হায়দৰাবাদঃ তেলেংগানাৰ ৱাৰেংগাল ৰুৰেল জিলাৰ গৰেকুণ্টা গাঁৱত থকা এটা কুৱাৰ পৰা উদ্ধাৰ হৈছে এটা প্ৰবাসী শ্ৰমিক পৰিয়ালৰ ৬ জন সদস্যসহ মুঠ ৯ জনকৈ লোকৰ মৃতদেহ। বাকী ৩ জনৰ এজন হৈছে ত্ৰিপুৰাৰ আৰু দুজন বিহাৰৰ। উদ্ধাৰ হোৱা ৯ টা মৃতদেহৰ ভিতৰত এটি তিনি বছৰীয়া শিশুৰো মৃতদেহ আছে।

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে কুৱাটোৰ পৰা ৪ টা মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিছত শুকুৰবাৰে পুনৰ আন ৫ টা মৃতদেহৰ সম্ভেদ পাই পাম্পৰ সহায়ত পানী সিঁচি সেয়া উদ্ধাৰ কৰে আৰক্ষীয়ে। উদ্ধাৰ হোৱা মৃতদেহকেইটাৰ শৰীৰত কোনো আঘাতৰ চিন দেখা পোৱা হোৱা নাই বুলি জনাইছে অনুসন্ধানকাৰী আৰক্ষীয়ে।

মৃতদেহ উদ্ধাৰ হোৱা লোককেইজন হৈছে, মাছুদ আলম (৪৮), মাছুদৰ পত্নী নিশা আলম (৪৫), তেওঁলোকৰ পুত্ৰ শ্বাহবাজ আলম (২১), ছোহেইল আলম (২২), কন্যা বুছৰা আলম, বুছৰাৰ তিনিবছৰীয়া পুত্ৰ সন্তান, শ্ৰীৰাম (৩৫), শ্যাম (৪০) আৰু চাকিল (৪০)। মাছুদৰ পৰিয়ালটোৱে ৱাৰেংগাল নগৰৰ কৰিমবাদত ভাৰাঘৰত বাস কৰিছিল যদিও লকডাউনৰ বাবে গৰেকুণ্টাৰ এখন কৃষিপামতে আৱদ্ধ হৈ পৰে। এই পামতেই আগৰে পৰা বাস কৰিছিল শ্ৰীৰাম আৰু শ্যামে।  

ঘটনা সন্দৰ্ভত সন্দেহজনক হত্যাৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে এয়া হত্যাকাণ্ড নে আত্মহত্যা সেয়া নিশ্চিত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক অনুসন্ধানত নিহত ৯ জনৰ ৭ জন এটা বেগ চিলোৱা কোম্পানীত কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে। ওচৰ-চুুবুৰীয়াসকলে জনোৱা মতে মৃত্যুৰ আগমুহূৰ্তত আটাইকেইজনে মাছুদৰ ৩ বছৰীয়া নাতিৰ জন্মদিন উপলক্ষে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰিছিল।

তেলেংগানাৰ পঞ্চায়তী ৰাজ বিভাগৰ মন্ত্ৰী ইৰাবেল্লি দয়াকৰ ৰাওৱে মৃতদেহকেইটা ৰখা হোৱা হাস্পতালত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ  লগতে শীঘ্ৰে ইয়াৰ আঁৰৰ কাৰণ পোহৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে। আৰক্ষীয়ে বৰ্তমান ঘটনাটো আত্মহত্যা বুলি অনুমান কৰিছে যদিও একেলগে ইমান কেইজনলোক কেনেকৈ আত্মহত্যা সংঘটিত কৰিলে সেই লৈ ৰহস্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, পৰিয়ালটোৰ মূৰব্বীগৰাকী হৈছে ৪৮ বছৰীয়া মাছুদ। ২০ বছৰ আগতে মাছুদে পশ্চিমবংগৰ পৰা আহি তেলেংগানাৰ ৱাৰেংগাল ৰুৰেল জিলাত থিতাপি লয়। লকডাউনৰ বাবে চহৰত থকা ভাৰাঘৰলৈ যাব নোৱাৰি কুৱাটোৰ পাৰত থকা এটা দুটা কোঠালিযুক্ত ঘৰত পৰিয়ালসহ তেওঁ বাস কৰিছিল বুলি জনাইছে তেলেংগানা আৰক্ষীয়ে।

ইফালে, এই ঘটনাৰ পিছতে একাংশ লোকে শ্ৰমিক পৰিয়ালটোৱে লকডাউনৰ ফলত বাধ্যত পৰি এনেদৰে  কুৱাত জপিয়াই আত্মহত্যা সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে ঘটনাটোৰ সৈতে লকডাউনৰ ফলত সমগ্ৰ দেশতে হোৱা শ্ৰমিকসকলৰ দুৰৱস্থাৰ সৈতে কোনো সম্পৰ্ক আছে নে আন পাৰিবাৰিক কাৰণতহে এয়া সংঘটিত হবলৈ পালে সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই।