![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/0bd70c86-51a2-4369-b94f-f9c1b58dd2d7.jpg?itok=4ktiHS_P)
জিতুমণি দাস, আজাৰাঃ দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বোৱাৰীয়ে মডেলীঙেৰে জগত জীনাৰ সপোন ৰচিছে। মিৰ্জা সমীপৱৰ্তী সৰপাৰাৰ নিবাসী সুভাষ দাসৰ পত্নী জুতীকা দাসে গুৱাহাটীস্থিত মাছখোৱাৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অলপতে গামোচা এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত অনুষ্ঠিত এখন ব্যায়বহুল ফেশ্বন শ্ব'ত জুতীকাই চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে।
দুই সন্তানৰ মাতৃ জুতীকাই কেইবাটাও ৰাউণ্ডত সফলতা অৰ্জন কৰাৰ অন্তত চূড়ান্ত ৰাউণ্ডত মিছেছ ইণ্ডিয়া ইণ্টাৰনেচনেল টুৰিজিম-২০১৯ ৰ মুকুট শিৰত ল’বলৈ সক্ষম হয়। এই খিতাপ অৰ্জনৰ লগে লগে বোৱাৰীগৰাকীয়ে এই বৰ্ষত বেংককত অনুষ্ঠিত হ'বলগীয়া এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছে।
সুন্দৰী জুতীকাৰ এনে সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্র পলাশবাৰীবাসী লগতে দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে জুতীকাক শুভেচ্ছা জ্ঞাপন কৰিছে।