অনলাইন প্ৰতিবেদনঃ আয়ুস্মান ভাৰত আঁচনিৰ হিতাধিকাৰীৰ সংখ্যাই ১ কোটি অতিক্ৰম কৰিছে। বুধবাৰে পুৱাই টুইটাৰ একাউণ্টযোগে এই দাবী কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে সকলোৱে আঁচনিখনৰ লগতে মোদী চৰকাৰক এই বৃহৎ সাফল্যৰ বাবে অভিনন্দন জনাবলৈ আৰম্ভ কৰে। অভিনেতা অমিতাভ বচ্চন, অজয় দেৱগণৰ পৰা আৰম্ভ কৰি বিজেপিৰ সৰু-বৰ সকলো নেতাই সেয়া ৰিটুইট কৰে।
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও প্ৰধানমন্ত্ৰী মোদীৰ উক্ত টুইট ৰি-টুইট কৰি এনে সফলতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এনেদৰে বুধবাৰৰ দিনটোত লক্ষ লক্ষ লোকে দাবী কৰে যে কেৱল ভাৰতেই নহয়, ১ কোটি হিতাধিকাৰী থকা আয়ুস্মান ভাৰত আঁচনি বিশ্বৰ ভিতৰতে এক বৃহৎ স্বাস্থ্য বীমা আঁচনি।