নতুন দিল্লীঃ লকডাউন অব্যাহত থকাৰ মাজতে ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত নতুনকৈ ১৪৮৬ জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰাত দেশত বুধবাৰে সন্ধিয়া পৰ্যন্ত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হয়গৈ ২০,৪৭১ জন। এই সময়ছোৱাত ৪৯ জন লোক মৃত্যুমুখত পৰাত ৰোগবিধত মৃত্যু হোৱা লোকৰ সংখ্যাও ৬৫২ জনলৈ বৃদ্ধি পায়।
যোৱা সোমবাৰে এদিনতে ১৫৪০ জন লোকৰ দেহত কৰ’না পজিটিভ ধৰা পৰা সময়ত কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে এয়াও সদৰী কৰিছিল যে লাহে লাহে ৰোগমুক্ত হ’বলৈ সমৰ্থ হোৱা লোকৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুযায়ী বৰ্তমান ভাৰতত ক’ভিড-১৯ৰ ক্ষেত্ৰত ৰোগমুক্তৰ হাৰ হৈছে ১৯.৩৬ শতাংশ। অৰ্থাৎ এদিনত ভাৰতত ৬১৮ জনকৈ লোকে সুস্থ হৈ উঠিছে।