নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা অঞ্চলৰ এজন প্ৰকৃতিপ্ৰেমী শিক্ষক৷ নাম তেওঁৰ গিৰিশ বৰুৱা৷ সম্প্ৰতি সমগ্ৰ ৰাজ্যতে অব্যাহত থকা লকডাউনৰ সময়ছোৱাত তেওঁ ভাবি উলিয়ালে এক ব্যতিক্ৰমী চিন্তা৷

এতিয়া মন-প্ৰাণ হৰি নিয়া বহাগৰ বতৰ, তাতেই আকৌ বৰষুণ৷ তদুপৰি কুলি-কেতেকীৰ হিয়া জুৰোৱা বিননীৰ সমান্তৰালকৈ নাহৰ ফুলাৰ বতৰ৷ সেয়ে প্ৰকৃতিপ্ৰেমী শিক্ষকজনে লকডাউনৰ সময়ছোৱাত ঘৰতে এনেই সোমাই নাথাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ ওপজা ভূমিত নাহৰ পুলি ৰোপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

শিক্ষকগৰাকীৰ উদ্যোগতে বুধবাৰে পুৱাৰ ভাগত গুৰুজনাৰ জন্মভূমি বটদ্ৰৱাৰ বিভিন্ন ৰাজহুৱা স্থানত সম্পন্ন কৰা হয়  নাহৰ পুলি ৰোপন কাৰ্যসূচী। এই অনুায়ী ঐতিহাসিক শ্ৰী শ্ৰী বটদ্ৰৱা থান, দৌল মন্দিৰ, আকাশী গংগা, বটদ্ৰৱা জাতীয় বিদ্যালয়, পুথিভঁড়ালৰ লগতে বটদ্ৰৱাৰ একাধিক ৰাজহুৱা অনুষ্ঠানৰ চৌহদত শতাধিক নাহৰ পুলি ৰোপন কৰা হয়।

লকডাউনৰ মাজতে বহাগৰ বতৰত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ওপজা ভূমি বৃহত্তৰ বটদ্ৰৱা অঞ্চল এনেদৰে নাহৰ ফুলে জাতিষ্কাৰ কৰাৰ সপোনেৰে বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ শিক্ষক গিৰিশ বৰুৱাই হাতত লোৱা এই ব্যতিক্ৰমী প্ৰচেষ্টাক ভিন্ন জনে শলাগ লৈছে।