107
নগাঁওঃ পূৰ্বৰ বছৰৰ দৰে সাফল্যৰ ধাৰা অব্যাহত ৰাখি এইবাৰো নগাঁও জিলাৰ অন্তৰ্গত হাতীচোং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ প্ৰাৰ্থীয়ে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷
জানিব পৰা মতে, আজি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফলত ছাত্ৰ একতা সভাৰ পাঁচটাকৈ গুৰুত্বপূৰ্ণ পদত আছুৰ সমৰ্থিত প্ৰাৰ্থীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীক শোচনীয়ভাৱে পৰাস্ত কৰি নিজৰ সুনাম অক্ষুন্ন ৰাখিবলৈ সক্ষম হয়৷