73
ৰঙিয়াঃ সদৌ অসম ছাত্ৰ সন্থাৰ উত্তৰ ৰঙিয়া আঞ্চলিক সমিতিয়ে আজি অঞ্চলটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷
ৰঙিয়া বুনিয়াদী প্ৰশিক্ষণ কেন্দ্র প্ৰাংগণত অনুষ্ঠিত এখন সভাত অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৩৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোছা আৰু মানপত্ৰ আদিৰে সম্বৰ্ধনা জনায় সংগঠনটোৱে।