64
ডিজিটেল ডেস্কঃ মৰ্যাদাপূৰ্ণ দাদা চাহেব ফাল্কে অকাডেমি বঁটাৰে বিভূষিত হ’ল অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰা। একালৰ বিশ্বসুন্দৰীগৰাকীয়ে অৰ্জন কৰিছে এই সন্মান।
অভিনয় প্ৰতিভাৰে বলীউডৰ পিছত হলীউডতো খোপনি পুতিবলৈ সক্ষম হোৱা প্ৰিয়ংকাৰ লগতে অকাডেমি বঁটা লাভ কৰিছে কৌতুকাভিনেতা কপিল শৰ্মাই। শেহতীয়াকৈ সহ-অভিনেতাৰ সৈতে কন্দলত লিপ্ত হৈ টেলিভিছনৰ দৰ্শকৰ সমাদৰ হেৰুওৱাৰ সময়ত তেওঁ লাভ কৰিছে এই স্বীকৃতি।