বিশেষ প্ৰতিবেদনঃ দেশত এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰে পুৱাৰ ভাগত স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা মেডিকেল বুলেটিনত প্ৰকাশ পোৱা মতে এই সংখ্যা হৈছে ১ লাখ ১৮ হাজাৰ। এই সময়ছোৱাত ৰোগবিধত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৩৫৮৩ জন। চৰকাৰৰ মতে, আক্ৰান্তসকলৰ ৪৮,৫৩৪ জন ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে।

মেডিকেল বুলেটিনত আৰু জনোৱা মতে যোৱা ২৪ ঘণ্টাত কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে ৬,০৮৮ জন লোক। একেদৰে মৃত্যু হৈছে ১৪৮ জনৰ। কিন্তু যদিহে এজন সাংবাদিকে জানিব বিচাৰে যে যোৱা ২৪ ঘণ্টাত মৃত্যু হোৱাসকলৰ কিমানজন ডায়েবেটিছ বা আন ৰোগত আক্ৰান্ত আছিল, বা কিমানজন ৰোগীৰ বাবে ভেণ্টিলেটৰ ব্যৱহাৰ কৰা হৈছে তেন্তে সেয়া এতিয়া আৰু সম্ভৱ নহয়। কিয়নো লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰায় প্ৰতিদিনে বিয়লিৰ ভাগত সংবাদমেল অনুষ্ঠিত কৰাতো বন্ধ কৰি দিছে।

যিসময়ত জনসাধাৰণে সংবাদ মাধ্যমৰ জৰিয়তে কৰ’না ৰোগক লৈ বিভিন্ন তথ্য জানিবলৈ উৎসুক হৈ আছে সেই সময়তে এনেদৰে স্বাস্থ্য বিভাগৰ চৰকাৰী সংবাদ মেল বন্ধ কৰি দিয়া বিষয়টোৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে জড়িত সাংবাদিকসকলৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। দুমাহৰ পিছত লকডাউন খুলিবলৈ লোৱা সময়ত একাধিক প্ৰশ্নৰ উত্তৰ দিবলগীয়া হোৱাৰ আশংকা কৰিয়েই চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও কেবাজনো সাংবাদিকে ছ’চিয়েল মিডিয়াযোগে মন্তব্য প্ৰকাশ কৰিছে।

চৰকাৰে কমকৈ শুনে, বেছিকৈ প্ৰচাৰ কৰে

ৰাষ্ট্ৰপতিয়েই হওক বা প্ৰধানমন্ত্ৰী, বিশ্বৰ অধিকাংশ দেশৰ চৰকাৰৰ মূৰব্বীসকলে কৰ’না ভাইৰাছক লৈ প্ৰয়োজনীয় তথ্য জনসাধাৰণক জনাবলৈ সংবাদমেলত সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হৈ আহিছে। ইটালী, ইংলেণ্ড, আমেৰিকা, স্পেইন, নিউজিলেণ্ড, ফ্ৰান্স, জাৰ্মানী, কানাডা, দক্ষিণ কোৰিয়া, বাংলাদেশ আদি সকলো দেশৰে চৰকাৰৰ মূৰব্বীসকলে কৰ’নাকালত নিয়মীয়াকৈ সংবাদমেলৰ আয়োজন কৰি অহা পৰিলক্ষিত হৈছে। 

কিন্তু এই দেশসমূহৰ সম্পূৰ্ণ বিপৰীত দৃশ্য দেখা গৈছে বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্ৰিক দেশ হিচাপে পৰিচিত ভাৰতত। যোৱা দুমাহত ভাৰতৰ প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ কোনো এগৰাকীয়েই এখনো সংবাদমেলৰ আয়োজন কৰা নাই। মাজতে স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে দুই-এখন সংবাদমেলত আওপকীয়াকৈ ভাগ লৈছে যদিও নিজাববীয়াকৈ সংবাদমেলৰ আয়োজন নাই কৰা বুলিব পাৰি।



দেশৰ চৰকাৰ মূৰব্বীৰ দায়িত্বত থকাসকলৰ অনুপস্থিতিত স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লাভ আগৰৱালেই ৫০ বাৰতকৈয়ো অধিক বাৰ একেৰাহে সংবাদমেলত ভাগ লৈ আহিছে। কিন্তু ১১ মে’ৰ পিছত সেয়াও অনিয়মীয়া হৈ পৰে। যুটীয়া সচিব লাভ আগৰৱালেই অন্তিমবাৰৰ বাবে সংবাদমেল সম্বোধন কৰিছিল যোৱা বুধবাৰে। 

উক্ত সংবাদমেলত কৰ’না বিষয়ক আলোচনাৰ বাবে সাংবাদিকসকলক মাত্ৰ ১৫ মিনিটৰ সময়হে দিয়া হয়। মাত্ৰ ১৫ মিনিট সময় দিয়াত খৰ্গহস্ত হৈ পৰা একাংশ সাংবাদিকে ছ’চিয়েল মিডিয়াযোগে যদি প্ৰশ্ন শুনিবলৈ বা প্ৰশ্নৰ উত্তৰ দিবলৈ সময় নাই তেন্তে কেবল নিজৰ কথা শুনাবলৈ সাংবাদিকক সংবাদমেললৈ নামাতিলেই হ’ল বুলিও ক্ষোভ প্ৰকাশ কৰিছে।

এনেদৰে এতিয়া সংবাদমেলৰ পৰিৱৰ্তে কৰ’না ভাইৰাছৰ সৈতে জড়িত চৰকাৰী তথ্যসমূহ স্বাস্থ্য বিভাগৰ ৱেবছাইট আৰু টুইটাৰৰ পৰাহে সংগ্ৰহ কৰিবলৈ বাধ্য হৈ পৰিছে সাংবাদিকসকল। ফলত সাংবাদিকসকলৰ একাংশই কৈছে যে চৰকাৰে দেশবাসীৰ অভাৱ-অভিযোগৰ কথা শুনাৰ পৰিৱৰ্তে নিজৰ কথা প্ৰচাৰ কৰাতহে বেছি গুৰুত্ব আৰোপ কৰে।

সংবাদমেলক লৈ বিতৰ্ক

যুটীয়া সচিব লাভ আগৰৱালৰ নেতৃত্বত অনুষ্ঠিত হোৱা সংবাদমেললৈ বছা বছা কিছুমান সাংবাদিককহে আমন্ত্ৰণ জনোৱা হৈছিল বুলিও অভিযোগ উত্থাপিত হৈছে। কেবাজনো সাংবাদিকে ছ’চিয়েল মিডিয়াত এই কথা মুকলিকৈ পোষ্টো কৰিছে। একাংশ সাংবাদিকে সংবাদমেলত প্ৰশ্ন সুধিবলৈ সুযোগ নিদিয়াক লৈও আপত্তি দৰ্শাইছে।

কিছুদিন পিছতে সংবাদমেলৰ পৰা নাইকিয়া হৈ পৰে আইচিএমআৰৰ বিজ্ঞানীসকল। লাভ আগৰৱালৰ সংবাদমেলত প্ৰথমবাৰৰ বাবে আইচিএমআৰৰ বিজ্ঞানী অনুপস্থিত থাকে ২৪ এপ্ৰিলত। ইয়াৰ পৰৱৰ্তী সময়ত আইচিএমআৰৰ বিজ্ঞানীৰ উপস্থিতি সংবাদমেলৰ পৰা একেবাৰে নোহোৱা হৈ পৰে। হঠাৎ এনেদৰে কি কাৰণত সংবাদমেলত আইচিএমআৰৰ বিশেষজ্ঞৰ উপস্থিতি বন্ধ হৈ পৰিলে সেয়া একপ্ৰকাৰ ৰহস্য সদৃশ্য বুলি মন্তব্য কৰিছে কেবাজনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সাংবাদিকে।

কৰ’না ভাইৰাছক লৈ সংকটত চৰকাৰ

'লাইভ মিণ্ট’ত প্ৰকাশিত বাতৰি অনুযায়ী ২৩ এপ্ৰিলত আইচিএমআৰ মহানিৰ্দেশক বলৰাম ভাৰ্গৱে দেশত কৰ’নাৰ সংক্ৰমণৰ গতি ক্ৰমাৎ স্থবিৰ হৈ পৰিছে বুলি মন্তব্য কৰে। কিন্তু ইয়াৰ এমাহ পিছতো সংক্ৰমণৰ সংখ্যা ক্ৰমাৎ বাঢ়ি গৈয়েই থাকে। আনকি লাহে লাহে এদিনতে সংক্ৰমণৰ সংখ্যা ৬০০০ৰ অধিক হ’বলৈকো আৰম্ভ কৰে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ ৱেবছাইটত উপলব্ধ তথ্যলৈ চালে দেখা যায় যে ১৫ মে’ৰ পিছত কৰ’নাৰ সংক্ৰমণৰ সংখ্যা পূৰ্বৰ প্ৰতিদিনৰ ৩ হাজাৰৰ পৰিৱৰ্তে ৬ হাজাৰৰ ওচৰা-ওচৰি হৈ পৰিছে। অৱশ্যে ইয়াৰ কাৰণ হিচাপে টেষ্টিং বৃদ্ধি পোৱাৰ কথাও কোৱা হৈছে।

নিয়মীয়া সংবাদমেলৰ প্ৰয়োজনীয়তা কিয় আছে?

যোৱা বুধবাৰে কেবাদিনৰো অন্তত সংবাদমেলত অংশগ্ৰহণ কৰে স্বাস্থ্য মন্ত্ৰণালয়ৰ উচ্চ পদস্থ বিষয়াসকলে। কিন্তু এই সংবাদমেলত আইচিএমআৰৰ সংক্ৰামক ৰোগ বিভাগৰ বিশেষজ্ঞ ডাঃ ৰমন গংগাখেদকাৰ উপস্থিত নাছিল। কৰ’নাৰ মহামাৰী সম্পৰ্কে আয়োজিত সংবাদমেলত বিশেষজ্ঞৰ অনুপস্থিতিক আশ্চৰ্যজনক আখ্যা দিছে বিগত ৩টা দশক ধৰি বিজ্ঞান আৰু স্বাস্থ্য বিষয়ক বাতৰিৰ সৈতে জড়িত জ্যেষ্ঠ সাংবাদিক পল্লৱ বাগলাই। 

'স্বাস্থ্য মন্ত্ৰণালয়ৰ সংবাদমেলত সংক্ৰামক ৰোগ বিভাগৰ বিশেষজ্ঞ ডাঃ গংগাখেদকাৰ উপস্থিত আছিল। এনে সংবাদমেলত বিশেষজ্ঞ উপস্থিত থাকিবই লাগে। কিন্তু সেয়াও এতিয়া নাইকিয়া হৈ পৰিছে। বুধবাৰৰ সংবাদমেলত যিসকল উপস্থিত আছিল তেওঁলোকে বহুত কষ্টৰে ২৪-২৫টা শব্দ কৈছে। মোৰ বোধেৰে এনেধৰণৰ মহামাৰী ৰোধ কৰিবলৈ হ’লে জনতাক প্ৰকৃত তথ্য জনাবই লাগিব।’-এইদৰে কয় সাংবাদিক পল্লৱে।

তেওঁ আৰু কয়, 'যদিহে জনতাৰ মাজত ভয়ৰ ভাৱ কম কৰাৰ লক্ষ্যৰে সংবাদমেলৰ আয়োজন বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে তেন্তে সেয়া মানি ল’ব পাৰি। কিন্তু দিনে দিনে কৰ’না ৰোগীৰ সংখ্যা অধিকভাৱে বাঢ়িবলৈ লোৱা বাবে অধিক তথ্য জনোৱাৰ পৰা বিৰত থকাক উদ্দেশ্য লৈহে যদি সংবাদমেল বন্ধ কৰা হৈছে তেন্তে এয়া দেশৰ বাবে চিন্তাৰ কাৰণ।’

অসমত স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে নিয়মীয়া সংবাদমেল বন্ধ কৰি দিলেও অসমত বৰ্তমানো স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি আহিছে। অৱশ্যে স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেলত স্বাস্থ্য বিশেষজ্ঞ বা মহামাৰী বিশেষজ্ঞৰ উপস্থিতি প্ৰায় শূন্য বুলিব পাৰি। 

কৰ’না বিষয়ক স্বাস্থ্যমন্ত্ৰী হিমন্তৰ প্ৰায় প্ৰতিখন সংবাদমেলত সাংবাদিকে সোধা সকলো প্ৰশ্নৰ উত্তৰ তেঁও নিজেই দি আহিছে। বিত্ত বিভাগৰো দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে কৰ’না বিষয়ক প্ৰথমখন সংবাদমেলৰ আয়োজন কৰিছিল যোৱা ১৬ মাৰ্চত। ৬ মাৰ্চত বাজেট উত্থাপন কৰাৰ পিছত ১২ মাৰ্চত বাজেটক লৈ হোৱা আলোচনাৰ বিধানসভাত উত্তৰ দিছিল মন্ত্ৰী হিমন্তই।

ইয়াৰ পিছতে দেশত কৰ’নাৰ সংক্ৰমণৰ খবৰ এটা-দুটাকৈ আহিবলৈ লোৱাত অসমতো বিষয়টোৱে গুৰুত্ব লাভ কৰিছিল। তালৈ চাই ১৬ মাৰ্চত ৰাজ্যবাসীক আশ্বস্ত কৰিবলৈ কৰ’না বিষয়ক লৈ সংবাদমেলৰ আয়োজন কৰি চেম্পল টেষ্ট কৰিবলৈ স্বাস্থ্য বিভাগে কি ব্যৱস্থা হাতত লৈছে সেয়া জনাইছিল। 

১৬ মাৰ্চৰ পিছত এতিয়ালৈকে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আয়োজন কৰা সংবাদমেলৰ সংখ্যা হৈছে ২২ খন। যোৱা বৃহস্পতিবাৰৰ অন্তিমখন সংবাদমেলতো সাংবাদিকৰ সকলো প্ৰশ্নৰ উত্তৰ এগৰাকী বিশেষজ্ঞৰ দৰেকৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজেই দিয়া দেখা গৈছে। এই সন্দৰ্ভত সমস্যাত পৰাৰ আশংকাত নাম প্ৰকাশ নকৰাৰ চৰ্তত এগৰাকী জ্যেষ্ঠ সাংবাদিকে কয় যে উক্ত সংবাদমেলত মন্ত্ৰীগৰাকীৰ লগতে এগৰাকী স্বাস্থ্য বিশেষজ্ঞ থকা হ’লে অধিক ভাল হ’লহেতেন।

'স্বাস্থ্যমন্ত্ৰী হিমন্ত এগৰাকী অতি দক্ষ মন্ত্ৰী। প্ৰায় ২০ বছৰ ধৰি স্বাস্থ্য বিভাগৰ দায়িত্বত তেওঁ আছে। সেইদিশৰ পৰা তেওঁ যথেষ্ট অভিজ্ঞ। কিন্তু কিছুমান কথা এগৰাকী স্বাস্থ্য বিশেষজ্ঞই বা মহামাৰী বিশেষজ্ঞই বেছি ভালকৈ বুজাই দিব পাৰিলেহেতেন বুলি আমি ভাবো। অসমৰ স্বাস্থ্য বিভাগত এনে বিশেষজ্ঞ নথকা নহয়। কিন্তু মন্ত্ৰীগৰাকীয়ে সকলোৰে উত্তৰ নিজেই দি আহিছে। আমি সাংবাদিকসকলেও দুই-এটা তথ্যগত কথা সুধিয়েই সামৰি থৈছো।’-এইদৰে কয় ৰাজ্যখনৰ আগশাৰীৰ এখন কাকতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে।