আলিগড়ঃ যোৱা বুধবাৰে উত্তৰপ্ৰদেশ আৰক্ষীয়ে এজনী ৯ বছৰীয়া কনমানী ছোৱালীক যৌন নিৰ্য্যাতন চলোৱাৰ অভিযোগত এগৰাকী মছজিদৰ জোনাবক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে জনোৱা মতে অভিযুক্ত জোনাব গৰাকীয়ে নিৰ্যাতিতা কনমানী ছোৱালীজনীক কোৰাণ পঢ়ুৱাবলৈ ছোৱালীজনীৰ ঘৰলৈ গৈছিল৷ নিৰ্যাতিতা ছোৱালীজনীৰ মাকৰ অভিযোগ অনুসৰি এই জোনাব গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷
আলিগড়ৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক আকাশ কোঠাৰীয়ে জনোৱা মতে আৰক্ষীয়ে জনসাধাৰনৰ লগত মত-বিনিময় কৰি থকাৰ সময়তে এগৰাকী মহিলাই আলিগড় মুছলিম ইউনিভাৰ্ছিটিৰ(Aligarh Muslim University) চৌহদৰ ভিতৰত থকা মছজিদতোৰ জোনাব মহম্মদ আহমেদে তেওঁৰ ৯ বছৰীয়া ছোৱালীজনীক কোৰাণ পঢ়ুৱাবলৈ যোৱা সময়ত যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ কৰিছিল৷