গুৱাহাটীঃ যোৱা শনিবাৰে নিশা মহানগৰ আৰক্ষীয়ে অষ্ট্ৰেলিয়াৰ খেলুৱৈই কঢ়িযাই অনা বাছত শিল দলিওৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা যুৱক কেইজনক সোমবাৰে কামৰূপৰ মূখ্য ন্যায়ধীশৰ আদালতত হাজিৰ কৰায়৷ মহানগৰ আৰক্ষীয়ে চাৰিগৰাকী যুৱকক আটক কৰিছিল যদিও দুগৰাকী যুৱক নাবালক হোৱাৰ বাবে তেওলোকক জুভেনাইল কোৰ্টত হাজিৰ কৰাব লগা হয়৷ আৰক্ষীয়ে তদন্তৰ খাতিৰত দুই যুৱকক ১০ দিনৰ জিম্মাত বিছাৰিছিল যদিও ৫ দিনৰ আৰক্ষীৰ দিম্মাত দিয়ে আদালতে৷
গড়চুক আৰক্ষীয়ে সোমবাৰে চাৰি যুৱকক আদালতত হাজিৰ কৰোৱাৰ পিছতো অষ্ট্ৰেলিয়াৰ খেলুৱৈই কঢ়িযাই অনা বাছত শিল দলিওৱা কাণ্ডৰ চাঞ্চল্য অব্যাহত আছে ৰাজ্যত৷ মহানগৰ আৰক্ষীয়ে ৪ দিনে অভিযান চলাই অৱশেষত ছয়গাঁৱৰ ছাটাবাৰিৰ মন্টু কলিতা, ৰঙিয়া বালিসত্ৰৰ অপুৰ্ব শৰ্মা, লখৰাৰ মনোজ মেধি আৰু মংলো ৰায়ক আটক কৰিবলৈ সক্ষম হয় শনিবাৰে নিশা৷ অত্যাধিক মদ্যপান কৰি ভাৰতীয় ক্ৰিকেট দল পৰাজয় বৰণ কৰাৰ ক্ষোভত বাছ খনলৈ শিল দলিওৱা বুলি ইতিমধ্যে আৰক্ষীৰ সন্মুখত প্ৰকাশ কৰা বুলি কয় আৰক্ষী সঞ্চালক প্ৰধান মুকেশ চাহায়ে৷