ভূপালঃ কৰ’না ভাইৰাছে সৃষ্টি কৰা সংকটৰ সময়তে এইবাৰ আন এক সমস্যাত পৰিছে মধ্যপ্ৰদেশৰ মগু খেতিয়কসকল। দেশৰ খাদ্য সুৰক্ষালৈ ভাবুকি কঢ়িয়াই আনি কৰ’না মহামাৰীৰ মাজতে ৰাজ্যখনৰ হাজাৰ হাজাৰ হেক্টৰ মাটিত কৰা মগু খেতিৰ ওপৰত জপিয়াই পৰিছে ফৰিং। 

ৰাজ্যখনৰ কৃষি বিভাগে জনোৱা মতে যোৱা ২৭ বছৰৰ মূৰত এনেদৰে ফৰিঙৰ আক্ৰমণৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। জানিব পৰা মতে জাক জাক ফৰিং মালৱা নিমাড় হৈ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিধানসভা সমষ্টিৰ কৃষি পথাৰসমূহতো ভৰি পৰিছে। ৰেহটি অঞ্চলত ফৰিঙৰ জাকৰ আক্ৰমণ ইমানেই ভয়াৱহ হৈ পৰিছে যে কৃষকসকলে মূৰে-কপালে হাত দি সময় পাৰ কৰিছে। 

ঠায়ে ঠায়ে খেতিয়কসকলে ঢোল, কাহী-বাটি-টিং, ফটকা আদি বজাই ফৰিং খেদিবলৈ চেষ্টা কৰাৰ লগতে কীটনাশক স্প্ৰে কৰাৰ বাতৰিও দেখা গৈছে স্থানীয় সংবাদ মাধ্যমত। ফৰিঙৰ আক্ৰমণত অধিক ক্ষতিৰ সন্মুখীন হৈছে পটত্তলাই, ঝোলিয়াপুৰ, নৰেলা, কোঠৰা, ছকলদি আদি অঞ্চলৰ খেতিয়কসকল।

কৃষি বিশেষজ্ঞসকলে জনোৱা মতে, যদিহে সময় থাকোতেই ফৰিঙৰ জাকৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা নাযায় তেন্তে মধ্যপ্ৰদেশৰ মগু খেতিয়কসকলে অতি কমেও ৮০০০ কোটি টকা মূল্যৰ লোকচানৰ সন্মুখীন হ’বলগীয়াত পৰিব। মগুৰ পিছত ফৰিঙৰ জাকে জলকীয়া আৰু কঁপাহৰ খেতিৰো অনিষ্ট সাধন কৰাৰ আশংকা প্ৰকাশ কৰিছে।

কৃষি বিভাগে খেতিয়কসকলক নিজাববীয়াকৈ পাল পাতি নিশাৰ ভাগত বিভিন্ন উপায়েৰে খেতিপথাৰত পহৰাৰ ব্যৱস্থা কৰি ফৰিঙৰ জাকসমূহক খেদিবলৈ আহ্বান জনাইছে। সন্ধিয়া ৭ বজাৰ পৰা নিশা ৯ বজালৈ ফৰিঙৰ জাকসমূহে নিশা কটাবৰ বাবে স্থানৰ সন্ধান কৰালৈ চাই সেই সময়ত ফৰিঙৰ জাকে ক’ত ক’ত আশ্ৰয় লয় সেয়া বিচাৰি উলিয়াবলৈকো মধ্যপ্ৰদেশৰ কৃষি বিভাগে কৃষকসকলক পৰামৰ্শ আগবঢ়াইছে।

ফৰিঙৰ জাক উৰি অহা দেখিলেই খেতিয়কসকলক জোৰেৰে ঢোল, বাদ্য, ডিজে, খালী টিং আদি বজোৱাৰ লগতে ফটকা ফুটাবলৈকো পৰামৰ্শ দিছে কৃষি বিভাগে। একাংশ কৃষকে নিজাববীয়াকৈ নিশাৰ ভাগত ট্ৰেক্টৰৰ চাইলেন্সাৰ খুলি থৈ শব্দ কৰি ফৰিঙৰ জাক খেদিবলৈ চেষ্টা চলোৱা একাধিক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইফালে, কৰ’না ভাইৰাছে সৃষ্টি কৰা আতংকৰ মাজতে এইবাৰ ফৰিঙৰ উপদ্ৰৱৰ সন্মুখীন হৈ একপ্ৰকাৰ ভিগ পৰিছে মধ্যপ্ৰদেশৰ কৃষকসকল। বহু কৃষকে ৰাজ্যৰ কৃষি বিভাগে বিষয়টোক গুৰুত্বসহকাৰে লৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে টিং-কাহী বজাবলৈ দিয়েই দায়িত্ব সামৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে।