গুৱাহাটীঃ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছিল অসমৰ ওপৰত৷ বিদেশী মিডিয়া, বিদেশী ফটোগ্ৰাফাৰেৰে ভৰি পৰিছে আমাৰ ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰী৷ আইচিচি-ফিফাৰ কেবাগৰাকী বিষয়া, ৰেফাৰি, বৰ্তমানেও গুৱাহাটীতে আছে৷ কেৱল ৰেফাৰি বিষয়াই নহয় বিশ্বৰ আগশাৰীৰ ক্ৰিকেটৰ দল অষ্ট্ৰেলিয়া আৰু ঘৰুৱা দল ভাৰতৰ খেলুৱৈ আৰু তিনিটা আগশাৰীৰ ফুটবল দল বুধবাৰলৈ অসমতে থাকিব। বিশ্বৰ ক্ৰীড়া অনুৰাগীয়ে অসমত অনুষ্ঠিত হ’বলগীয়া ফুটবল আৰু ক্ৰিকেট প্ৰতিযোগিতা চাবলৈ উৎসুক হৈ আছে ৷

বিশ্বৰ কেবাখনো দেশৰ তাৰকা ফুটবল খেলুৱৈয়ে ভৰিৰ যাদু দেখুৱাই আহিছে৷ নিতৌ অসমৰ মাটিত অনুশীলন কৰাৰ পৰা মেচত অংশ লৈছে বিশ্বৰ আগশাৰীৰ তাৰকা যুৱ ফুটবলাৰে৷ বিশ্বৰ ক্ৰীড়া অনুৰাগীৰ লগতে ৰাজ্যৰ লাখ লাখ ফুটবল অনুৰাগীয়ে ফুটবলৰ যাদু উপভোগ কৰিছে৷ গুৱাহাটী যেন ফুটবলৰ জ্বৰত আক্ৰান্ত৷ লাখ লাখ ফুটবল অনুৰাগী ফুটবল খেল  চাই বলিয়া হৈ থকাৰ সময়তে ভাৰত-অষ্ট্ৰেলিয়াৰ এখন হাই ভল্টেজ ক্ৰিকেট মেচে অধিক সকলোকে উৎসাহিত কৰিলে৷

১৭ অনুৰ্ধ্ব বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেল সহ ৯ খন মেচ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হোৱাৰ সময়তে ভাৰত-অষ্ট্ৰেলিয়াৰ এখন হাই ভল্টেজ ক্ৰিকেট মেচে অধিক উৎসাহিত কৰে ৰাজ্যৰ ক্ৰীড়া অনুৰাগীক৷ প্ৰায় সাত বছৰৰ মুৰকত ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া আন্তৰ্জাতিক মেচক লৈ চৌদিশে চৰ্চা হৈছিল৷ মাত্ৰ এটা টিকটৰ বাবে ঘন্টা ঘন্টা ধৰি লাইনত থিয় দিছিল ক্ৰিকেট অনুৰাগীৰ বহু আকাংক্ষাৰ টি-২০ মেচ খনৰ বাবে৷ মঙলবাৰে ভাৰত অষ্ট্ৰেলিয়াৰ দৰে দুই শক্তিৰ যুজ চাবলৈ দেশবাসীৰ লগতে সমগ্ৰ  বিশ্বই ৰৈ আছিল৷

আমাৰ দেশৰ ধোনী, পাণ্ডিয়া, ৰোহিত, শিখৰ তথা অষ্ট্ৰেলিয়াৰ খেলুৱৈৰ বেট-বলৰ যাদু চাবলৈ সাজু হৈ উঠিছিল সকলো৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকল ঢাপলি মেলিছিল মহানগৰীলৈ৷ বৰ্ষাপাৰা ষ্টেডিয়াম পোহৰেৰে জিলিকি উঠিছিল৷ ক্ৰিকেট বলিয়া মানুহে নানা তৰহৰ প্ৰসাধন সামগ্ৰী সানি, নানা তৰহৰ ক্ৰিকেটৰ ছবি সংলগ্ন বস্ত্ৰ পিন্ধি ষ্টেডিয়ামত প্ৰবেশ কৰিছিল৷ ষ্টেডিয়ামৰ ভতৰত যুৱক-যুৱতীয়ে নাচি বাগি ক্ৰিকেট প্ৰেমত মত্ত হৈ পৰিছিল৷

ৰাজ্যৰ আৰক্ষী প্ৰশাসন সস্তম হৈ পৰিছিল৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাপাৰা ষ্টেডিয়াম উদ্ধোধন কৰাৰ পিছতে ভাৰত-অষ্ট্ৰেলিয়া খেলুৱৈই সাজু হৈছিল বেট-বলৰ যাদু দেখুৱাবলৈ৷ মঙলবাৰে প্ৰায় ৭.২০ বজাৰ পৰা আৰম্ভ হৈছিল ক্ৰিকেট অনুৰাগীৰ বহু আকাংক্ষাৰ ভাৰত-অষ্ট্ৰেলিয়াৰ টি-২০ মেচ খন৷

বিশ্ব সংবাদ মাধ্যমৰ দৃষ্টি নিবদ্ধ হৈ পৰিছিল আমাৰ ৰাজধানী চহৰ গুৱাহাটীৰ ওপৰত৷ টচত জয়ী হৈ অষ্ট্ৰেলিয়াৰ অধিনায়ক ডেভিড ৱাৰ্নাৰে বল কৰাৰ সিন্ধান্ত লয়৷ ভাৰতীয় দলৰ ৰোহিত শৰ্মা, শিখৰ, বিৰাট হঁতে বেট ধৰিব আহে৷

 

বৰ্ষাপাৰাত এক ৰোমাঞ্চকৰ পৰিবেশ৷ নিজ নিজ দলৰ প্ৰতি সমৰ্থনত সমৰ্থকৰ চিঞৰ বাখৰ৷ আনন্দ উলাহত ডুব গৈছিল ষ্টেডিয়ামৰ ভিতৰ৷ আকৌ বাহিৰত টিভিৰ সন্মুখত বহা দৰ্শকৰ কৌতুহল৷ এটা সময়ত ঘৰুৱা দল ইণ্ডিয়াই ১১৮ ৰানৰ টাৰ্গেট দিয়ে অষ্ট্ৰেলিয়াক৷

অষ্ট্ৰেলিয়াই ১৫ অভাৰ তিনিটা বলত বিজয়ৰ লক্ষ্যত উপনীত হয়৷ তিনি দিনীয়া শৃংখলাত ১ম আৰু ১ম ক্ষমতা স্থাপন কৰা দুয়ো দলৰ খেল চাই শৃংখলাবদ্ধ ভাবে ওলাই আহিছিল দৰ্শক৷ ৰাজ্যৰ আৰক্ষী প্ৰশাসনে খেলুৱৈ সকলক বিশেষ বাছেৰে হোটেললৈ যোৱাৰ ব্যৱস্থা কৰিছিল৷ হঠাতে অষ্ট্ৰেলিয়াৰ খেলুৱৈক নি থকা বাছ খনত কোনো দুবৃত্তই শিল দলিয়াই বাছখনৰ এখন খিৰিকিৰ আইনা ভাঙি পেলায়৷

এই কথা অষ্ট্ৰেলিয়াৰ খেলুৱৈই Aaron Finchয়ে খোদ ফেচবুক পেজত ফটো সহ কেপচন লিখি আপলোড কৰে৷ লগে লগে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ ব্ৰেকিং নিউজ হৈ পৰিল। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে 'গুৱাহাটী মে’ অষ্ট্ৰেলিয়ান খিলাৰিকৌ পত্থাৰ শ্যে হামলা' বুলি বাতৰি পৰিবেশন কৰে৷ কিছু সময় পুৰ্বে ১৭ অনুৰ্ধ্ব বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেল সহ ৯ খন মেচ গুৱাহাটী মহানগৰীত অনুষ্ঠিত হোৱাৰ লগতে ভাৰত-অষ্ট্ৰেলিয়াৰ হাই ভল্টেজ ক্ৰিকেট মেচ অনুষ্ঠিত হৈ যোৱাত বুকু ফিন্দাই থকা অসমীয়াই মুহূৰ্ততে লজ্জানত হলো৷

ইয়াৰ পুৰ্বেও ৭ ছেপ্তেম্বৰত Aaron Finch নামৰ খেলুৱৈইগৰাকীয়ে "The people of Ranchi really love cricket!! #GameDay" বুলি লিখি ফেচবুকত আপলোড কৰিছিল ভিডিঅ’ সহ৷ তিনি দীনিয়া শৃংখলাৰ প্ৰথম খন মেচ খেলিব যোৱাৰ পুৰ্বে এই ভিডিঅ’ আপলোড কৰি ৰাঞ্চিৰ মানুহে প্ৰকৃততে ক্ৰিকেটক ভাল পায় বুলি কৈছিল৷ Aaron Finchৰ সেই আপডেতে এই খন দেশৰে ৰাঞ্চিক নিশ্চয় গৌৰাৱান্বিত কৰিছে৷ কিন্তু মঙলবাৰে অসমৰ ভূমু খেলি উঠি Aaron Finchয়ে কৰা ফেচবুক আপডেটে বিশ্ববাসীৰ সন্মুখত লজ্জানত কৰিলে অসমক৷

অসমত কাহানিও এনে ঘটনা সংঘটিত হোৱা নাই৷ কিন্তু মঙলবাৰৰ এই ঘটনাই অসমীয়াৰ স্বাভিমানত আঘাত হানে৷ ক্ৰীড়াৰ এক বৰ্নিল তথা গৌৰৱৰ অধ্যায় আৰম্ভণি হোৱাৰ সময়তে এনে কাণ্ডই আঘাত দিছে অসমীয়াক৷ নিজৰ দেশৰ দলে পৰাজয় বৰণ কৰাৰ যন্ত্ৰণা সহিব নোৱাৰি শিল দলিয়াই দেশ প্ৰেম দেখুৱাবলৈ গৈ অসমীয়াক অপমান কৰিলে কিছুমানে ৷ একাংশ লোকৰ ধৈৰ্য শক্তি নোহোৱা হৈছে৷ তেওলোক মুহূৰ্ততে অসহিষ্ণু হৈ পৰে৷ ৰাজ্যৰ এটি শক্তিশালী গৃহ বিভাগ থকাৰ পিছতো মাত্ৰ কেইগৰাকী মান খেলুৱৈক কিয় নিৰপত্তা দিব নোৱাৰিলে৷

তাক লৈ প্ৰশ্ন উত্থাপন হৈছে চৌদিশে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট দল এটিক নিৰাপত্তা দিব নোৱাৰাটো কেৱল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ চৰম ব্যৰ্থতাকে নহয় একাংশ মানুহৰ মানসিকতাও ইয়াৰ বাবে জগৰীয়া। গো-ৰক্ষাৰ পৰা আৰম্ভ কৰি সকলোতে হিংসাৰ আশ্ৰয় লোৱাৰ প্ৰৱনতা বৃদ্ধি পোৱাৰ ফলত এনে কাণ্ড সংঘটিত কৰিবলৈ মানুহে সাহস পাইছে৷ মঠতে এই কাৰ্যই অসমবাসীক লজ্জিত কৰিলে। এতিয়া ৰাজ্য চৰকাৰে তথা গৃহ বিভাগে শিল দলিয়াই অসমবাসীক অপমান কৰা দুৰ্বৃত্তক শীঘ্ৰে আটক কৰি উচিত শাস্তি দিয়ক৷ যাতে কোনো লোকে দুনাই এনে কাম কৰিবলৈ সাহস নকৰে৷

Aaron Finchৰ  ফেচবুক পোষ্টটোত অসমৰ অজস্ত্ৰ লোকে কমেন্ট কৰি ক্ষমা বিছৰাৰ লগতে অসমৰ লোক তেনে নহয় বুলি কয় যদিও এতিয়ালৈ খেলুৱৈই গৰাকীয়ে এতিয়ালৈ নতুনকৈ আপডেট দিয়া নাই।