গুৱাহাটীঃ অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল চিনেমাত কৰ্ণেল হৈ বাস্তৱতো নিজকে কৰ্ণেল জ্ঞান কৰা জুবিন গাৰ্গে। বুধবাৰে নিজৰ ফেচবুক পেজৰ লগতে সংবাদমেল আয়োজন কৰি ভুল কৰা বুলি স্বীকাৰ কৰে 'মিছন চাইনা’ৰ কৰ্ণেলৰ চৰিত্ৰত অভিনয় কৰা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব শিল্পীগৰাকীয়ে।

দিনদিয়েক পূৰ্বে ভাৰতীয় সেনাৰ কৰ্ণেলৰ টুপী সদৃশ টুপী পিন্ধি দিল্লী বিমান বন্দৰত প্ৰৱেশ কৰিছিল জুবিনে। অসামৰিক লোকে কৰ্ণেলৰ টুপী পিন্ধা প্ৰত্যক্ষ কৰি এগৰাকী সেনা বিষয়াই উক্ত কাৰ্যক লৈ আপত্তি দৰ্শায়। তাতেই ক্ষুব্ধ হৈ গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈ জুবিনে সেনা বিষয়াজনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰে। 

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উক্ত ঘটনাক লৈ জুবিনে কয়, 'তই মেজৰহে মই কৰ্ণেল, তই মোক চেল্যুট দিব লাগিব। তাক মেজৰক কৈ দিলো।’ সেনা বিষয়াজনক এনেদৰে অভব্য আচৰণ কৰা সন্দৰ্ভত গৰ্ব প্ৰকাশ কৰি ৰীল লাইফৰ 'মিছন চাইনা’ৰ হৰ্তা-কৰ্তাজনে বলীউডক চোৰ আখ্যা দিয়ে। বলীউডৰ পৰিৱৰ্তে তেওঁ হলীউডৰ চিনেমা নিৰ্মাণ কৰিব বুলিও মন্তব্য কৰে।

সেনা বিষয়াজনক কৰা অভব্য আচৰণৰ কথা ৰাষ্ট্ৰ হৈ পৰাৰ পিছতে জুবিনক লৈ পুনৰ বিতৰ্কৰ সূত্ৰপাত হয়। ইয়াৰ মাজতে এগৰাকী সেনা বিষয়াই বিষয়টো গৃহ মন্ত্ৰণালয়ৰ দৃষ্টিগোচৰ কৰাত পৰিস্থিতি অন্যফালে ঢাল খায়। এগৰাকী সেনা বিষয়াই টুইট কৰি সেই সময়ত জুবিন নিচাসক্ত অৱস্থা আছিল বুলিও অভিযোগ কৰে। 

পৰিস্থিতি বিষম হোৱালৈ চাই, লগতে নিজৰ ভুল উপলব্ধি কৰি জুবিনে বুধবাৰে প্ৰথমে এটা ফেচবুক আপডেটৰ জৰিয়তে সেনা বাহিনী আৰু সেনা জোৱানসকলৰ ওচৰত ক্ষমা বিচাৰে। ৰাজহুৱাকৈ নিজৰ ভুল স্বীকাৰ কৰিবলৈ জনপ্ৰিয় শিল্পীগৰাকীয়ে এখন সংবাদমেলৰো আয়োজন কৰে। সংবাদমেলত অকপটে স্বীকাৰ কৰে নিজৰ ভুলৰ কথা।

'মোক ঘৰতো কয় চাই-চিতি কথা ক’বলৈ। কিন্তু গমেই নাপাও, বাৰে বাৰে ভুল হৈ যায়।’-জুবিনে কয়। তেওঁ আৰু কয়, 'মন্তব্য উদ্দেশ্যপ্ৰণোদিত নাছিল, সেনাক আঘাত দিব বিচৰা নাছিলো, সেনা বাহিনীক মই সন্মান কৰো।’

নিজৰ ভুলৰ বাবে এনেদৰে বিনয়ীভাৱে সকলোৰে ওচৰত ক্ষমা বিচাৰি তেওঁ মিছন চাইনা ফেচবুকত লাইভ কৰা আৰু ইউটিউবত আপলোড কৰা যুৱককেইজনৰ প্ৰসংগও উত্থাপন কৰে। তেওঁ কয় যে নাজানি তেওঁলোকে তেনে কৰিছে। কিন্তু বিষয়টো যিহেতু এতিয়া আৰক্ষীৰ ওচৰলৈ গ’ল গতিকে যি কৰিবলগীয়া আছে সকলো আৰক্ষীয়ে কৰিব বুলি উল্লেখ কৰে।