ডিজিটেল ডেস্কঃ মৰ্যাদাপূৰ্ণ দাদা চাহেব ফাল্কে অকাডেমি বঁটাৰে বিভূষিত হ'ল অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰা। একালৰ বিশ্বসুন্দৰীগৰাকীয়ে অৰ্জন কৰিছে এই সন্মান। 

অভিনয় প্ৰতিভাৰে বলীউডৰ পিছত হলীউডতো খোপনি পুতিবলৈ সক্ষম হোৱা প্ৰিয়ংকাৰ লগতে অকাডেমি বঁটা লাভ কৰিছে কৌতুকাভিনেতা কপিল শৰ্মাই। শেহতীয়াকৈ সহ-অভিনেতাৰ সৈতে কন্দলত লিপ্ত হৈ টেলিভিছনৰ দৰ্শকৰ সমাদৰ হেৰুওৱাৰ সময়ত তেওঁ লাভ কৰিছে এই স্বীকৃতি। 

কিছুদিন পূৰ্বে অসমৰ পৰ্যটন খণ্ডৰ ব্ৰেণ্ড এম্বেছাডৰৰ দায়িত্ব গ্ৰহণ কৰা ৰূপহী অভিনেত্ৰী প্ৰিয়ংকাই সমাদৰ লাভ কৰিছে সাত সাগৰ তেৰ নদীৰ সিপাৰেও। সম্প্ৰতি বিদেশী দৰ্শকে উচ্চ প্ৰশংসা কৰিছে তেওঁৰ অভিনয় প্ৰতিভাক। 

হলীউদৰ সুখ্যাত পৰিচালকৰ ছবিত অভিনয় কৰা প্ৰিয়ংকা কিছুদিনৰ পিছতে অসমলৈ আহিব। পৰ্যটনৰ জনপ্ৰিয়তাৰ বাবে প্ৰচাৰিত হবলগীয়া বিজ্ঞাপনৰ দৃশ্যগ্ৰহণৰ বাবে তেওঁ ভ্ৰমণসূচী থিৰাং কৰিছে।