বোকাজানঃ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ প্ৰৱেশ কৰা প্ৰতিটো প্ৰবেশ পথত স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ একোখনকৈ এন্ট্ৰি টেক্স গেট আছে আৰু এই গেটসমূহ এবছৰৰ বাবে কৰ সংগ্ৰহ কৰিবলৈ নিবিদাৰ আহ্বান কৰা হয়। কেৱল এবছৰৰ বাবে কৰ সংগ্ৰহ কৰিবলৈ দিয়া পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত থকা মুঠ ৩০খন এন্ট্ৰী টেক্স গেটৰ বিগত বিত্তীয় বৰ্ষৰ নিবিদাৰ ম্যাদ ইতিমধ্যে যোৱা ৩১ মাৰ্চৰ নিশা ১২ বাজি ১ মিনিট যোৱাৰ লগে লগে উকলি গৈছে।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে পুনৰ নিবিদাৰ আহ্বান কৰিছিল যদিও ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন চলি থকাত বৰ্তমানে এই গেটসমূহৰ নিবিদা প্ৰদান প্ৰক্ৰিয়া স্থগিত ৰাখিছে পৰিষদে। উল্লেখ্য যে ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে দেশজুৰি লকডাউন চলি থকাৰ সময়তে কিন্তু পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গৰমপানী এন্ট্ৰি টেক্স গেট আৰু এন এইছ-৩৯ লাহৰিজান এন্ট্ৰি টেক্স গেটত অত্যাৱশ্যকীয় সা-সামগ্ৰী কঢ়িওৱা সৰু-ডাঙৰ ট্ৰাকসমূহৰ পৰা কৰ সংগ্ৰহৰ নামত অবৈধভাৱে ব্যাপক হাৰত দাবী-ধমকিৰে ধন লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।