তিনিচুকীয়াঃ সমগ্ৰ অসমৰে এক অগ্ৰণী পৰিৱেশ সুৰক্ষাৰ সংগঠন 'পৰিৱেশ সুৰক্ষা সমিতি, অসম'-এ ৰাজ্যখনৰ প্ৰভাৱশালী ৰাজনীতিবিদ তথা বৰ্তমানৰ অসম চৰকাৰৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে 'ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা'৷ এক বিবৃতিযোগে পৰিৱেশ সংগঠনটোৱে সদৰী কৰিছে এই কথা। 

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰদূষণ সৃষ্টি কৰিবপৰা প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আগতেই ২০১১ চনৰপৰা নিম্নমানৰ প্লাষ্টিকজাতীয় সামগ্ৰী ব্যৱহাৰৰ বিৰুদ্ধে ব্যাপক জনমত সৃষ্টি কৰি আহিছে৷ অন্যহাতে পৰিৱেশ সংৰক্ষণৰ বাবে বেচৰকাৰী পৰিৱেশ সংস্থাটোৱে প্ৰতিষ্ঠালগ্নৰেপৰা নিৰৱচ্ছিন্নভাবে অসমৰ বিভিন্ন অঞ্চলত ৰাজহুৱাকৈ গছপুলি ৰোপণ, গছপুলি বিতৰণ, প্ৰতিপালনৰ প্ৰক্ৰিয়াৰ লগতে পৰিৱেশ সচেতনা সৃষ্টিৰ বাবে বিভিন্ন জনসজাগতামূলক কাৰ্যসূচী চলাই আহিছে৷ পৰিৱেশ সচেতনা সৃষ্টিৰ বাবে সংগঠনটোৱে ২০১২ চনৰ ডিচেম্বৰত তিনিচুকীয়াৰপৰা গুৱাহাটীলৈ চাইকেল ৰেলী আৰু ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছিল৷

ইয়াৰোপৰি বিভিন্ন সময়ত সংগঠনটোৱে বন্যপ্ৰাণী সংৰক্ষণ, বনাঞ্চল সংৰক্ষণৰ সজাগতামূলক কাৰ্যসূচীৰ লগতে অবাধ হাৰত বনাঞ্চল ধবংস, বন্যপ্ৰাণী নিধনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰি আহিছে৷ মন কৰিবলগীয়া যে ২০১৬ বৰ্ষৰপৰা পৰিৱেশ সুৰক্ষা সমিতি, অসমে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ প্ৰতি  শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে সংগঠনটোৱে গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ কাৰ্যসূচীটোক ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণত বৰ্ষজোৰা গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালন’ নামেৰে অভিহিত কৰি প্ৰতিবছৰে ধাৰাবাহিকতাৰে পৰিৱেশ সেউজকৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰি আহিছে৷

সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি চলিত বৰ্ষত বেচৰকাৰী পৰিৱেশ সংস্থাটোৱে ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ প্ৰদানৰ কথা ঘোষণা কৰিছে৷ অসমত অসমীয়া ভাষাৰ সংকটকালত ভাষাটোৰ পুনৰ প্ৰতিষ্ঠাৰ যুঁজত যুঁজাৰু সেনাৰ ভূমিকা লৈ অসমীয়া শব্দৰাজিৰ ইংৰাজী অৰ্থ সন্নিৱিষ্ট কৰি বৃহৎ কলেবৰৰ ‘হেমকোষ’ প্ৰণয়ন কৰি অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল হেমচন্দ্ৰ বৰুৱাই৷

আনহাতে, সেই সময়ত অসমীয়া সমাজখনত প্ৰচলিত সামাজিক কু-সংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰি সমাজখনক বিজ্ঞানমনস্ক কৰি তুলি আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল তেওঁ৷ সেয়েহে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ এনে অপূৰ্ব অৱদান আৰু কৰ্মৰাজিক যুগমীয়া কৰি ৰখাৰ প্ৰয়াসেৰে উল্লিখিত বঁটা প্ৰদানৰ কথা সংগঠনটোৰ তৰফৰপৰা সদৰী কৰা হৈছে৷

দুই দশক পূৰ্বে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী যুৱ নেতা হিচাবে আত্মপ্ৰকাশ কৰাৰ অন্তত বিচক্ষণতাৰ পৰিচয় দাঙি ধৰি গুৰুত্বপূৰ্ণ পদৱীত থাকি বৰ্তমানলৈকে বহু গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ গ্ৰহণ কৰি ৰাইজৰ মাজত এগৰাকী সক্ৰিয় ৰাজনীতিবিদ আৰু মন্ত্ৰী হিচাবে নিজৰ অৱস্থিতি সবল ৰূপত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱালৈ চাই এই বঁটাৰ বাবে সংগঠনটোৱে মনোনীত কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নাম। ড॰ হিমন্ত বিশ্ব শৰ্মা কেৱল ৰাজনীতিবিদ বুলিয়েই নহয় এগৰাকী সফল লেখক, বাগ্মী ব্যক্তি হিচাবেও অসমৰ জনমানসত পৰিচিত হ’বলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰিছে সংগঠনটোৱে। 

‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’ৰ লগতে পৰিৱেশ সুৰক্ষাৰ সৈতে নিবিড়ভাবে জড়িত ব্যক্তিকো চলিত বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা শ্ৰেষ্ঠ পৰিৱেশ কৰ্মী বঁটা’ প্ৰদানৰ সিদ্ধান্তৰ কথাও বিবৃতিটোত উল্লেখ কৰিছে সংগঠনটোৱে৷ দুয়োটা বঁটাতে মান পত্ৰ, শৰাই, স্মাৰক, উপহাৰ আৰু নগদ ধনৰ টোপোলা আগবঢ়োৱা হ'ব বুলি জনাইছে সংগঠনটোৱে।