খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিত বুধবাৰে পুনৰ ধুমুহাই তাণ্ডৱ চলায়। দুপৰীয়াৰ ভাগত হঠাৎ অহা প্ৰচণ্ড ধুমুহা-বৰষুণে খেৰণিৰ বিস্তীৰ্ণ অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ৷
বিশেষকৈ খেৰণিৰ ৰিকাংমিহম, ফেলাংপি, ৱাটিজুৰ, মাইলু আদি অঞ্চলত তীব্র গতিত অহা বিধ্বংসী ধুমুহাজাকে উৰুৱাই নিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ চালি, বহুকেইটা পৰিয়ালৰ গোসাঁইঘৰ, বাসগৃহৰ টিনপাত আদি। আনকি পলকতে অহা ধুমুহাজাকে কেইবা স্থানতো প্ৰকাণ্ড প্ৰকাণ্ড গছ, কল গছ, তামোল গছ ভাঙি-চিঙি-উভালি ভয়াৱহ তাণ্ডৱ সৃষ্টি কৰে উল্লিখিত অঞ্চলকেইটাত।