নামতিঃ শিৱসাগৰ জিলাৰ বৃহত্তৰ নামতি অঞ্চলৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত “অন্ধবিশ্বাস আৰু স্বাস্থ্য সজাগতা” শীর্ষক এখন আলোচনা চক্রৰ আয়োজন কৰিছে।
অহা ২৮ অক্টোবৰত মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত, নামতি আঞ্চলিক বিজ্ঞান সমিতি আৰু ইলোৰা বিজ্ঞান মঞ্চৰ সহযোগত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্রত আলোচক হিচাপে উপস্থিত থাকিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডা০ জয়দেৱ শর্মা আৰু ইলোৰা বিজ্ঞান মঞ্চৰ ৰাজ্যিক সদস্য ইচফাকুৰ ৰহমান।