গুৱাহাটীঃ অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল চিনেমাত কৰ্ণেল হৈ বাস্তৱতো নিজকে কৰ্ণেল জ্ঞান কৰা জুবিন গাৰ্গে। বুধবাৰে নিজৰ ফেচবুক পেজৰ লগতে সংবাদমেল আয়োজন কৰি ভুল কৰা বুলি স্বীকাৰ কৰে ‘মিছন চাইনা’ৰ কৰ্ণেলৰ চৰিত্ৰত অভিনয় কৰা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব শিল্পীগৰাকীয়ে।
দিনদিয়েক পূৰ্বে ভাৰতীয় সেনাৰ কৰ্ণেলৰ টুপী সদৃশ টুপী পিন্ধি দিল্লী বিমান বন্দৰত প্ৰৱেশ কৰিছিল জুবিনে। অসামৰিক লোকে কৰ্ণেলৰ টুপী পিন্ধা প্ৰত্যক্ষ কৰি এগৰাকী সেনা বিষয়াই উক্ত কাৰ্যক লৈ আপত্তি দৰ্শায়। তাতেই ক্ষুব্ধ হৈ গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈ জুবিনে সেনা বিষয়াজনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰে।