নতুন দিল্লীঃ অৱশেষত দিল্লীৰ চিকিৎসকসকলৰ ধৰ্মঘটৰ অৱসান ঘটিছে। মহাৰাষ্ট্ৰ এছছিয়েশ্যন অব ৰেজিডেণ্ট ডক্তৰচ-য়ে বম্বে উচ্চ ন্যায়ালয়ক এই কথা জনাইছে। দেওবাৰে আবেলি মুম্বাইৰ এখন চিকিৎসালয়ত এজন কনিষ্ঠ চিকিৎসকক ৰোগীৰ আত্মীয়ই প্ৰহাৰ কৰাৰ পিছতেই সূচনা হৈছিল এই প্ৰতিবাদৰ। সোমবাৰে প্ৰায় ১০০ জন কনিষ্ঠ চিকিৎসকে ঘটনাৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছিল৷  মুলত কৰ্মক্ষেত্ৰত সুৰক্ষিত পৰিৱেশৰ দাবীত চিকিৎসকসকলে এই কাৰ্যসুচী পালন কৰিছিল৷

সোমবাৰৰ পৰা প্ৰায় সহস্ৰাধিক চিকিৎসকে এই কাৰ্যসূচীত ভাগ লয়৷ আজি দিল্লীতো পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ এই ধৰ্মঘট অব্যাহত আছিল যদিও শেহতীয়াকৈ এই ধৰ্মঘট অৱসানৰ কথা ন্যায়ালয়ক জনাইছে উক্ত এছচিয়েশ্যনে।

এইমছ, আৰএমলৰ দৰে শীৰ্ষ চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসকেও এই ধৰ্মঘটত ভাগ লোৱাৰ ফলত একপ্ৰকাৰ স্থবিৰতাই বিৰাজ কৰিছিল দিল্লীৰ চিকিৎসা ব্যৱস্থাত৷ মুম্বাইত প্ৰায় ৪ হাজাৰ চিকিৎসকে পালন কৰা ধৰ্মঘট কাৰ্যসুচীৰ প্ৰতি সমৰ্থন জনাই দিল্লীৰ চিকিৎসকসকলেও এই ধৰ্মঘটত ভাগ লৈছিল। উল্লেখ্য যে এই ধৰ্মঘটে ৪০ খন চিকিৎসালয়ত প্ৰভাৱ পেলোৱাৰ লগতে ২ হাজাৰ অস্ত্ৰোপচাৰ পিছুৱাবলগীয়া হৈছে।