গুৱাহাটীঃ সমগ্ৰ বিশ্বতে জ্যেষ্ঠজন বা বৃদ্ধ লোকৰ ওপৰত চলা উৎপীড়ন, নিৰ্যাতন আদিৰ দৰে ঘটনা প্ৰায়েই সংঘটিত হোৱা দেখা যায়। এই ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰতি বছৰে ১৬ জুনৰ দিনটোত বিশ্ববাসীয়ে জ্যেষ্ঠজনক কৰা উৎপীড়নৰ বিৰুদ্ধে সজাগতা দিৱস উদযাপন কৰি আহিছে।
উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি কাহিলিপাৰাস্থিত চেনেহ বৃদ্ধাবাসত আৰু ১৫ জুনত গুৱাহাটীৰ মঠঘৰীয়াস্থিত মনালিছা ছ’চাইটিৰ মাতৃ নিবাসত এখনি সজাগতামূলক সভা অনুষ্ঠিত কৰা হয় কামৰূপ মহানগৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব লীনা দলেৰ তত্ত্বাৱধানত আৰু স্বেচ্ছাসেৱী সংগঠন নিলয়ৰ সহযোগত।