খেৰণিঃ কৰ'নাতংকৰ মাজতে বনৰীয়া হাতীৰ উপদ্ৰৱে ত্ৰাহি মধুসূধন সোঁৱৰাইছে পশ্চিম কাৰ্বি আংলংবাসীক। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তর্গত মাটিখোলা গাঁৱত তথা খেৰণি ডনবস্ক স্কুলৰ সমীপত বনৰীয়া হাতীয়ে নিশা প্ৰৱেশ কৰাত শংকিত হৈ পৰিছে অঞ্চলটোৰ লোকসকল।

নিশা অকলশৰীয়াকৈ অহা এটা বনৰীয়া হাতীয়ে উক্ত গাওঁখনৰ তিনিটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। লগতে ৰান্ধনিঘৰৰ খাদ্য সামগ্ৰী, ভঁৰালৰ ধান আদি খোৱাৰ উপৰি বাৰীৰ তামোল-নাৰিকল গছ আদিও ভাঙি বিনষ্ট কৰে।

অৱশ্যে এই ঘটনাৰ পাছতেই হাতী খেদিবলৈ একত্ৰিত হোৱা গাওঁবাসীয়ে হাতীটোক বনাঞ্চললৈ খেদি পঠিয়াই। কৰ'না মহামাৰীৰ সমান্তৰালকৈ অঞ্চলটোৰ ৰাইজ এইবাৰ বনৰীয়া হাতীক লৈও আতংকিত হ'বলগাত পৰিছে।