কাকপথাৰৰঃ তিনিচুকীয়া জিলাৰ ৰাইডাং গাৱঁৰ নিবাসী দয়াবীৰ দহোতীয়াৰ কন্যা তথা ডিগবৈ মহাবিদ্যালয়ৰ তৃতীয় ষন্মাসিকৰ ছাত্ৰী প্ৰতিমা দহোতীয়াই ৰাইডাং গাৱঁৰ লগতে অঞ্চলটো, জিলাখনৰ তথা অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
প্ৰতিমা দহোতীয়াই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে চুবুৰীয়া দেশ শ্ৰীলংকা, নেপাল আৰু ভুটানত অনুষ্ঠিত কেইবাখনো আগশাৰী দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। খেলুৱৈ গৰাকীৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে অহা ইং ২৫ ডিচেম্বৰ, ২০১৮ তাৰিখে বিহাৰৰ ডাৰভংগত অনুষ্ঠিত হব লগা ভাৰতৰ প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ জন্মজয়ন্তীত “ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী শ্ৰেষ্ঠতা বঁটা-২০১৮” প্ৰদান কৰিব।